ৰবিজিতা গগৈৰ নাট্য প্ৰশিক্ষণৰ প্ৰতিষ্ঠান ‘ষ্টুডিঅ’ জিৰছং’ মুকলি

ৰবিজিতা গগৈৰ নাট্য প্ৰশিক্ষণৰ প্ৰতিষ্ঠান ‘ষ্টুডিঅ’ জিৰছং’ মুকলি

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ মাজ মজিয়াত বুধবাৰৰ পৰা আৰম্ভ কৰা হৈছে 'ষ্টুডিঅ' জিৰছং' নামেৰে এটা নাট্য প্ৰশিক্ষণ প্ৰতিষ্ঠান। জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড০ মামনি ৰয়চম গোস্বামীৰ ওপজা দিনটোতে এই নাট্য প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ শুভাৰম্ভ কৰা হয়।

'ষ্টুডিঅ' জিৰছং'ৰ জৰিয়তে অভিনয় কলাৰ লগতে নাটকৰ দৃশ্যসজ্জা, সাজসজ্জা, প্ৰকাশৰ ব্যৱস্থা আৰু অভিনয়ৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হ'ব। মহানগৰীৰ দিঘলী পুখুৰীৰ পূৱ পাৰত থকা সত্য বৰা পথৰ ১৫নং গৃহত আৰম্ভ কৰা এই নাট্য প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰসিদ্ধ নাট পৰিচালিকা, অভিনেত্ৰী ৰবিজিতা গগৈয়ে।

উল্লেখ যোগ্য যে, ৰবিজিতা গগৈয়ে ১৯৯৯ চনৰ পৰাই অসম তথা উত্তৰ-পূৱ ভাৰতত এক পৃথক নাট্য আন্দোলন গঢ়ি তুলিছে। জিৰছং থিয়েটাৰৰ জৰিয়তে কাৰ্বি, বড়ো, অসমীয়া, হিন্দী আদি ভাষাত নাটক মঞ্চস্থ কৰি আহিছে ৰবিজিতা গগৈয়ে। তেওঁৰে নেতৃত্বত এই নাট্য প্ৰতিষ্ঠানটোত প্ৰাপ্তবয়স্ক সকলৰ বাবে চাৰিমহীয়া অভিনয় পাঠ্যক্ৰম আৰু শিশু সকলৰ বাবে ছমহীয়া নাট্য প্ৰশিক্ষণ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব এই পাঠ্যক্ৰম।

উল্লেখ্য যে, অসম তথা উত্তৰ-পূৱত ৰবিজিতা গগৈক নাট পৰিচালিকা বুলি জানিলেও ভাৰতৰ বিভিন্ন নাট্য শিক্ষাৰ কেন্দ্ৰ, বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত তেওঁ নিয়মীয়াকৈ নাটক সম্পৰ্কীয় পাঠ্যক্ৰমৰ পাঠদানো কৰি আহিছে। বলীউডৰ বিশিষ্ট অভিনেতা অনুপম খেৰৰ 'এক্টটৰ্ছ প্ৰিপেয়াৰ্ছ'ত তেওঁ নিয়মীয়াকৈ দুবছৰ অভিনয়ৰ ব্যৱহাৰিক পাঠদান কৰি আহিছিল।

বুধবাৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চলিচ্ছিত্ৰ পৰিচালক সান্তনা বৰদলৈ, উৰ্মিলা মহন্ত, বিশিষ্ট আবৃত্তিকাৰ ৰূপম শইকীয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সাৱিত্ৰী গগৈ আদি বিশিষ্ট লোকসকল। অসম ততা উত্তৰ পূৰ্বাঞ্চলৰ উদীয়মান শিল্পীসকলে ৰবিজিতা গগৈৰ ষ্টুডিঅ' জিৰছঙত নাট প্ৰশিক্ষণ লাভ কৰাৰ বাবে ৮৬৩৮৭-০৮৮৪৭ আৰু ৮৮৭৬৪-২৩৫৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in