ষ্টুডিঅ’ জিৰছঙত অভিনয়ৰ বিভিন্ন পাঠ্যক্ৰম

ষ্টুডিঅ’ জিৰছঙত অভিনয়ৰ বিভিন্ন পাঠ্যক্ৰম

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰৰ অগ্ৰণী নাট্য শিল্পী ৰবিজিতা গগৈয়ে ষ্টুডিঅ' জিৰছঙত আৰম্ভ কৰিছে অভিনয়ৰ বিভিন্ন পাঠ্যক্ৰম।  প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ চলিব অভিনয়ৰ চাৰিমহীয়া বিশেষ চাৰ্টিফিকেট পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত থাকিব বাস্তৱবাদী অভিনয়ৰ বিভিন্ন প্ৰক্ৰিয়া, অসমীয়া ভাষাৰ সংলাপ প্ৰক্ষেপণৰ বিভিন্ন কৌশল, শৰীৰ চৰ্চাৰ লগতে নৃত্যৰ বিশেষ এঘন্টা।

তদুপৰি ন-শিকাৰুৰ বাবে প্ৰতি শনি আৰু ৰবিবাৰে তিনিমহীয়া অভিনয়ৰ পাঠ্যক্ৰমৰো ব্যৱস্থা আছে। এই দুয়োটা পাঠ্যক্ৰম দিনৰ ১০ বজাৰ পৰা ১বজালৈ অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও আছে শিশুৰ থকা ছয়মহীয়া পাঠ্যক্ৰমত অসমীয়া কবিতা আবৃত্তি, নৃত্য-গীত, অসমীয়া ভাষাৰ উচ্চাৰণৰ লগতে গৰমৰ বন্ধত শিশুসকলৰ দ্বাৰা এখনি নাটক নিবেদন কৰোৱা হ'ব।

আনহাতে প্ৰশিক্ষণৰ সময়চোৱাত প্ৰশিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰশিক্ষক ৰবিজিতা গগৈৰ তত্ত্বাৱধানত অভিনয়ৰ ন ন কৌশল শিকিব। উল্লেখযোগ্য যে ৰবিজিতা গগৈয়ে ইতিমধ্যে মুম্বাইৰ প্ৰখ্যাত অভিনেতা অনুপম খেৰৰ অভিনয় প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়াৰ উপৰিও হাইদৰবাদ, কেৰালা, লক্ষ্ণৌ আদিকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নাট্যবিদ্যালয়ত প্ৰশিক্ষণ দি আহিছে।

সংগীত নাটক একাডেমীৰ 'বিচমিল্লাহ ‌খাঁ' বঁটাপ্ৰাপক ৰবিজিতা গগৈয়ে এছিয়া মহাদেশৰ জাপান, হংকং, বাংলাদেশ, শ্ৰীলংকা, টাইৱান আদি বিভিন্ন ৰাষ্ট্ৰৰ শিল্পীৰ সৈতেও কাম কৰি আহিছে। সত্যনাথ বৰা পথ, দীঘলীপুখুৰী পাৰ(পূৱ)ত অৱস্থিত ষ্টুডিঅ' জিৰছঙত অভিনয়ৰ বিভিন্ন পাঠ্যক্ৰমত নাম ভৰ্তিকৰণৰ বাবে আগ্ৰহী সকলে ২৫ জানুৱাৰী ভিতৰত কাৰ্যালয়লৈ আহি পুৱা ১১ বজাৰ পৰা ২বজাৰ ভিতৰত নাম ভৰ্তি কৰিব পাৰিব আৰু ২৬ জানুৱাৰীৰ পৰা পাঠ্যক্ৰম সমূহ আৰম্ভ হ'ব। ইফালে ইচ্ছুকসকলে ৮৬৫৮৭০৮৮৪৭, ৯৮৭০২৬৯২০১ নম্বৰত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব বুলি জনাইছে ৰবিজিতা গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in