শ্বহীদ ভগত সিঙক স্মৰণ কৰাৰ বাবেই বহিস্কৃত হ’ল ছাত্ৰী

শ্বহীদ ভগত সিঙক স্মৰণ কৰাৰ বাবেই বহিস্কৃত হ’ল ছাত্ৰী

ডিজিটেল ডেস্কঃ কলেজত শ্বহীদ ভগত সিঙৰ জন্মদিন পালন কৰাৰ বাবেই বহিস্কাৰ কৰা হ'ল এগৰাকী ছাত্ৰীক। এই ঘটনা সংঘটিত হৈছে তামিলনাডুত। তামিলনাডুৰ মালাহিৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ এগৰাকী স্নাতকত্তোৰ পাঠ্যক্ৰমৰ ছাত্ৰীক মহাদিল্যায়ৰ পৰা বহিস্কাৰ কৰা হয়। ছাত্ৰীগৰাকীৰ অপৰাধ এয়াই যে ছাত্ৰগৰাকীয়ে ২৮ চেপ্টেম্বৰত মহাবিদ্যালয়ৰ ভিতৰত সহপাঠিৰ সৈতে লাগ লাগি বীৰ শ্বহীদ ভগত সিঙৰ জন্মদিন পালন কৰিছিল।

ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, দেশ স্বাধীনৰ বাবে নিজক বলিদান দিয়া শ্বহীদ ভগত সিঙক স্মৰণ কৰাৰ অৰ্থে মহাবিদ্যালয়ৰ ভিতৰত শ্বহীদগৰাকীৰ জন্মদিনটো পালন কৰাৰ বাবে অনুমতি বিচৰা হৈছিল। এই সন্দৰ্ভত তেওঁ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পৰা অনুমতি বিচাৰি যোৱাত অধ্যক্ষই ছাত্ৰীগৰাকী আৰু সহপাঠিক বিভাগীয় মুৰব্বীৰ পৰা অনুমতি ল'বলৈ পৰামৰ্শ দিয়ে। কিন্তু বিভাগীয় মুৰব্বীগৰাকী সেই সময়ত ছুটিত থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ শ্ৰেণী শিক্ষকৰ অনুমতি বিচাৰে। কিন্তু শ্ৰেণী শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ আবেদন পোনচাটেই নাকচ কৰাত উপায়বিহীন হৈ ছাত্ৰ-ছাত্ৰীসকলে নিজাববীয়াকৈ ২৮ চেপ্টেম্বৰত শ্বহীদ ভগত সিঙৰ জন্মদিনটো পালন কৰে।

'আমি ২৮ চেপ্তেম্বৰত শ্বহীদগৰীকক স্মৰণ কৰাৰ পিছত মই প্ৰতিদিনে কলেজলৈ গৈ আছো আৰু মোৰ শিক্ষকসকলে মোক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দি আছে। পিছত এই সম্পৰ্কে মই অধ্যক্ষ মহোদয়াক প্ৰশ্ন কৰাত মোক ৯ দিন পূৰ্বে মহাবিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা বুলি জানিবলৈ দিয়ে। মই মোক বহিস্কাৰ কৰাৰ কাৰণ জানিব বিচৰাত তেওঁ মোক জানিবলৈ দিয়ে যে মহাবিদ্যালয়ত শ্বহীদগৰাকীক স্মৰণ কৰাটোৱেই মোৰ অপৰাধ।'- ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰকাশ কৰে।

ইফালে এগৰাকী প্ৰতিভাৱান ছাত্ৰীক কেৱল মহাবিদ্যালয়ত এগৰাকী শ্বহীদক স্মৰণ কৰাৰ অভিযোগত এনেদৰে বহিস্কাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্নজনে এয়া এক অভিসন্ধি আখ্যা দি ছাত্ৰীগৰাকীৰ পক্ষত থিয় হৈ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in