অৰণ্যলৈ যাবলৈ সাজু এতিয়া গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

অৰণ্যলৈ যাবলৈ সাজু এতিয়া গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

ডিজিটেল সংবাদ, গোলাঘাটঃ অৰণ্যলৈ যাবলৈ সাজু এতিয়া গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ শিক্ষাৰ্থী। নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল নকৰিলে হেংদাং হাতত ল'ব ছাত্ৰ সমাজে বুলি সোমবাৰে গোলাঘাট ফৰকাটিঙত পথ অবৰোধ কৰি এই মন্তব্য আগবঢ়ালে ছাত্ৰ-ছাত্ৰীসকলে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকালৈ এই মুকলি হুংকাৰ ফৰকাটিং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সোমবাৰে ৰাজপথ উত্তাল কৰিলে গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

মহাবিদ্যালয়ৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰি ফৰকাটিং তিনিআলিত অৱস্থান কৰি পথ অবৰোধ কৰে শিক্ষাৰ্থীসকলে। আৰু মহাবিদ্যালয়ৰ শিক্ষক সমাজে ও এই আন্দোলন অংশ গ্ৰহণ কৰি বিৰোধিতা কৰে বিধেয়কখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in