নাই নেটৱৰ্কঃ বটদ্ৰৱাৰ ৰাজপথত জনতাৰ প্ৰতিবাদ

নাই নেটৱৰ্কঃ বটদ্ৰৱাৰ ৰাজপথত জনতাৰ প্ৰতিবাদ

নাই নেটৱৰ্কঃ বটদ্ৰৱাৰ ৰাজপথত জনতাৰ প্ৰতিবাদ
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰি, মাজগাঁও, মাজজাজৰি, সৰুহিছা বৰহিছা আদি অঞ্চলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়া শ্ল'গান যেন ফুটুকাৰফেনত পৰিনত হৈছে। সমগ্ৰ ৰাজ্যতে কভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মিনি লক ডাউন চলি থকাৰ উপৰিও বিদ্যালয়ৰ পাঠদান বন্ধ হৈ আছে। যাৰ বাবে শিক্ষক শিক্ষয়িত্রীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন মাধ্যমৰ পাঠদান চলাই আছে।

কিন্তু বটদ্ৰৱা সমষ্টিৰ বহুকেইখন গাৱঁত এতিয়াও কোনো মবাইলৰ নেটৱৰ্ক পোৱা নাযায়। যাৰ বাবে উক্ত গাঁৱৰ ছাত্ৰ ছাত্ৰী সকল অনলাইন পাঠ্যক্রমৰ পৰা বঞ্চিত হৈ আছে। সেয়ে নগাঁও জিলাৰ মাজজাজৰি গাঁৱৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক সকল আজি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। কোনো নেটৱৰ্ক উপলব্ধ নোহোৱাত গাঁওবাসীয়ে ক্ষুদ্ধ হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ ছাত্ৰ- ছাত্ৰীসকলে কেন্দ্ৰীয় দূৰসংযোগ বিভাগৰ মন্ত্ৰী গৰাকীক গাঁওখনৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নেটৱৰ্কৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা ঘোষণা কৰিছে সেই সময়তে এইদৰে মবাইল নেটৱৰ্ক বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই গাঁও সমূহৰ মূল ডিজিটেল সমস্যা কেতিয়া সমাধান হয় সেয়া সময়ত লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in