৮০ শতাংশ পাঠদান অনলাইনত, পৰীক্ষা কিয় অফলাইনত ! প্ৰতিবাদী শিক্ষাৰ্থীক আৰক্ষীৰ লাঠি ছাৰ্জ…

৮০ শতাংশ পাঠদান অনলাইনত, পৰীক্ষা কিয় অফলাইনত ! প্ৰতিবাদী শিক্ষাৰ্থীক আৰক্ষীৰ লাঠি ছাৰ্জ…

ডিজিটেল সংবাদ বেকাজানঃ নাগালেণ্ডৰ ৩০ খনকৈ মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীসকলে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই শুকুৰবাৰে ডিমাপুৰ চহৰ উত্তাল কৰি তোলে । অল নাগালেণ্ড ষ্টুডেণ্ট ইউনিয়নৰ আহবানত প্ৰায় পাঁচ শতাধিক শিক্ষাৰ্থীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ ডিমাপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অফলাইন পৰীক্ষাৰ বাতিলৰ দাবী জনায় ।

কলেজৰ শিক্ষাৰ্থীসকলৰ দাবী যিহেতু বিশ্ববিদ্যালয়ে ৮০% পাঠদান অনলাইনৰ জৰিয়তে হৈছিল গতিকে পৰীক্ষাও অফলাইন পৰিৱৰ্তে অনলাইনত হব লাগে । কিয়নো অফলাইন পৰীক্ষাত বহিবলৈ বেছিভাগ শিক্ষাৰ্থীৰেই প্ৰস্তুতি নাই । অল নাগালেণ্ড ষ্টুডেণ্ট ইউনিয়নে অফলাইন পৰীক্ষাৰ সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছিল যদিও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো ধৰণৰ উত্তৰ নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে ।

ফলত তেওঁলোকে এনেদৰে ডিমাপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জনাবলৈ বাধ্য হৈ পৰিছে । ইফালে নাগালেণ্ড আৰক্ষীয়ে ডিমাপুৰৰ অফাৰ ব্ৰীজৰ সমীপত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা শিক্ষাৰ্থীক ছত্ৰভংগ কৰাবলৈ লাঠি ছাৰ্জ কৰে । আৰক্ষী এনে লাঠি ছাৰ্জ ঘটনাক নগা ষ্টুডেণ্ট ফেডাৰেছনে গৰিহণা দিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in