ফুল ভাল পোৱাৰ বয়সত কাঁইটীয়া খেতিৰে লাখ টকা উপাৰ্জন ছাত্ৰ জিতুলৰ

ফুল ভাল পোৱাৰ বয়সত কাঁইটীয়া খেতিৰে লাখ টকা উপাৰ্জন ছাত্ৰ জিতুলৰ

ডিজিটেল সংবাদ, শালবাৰীঃ ফুল আৰু কাঁইট। এই দুবিধৰ কোনবিধ প্ৰিয় বুলি যুৱকজনক যদি প্ৰশ্ন কৰা হয় তেন্তে তাৰ উত্তৰত তেওঁ ফুল বুলি নকয়। তেওঁ ক'ব, 'ফুল নহয়, কাঁইট মোৰ প্ৰিয়।'

কাঁইট মানেই সংগ্ৰাম। সাফল্যৰ পথ সদায়েই কণ্টকময়। জ্ঞানীয়ে কোৱা এই কথা অনুধাৱন কৰিব পাৰে বাবেই কাঁইটৰ সৈতে সহবাস বৰপেটা জিলাৰ কাটাঝাৰ পথাৰৰ এই যুৱকজনৰ।

কিন্তু কি এই কাঁইট? এই কাঁইট বগৰীৰ। মাত্ৰ ২০ বছৰ বয়সতে তেওঁ গঢ়ি তুলিছে এখন বগৰীৰ বাগিছা। প্ৰায় ১ বিঘা মাটিত কলেজত পঢ়ি থকাৰ মাজতে তেওঁ ৰোপণ কৰিছে ১৮২ জোপাকৈ বগৰী। ইয়াৰে অধিকাংশই থাইলেণ্ডৰ উন্নত প্ৰজাতিৰ বগৰী।

কাঁইটীয়া বগৰীৰ ১৮২ জোপাকৈ গছ আপডাল কৰি সেইমতে ফলো পাইছে কলেজীয়া যুৱকজনে। ২০১৬ চনত প্ৰথমবাৰৰ বাবে বগৰী বিক্ৰী কৰি তেওঁ লাভ কৰে প্ৰায় ৯০ হাজাৰ। দ্বিতীয় বছৰত লাভৰ পৰিমাণ ১ লাখ ২০ হাজাৰ টকালৈ বৃদ্ধি পায়।

এইবাৰ তেওঁ ১.৫০ লাখ টকাৰ বগৰী বিক্ৰী কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰিছে। ইয়াৰ বাবে বিজ্ঞানসন্মতভাৱে যিমানখিনি আপডালৰ প্ৰয়োজন হয় সেই সকলোখিনি কৰি গৈছে তেওঁ।

ফুল ভাল পোৱাৰ বয়সত কাঁইটীয়া বগৰীৰ বাগিছা স্থাপন কৰি নজিৰ গঢ়িবলৈ সমৰ্থ হোৱা এই যুৱকজনৰ নাম জিতুল হুছেইন ওৰফে ৰাজা।  কাঁইটীয়া খেতিৰে লক্ষাধিক টকা উপাৰ্জন কৰা জিতুল মাজগাও নৱশক্তি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্র।

যি সময়ত শিক্ষিত যুৱকসকলে চাকৰিৰ পিছে পিছে ঘূৰি চাকৰি নাপায় সময়ত গৈ হতাশগ্ৰস্ততাৰ চিকাৰ হয়, সেই সময়তে বগৰীৰ বাগিছাৰে ছাত্ৰাৱস্থাতে স্ব-নিৰ্ভৰশীল হৈ নতুন নজিৰ স্থাপন কৰিছে কাঁইট ভাল পোৱা কাটাঝাৰ ব্যতিক্ৰমী জিতুলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in