বিজনীৰ দুলানী নৈত ছাত্ৰৰ সলিল সমাধি…

বিজনীৰ দুলানী নৈত ছাত্ৰৰ সলিল সমাধি…

ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ বিজনীৰ শিয়ালমাৰীত বৃহস্পতিবাৰে এক শোকাবহ ঘটনা সংঘটিত হয় । সমনীয়াৰ সৈতে দুলানী নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন ছাত্ৰৰ । নিহত ছাত্ৰজনক বঙাইগাঁও জিলাৰ গোসাঁইগাঁৱৰ নিৱাসী অটোচালক জয়ন্ত দাসৰ পুত্ৰ মুনীন্দ্ৰ দাস (১৩) বুলি চিনাক্ত কৰা হৈছে ।

মৃত মুনীন্দ্ৰ দাস দক্ষিণ বিজনী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল । বিদ্যালয়ত পৰীক্ষা দি উভতি অহাৰ সময়তে সমনীয়াৰ সৈতে দুলানী নৈত গা-ধুই থাকোঁতে পানীত ডুবি যায় ছাত্ৰজন । পিছত স্থানীয় নৈপৰীয়া লোকে নৈৰ বুকুৰ পৰা ছাত্ৰজনক মৃত অবস্থাত উদ্ধাৰ কৰে । ঘটনাস্থলীত বিজনীৰ আৰক্ষী উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in