দেশৰ বিভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ! নিহত ৪০জনৰো অধিক, আহত অৰ্ধশতাধিক

দেশৰ বিভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ! নিহত ৪০জনৰো অধিক, আহত অৰ্ধশতাধিক

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত ধুমুহাই চলায় তাণ্ডৱ। মধ্যপ্ৰদেশ, ৰাজস্থান, মণিপুৰ, অৰুণাচল, অসম, মেঘালয়, পশ্চিমবংগৰ কিছু অংশকে ধৰি বহু ৰাজ্যত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে। লগতে বৰ্তমানলৈ সমগ্ৰ দেশজুৰি ধুমুহা-শিলাবৃষ্টিৰ ফলত প্ৰায় ৪০জনকৈ লোক নিহত হোৱাৰ লগতে প্ৰায় অৰ্ধশতাধিক লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।

ইফালে, বহু পৰিয়াল আশ্ৰয়হীনো হৈ পৰিছে ধুমুহাৰ ফলত। মধ্যপ্ৰদেশত বিগত দুটা দিনত ধুমুহা-বৃষ্টিপাতত নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাজস্থানত নিশা মৃত্যু ঘটে ৬জনৰ।

আনহাতে, গুজৰাটৰ ১০জনৰ লগতে মেঘালয় আৰু মণিপুৰত বিগত কিছু দিনত ধুমুহাৰ শিলাবৃষ্টিৰ ফলত মৃত্যু ঘটিছে ৭জনৰো অধিক লোকৰ। ইফালে, প্ৰধানমন্ত্ৰীয়ে বুধবাৰে ধুমুহাৰ ফলত সমগ্ৰ দেশজুৰি মৃত্যু ঘটা প্ৰতিটো পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা এক সমবেদনামূলক বাৰ্তা প্ৰকাশ কৰাৰ পাছতেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাও এই টুইট কৰা হয়। য'ত গুজৰাটৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত মৃত্যু ঘটনা লোকৰ পৰিয়াললৈ দুই লাখ টকাকৈ আৰু আহত সকলক ৫০ হাজাৰ টকা এককালীন সাহায্যৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এই টুইটৰ পিছতেই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি এক টুইট কৰে। টুইটত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধুমুহা-শিলাবৃষ্টিত মৃত্যু ঘটা লোকৰ নামতো নৰেন্দ্ৰ মোডীয়ে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি কেৱল গুজৰাটতে নহয়, দেশৰ অন্যান্য প্ৰান্তত এনে প্ৰাকৃতিক দুৰ্যোগত নিহত হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্যৰ দাবী উত্থাপন কৰে।

অৱশ্যে পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আন এক টুইট কৰি মণিপুৰ, মেঘালয়, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আদিকে ধৰি অন্যান্য প্ৰান্ততো ধুমুহাৰ ফলত মৃত্যু ঘটা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, মঙলবাৰে মাজ নিশা অসমৰো বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা ধুমুহাৰ তাণ্ডৱে ৰাজ্যখনত ৰঙালীৰ উছাহ ম্লান পেলোৱাৰ লগতে নামনি অসমকে ধৰি কেবাটাও অঞ্চলত বহু পৰিয়ালক গৃহহাৰা কৰে।

আনহাতে, গুৱাহাটী মহানগৰীত ধুমুহাত লতাশিল, চানমাৰিকে ধৰি বিভিন্ন অঞ্চলৰ বিহুতলীত অনুষ্ঠিত হৈ থকা বিহু মঞ্চ ধুমুহাত ভাগি পৰাত কেবাটাও অনুষ্ঠানৰ উদ্যোক্তাই বুধবাৰৰ কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in