‘নাক’ৰ দ্বাৰা মূল্যায়ন নকৰা মহাবিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশাৱলীঃ পৰামৰ্শ সমিতি গঠন…

‘নাক’ৰ দ্বাৰা মূল্যায়ন নকৰা মহাবিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশাৱলীঃ পৰামৰ্শ সমিতি গঠন…

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ শিক্ষা বিভাগে ১১ ফেব্ৰুৱাৰী, ২০২২ (Office Memorandum, No: AHE. 544/2021/9, Dated: Dispur, 11th February, 2022) তাৰিখে 'নাক'ৰ ৰ দ্বাৰা মূল্যায়ন নকৰা কলেজসমূহৰ দৰমহা কৰ্তন, পদোন্নতি বন্ধ কৰা, প্ৰাদেশীকৰণ কৰ্তন কৰাকে ধৰি কঠোৰ নিৰ্দেশাৱলী জাৰি কৰিছে। তদুপৰি অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তক সভাপতি হিচাপেলৈ ৮জনীয়া এখন পৰামৰ্শ সমিতি গঠন কৰিছে।

এই আঠজনীয়া সমিতিখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ যোগেন চন্দ্ৰ কলিতা, অধ্যাপক ড০ উৎপল শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ শৰৎ কাকতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক কল্যাণ ভূঞা, নগাঁও কলেজ অট'নমাচৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী, ভোলানাথ কলেজৰ অধ্যক্ষ ড০ ধ্ৰুৱ চক্ৰৱৰ্তী আৰু এচ. বি. ডেউৰা কলেজৰ অধ্যক্ষ ড০ ধৰ্মেন্দ্ৰ নাথ সন্মানীয় সদস্য হিচাপে আছে।

এই সময়তে যোৱা শনিবাৰে নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত এতিয়ালৈকে 'নাক'ৰ দ্বাৰা মূল্যায়ন নকৰা ১১খন কলেজৰ অধ্যক্ষ, আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক আৰু অধ্যাপক-অধ্যাপিকা আৰু এখন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ অংশগ্রহণেৰে 'প্ৰথম চক্ৰৰ উচ্চ শিক্ষা প্রতিষ্ঠানৰ বাবে নাক' ৰ মূল্যায়ন আৰু প্ৰত্যায়ন' শীর্ষক পৰামৰ্শমূলক এখন অনলাইন আলোচনা চক্ৰ আয়োজন কৰে। এই পৰামৰ্শ কাৰ্যসূচিৰ আলোচনা চক্ৰত বাংগালোৰস্থিত 'নাক'ৰ সহকাৰী উপদেষ্টা ড০ নীলেশ পাণ্ডে সমল ব্যক্তি হিচাপে উপস্থিত থাকে।

নগাঁও কলেজ (অট'নমাচ) ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভূৱন চন্দ্র চুতীয়াই আঁতধৰা এই আলোচনা চক্ৰখনিত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে। ভাষণত ড০ বৰকটকীয়ে 'নাক'ৰ দ্বাৰা ঘোষিত সাময়িক মূল্যায়ন আৰু প্ৰত্যায়ন ব্যবস্থাক সন্তোষ প্ৰকাশ কৰি উচ্চ শিক্ষাৰ মূল্যায়ন নকৰা প্ৰতিষ্ঠানসমূহক আগবাঢ়ি আহি এই সুবিধা ল'বৰ বাবে আহ্বান জনায়। লগতে অসম চৰকাৰে জাৰি কৰা নিৰ্দেশাৱলীক আদৰণি জনাই এই পদক্ষেপে ৰাজ্যখনত উচ্চ শিক্ষাৰ ক্ষেত্রখনত গুণগত মানৰ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বক্তব্য কৰে।

আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ড০ নীলেশ পাণ্ডেই প্ৰথম চক্ৰৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ বাবে 'নাক'ৰ মূল্যায়ন আৰু প্ৰত্যায়নৰ পুংখানুপুংখ পদ্ধতি বিস্তৃতভাৱে ব্যাখ্যা কৰে। লগতে ড০ পাণ্ডে কলেজসমূহৰ বাবে 'নাক'ৰ দ্বাৰা সদ্যঘোষিত সাময়িক মূল্যায়ন আৰু প্ৰত্যায়ন সুবিধাৰ সবিশেষ বিশ্লেষণ দাঙি ধৰাৰ লগতে এই সুবিধা গ্ৰহণ কৰিবৰ বাবে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰে।

ড০ পাণ্ডে তেখেতৰ বক্তব্যত উল্লেখ কৰে যে এই সাময়িক মূল্যায়ন আৰু প্ৰত্যায়ন ব্যৱস্থাৰ বৈধতা দুবছৰলৈকে থাকিব আৰু প্ৰতিষ্ঠানসমূহে দুবাৰকৈ এই সুবিধা গ্রহণ কৰিব পাৰিব। আৰু ইতিমধ্যে প্ৰথম বা দ্বিতীয় চক্ৰ মূল্যায়ন আৰু প্ৰত্যায়ন কৰা যিবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানে বিভিন্ন কাৰণত পৰৱৰ্তী চক্ৰ সময়মতে মূল্যায়ন আৰু প্ৰত্যায়ন কৰিব পৰা নাই সেই প্ৰতিষ্ঠানসমূহৰ বাবেও এই সাময়িক মূল্যায়ন আৰু প্ৰত্যায়ন ব্যবস্থাৰ সুবিধা ল'ব পাৰিব।

ড০ পাণ্ডেপ বক্তব্যৰ অন্তত অসমৰ বিভিন্ন ঠাইৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ, আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক, অধ্যাপক-অধ্যাপিকা আৰু বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ লগত এক সৌহার্দ্যপূর্ণ মত বিনিময় অনুষ্ঠানত মিলিত হয়। এই আলোচনা চক্ৰত অসমৰ বিভিন্ন ঠাইৰ মূল্যায়ন আৰু প্ৰত্যায়ন নকৰা ১১খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শতাধিক অংশগ্রহণকাৰীৰ লগতে নগাঁও কলেজ (অট'নমাচ) ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমূহ সদস্যই অংশগ্রহণ কৰে আৰু এই কোষৰ অন্যতম সদস্য ড০ টিকেন দাসে শলাগৰ শৰাই আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in