চৰকাৰৰ স্ববিৰোধী সিদ্ধান্তত উৱাদিহি হেৰুৱাইছে সাধাৰণ জনতাইঃ এফালে অংক, বিজ্ঞানৰ মাধ্যম ইংৰাজী কৰাৰ সিদ্ধান্ত আনফালে মেডিকেলৰ পাঠ্যক্ৰম অসমীয়া কৰাৰ প্ৰস্তুতি…

চৰকাৰৰ স্ববিৰোধী সিদ্ধান্তত উৱাদিহি হেৰুৱাইছে সাধাৰণ জনতাইঃ এফালে অংক, বিজ্ঞানৰ মাধ্যম ইংৰাজী কৰাৰ সিদ্ধান্ত আনফালে মেডিকেলৰ পাঠ্যক্ৰম অসমীয়া কৰাৰ প্ৰস্তুতি…

ডিজিটেল ডেস্কঃ সাধাৰণ লোকে মহিমা বুজিব নোৱাৰা হৈছে ৰাজ্য চৰকাৰৰ। এটাৰ পিছত আন এটা স্ববিৰোধী সিদ্ধান্ত তথা কাৰ্যকলাপেৰে ৰাজ্য চৰকাৰৰে এতিয়া প্ৰকৃততে কি কৰিবলৈ গৈ আছে তাৰ কোনো উৱাদিহি নোপোৱা অৱস্থাৰ সূচনা হৈছে।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল এক সিদ্ধান্ত। সিদ্ধান্ত আছিল সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অসমীয়া শিক্ষাৰ্থীৰ অধিক সফলতাৰ বাবে তৃতীয় শ্ৰেণীৰ পৰাই গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষাৰ মাধ্যম ইংৰাজী কৰা হ'ব। চৰকাৰৰ এই সিদ্ধান্তত সৃষ্টি হৈছি মিশ্ৰিত প্ৰতিক্ৰিয়া। বিৰোধী তথা বিভিন্ন জাতীয় দল সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ মাজতে আকৌ মঙ্গলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে আন এক কথা। ইতমধ্যে অসমীয়া ভাষাতেই মেডিকেলৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা ঘোষণা কৰি যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথা অনুসৰিয়েই ৰাজ্য চৰকাৰে মেডিকেলৰ পাঠ্যক্ৰম অসমীয়া ভাষাত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ বাবে কেইবাখনো চিকিৎসা মহাবিদ্যালয় তথা মহাবিদ্যালয়ৰ অধ্যাপকক পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ লগতে স্বাস্থ্য বিজ্ঞানৰ শব্দবোৰ অসমীয়ালৈ তৰ্জমা কৰাৰ কাম কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। অসমীয়া মাধ্যমতে স্বাস্থ্য বিজ্ঞানৰ পাঠদান আৰম্ভ কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে।

কেশৱ মহন্তৰ ভাষ্য অনুসৰি অসমীয়া ভাষাত শীঘ্রেই উপলব্ধ হ'ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম। প্ৰস্তুত হৈ উঠিছে চিকিৎসা বিজ্ঞান সম্পৰ্কীয় অসমীয়া ভাষাৰ শব্দকোষ। এই শব্দকোষ শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়ে প্রস্তুত কৰিছে। শব্দকোষখনত আছে প্রায় ২৫০ টা পৃষ্ঠা।

স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে এই শব্দকোষৰ আধাৰতে প্রস্তুত হ'ব চিকিৎসা বিজ্ঞানৰ সকলো পাঠ্যপুথি। ইয়াৰোপৰি ৰাজ্ চৰকাৰে নৱম আৰু দশম শ্রেণীৰ বাবে স্বাস্থ্য-বিধি সম্পৰ্কীয় পাঠ্যপুঠিও প্ৰকাশ কৰিব। ২০ টা অধ্যায় সম্বলিত এই পাঠ্যপুথি হ'ব ১০০ পৃষ্ঠাৰ। শিক্ষাবিভাগলৈ হস্তান্তৰ কৰা হৈছে এই স্বাস্থ্য বিধি।

ইফালে কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিত মাতৃভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অসমতো এই নতুন শিক্ষানীতি প্ৰযোজ্য কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুতি চলাই থকাৰ লগতে শিক্ষাবিভাগৰ উদ্যোগতে এই নীতি কাৰ্যকৰী কৰিবলৈ আলোচনা চক্ৰ তথা সভা, সমিতি অনুষ্ঠিত কৰি অহা হৈছে।

এফালে ৰাজ্য চৰকাৰে অসমীয়া ভাষাত অধ্যয়ন কৰাৰ বাবেই সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যৰ শিক্ষাৰ্থীয়ে অধিক স্থান লাভ কৰিব নোৱাৰে বুলি কৈ ইংৰাজী মাধ্যমত শিক্ষাদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আকৌ আনফালে স্বাস্থ্য বিজ্ঞানৰ অসমীয়া পাঠ্যক্ৰমো আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ এনে স্ববিৰোধী স্থিতি আৰু কামকাজত এতিয়া সাধাৰণ জনতাই হুমুনিয়াহ কঢ়াৰ বাহিৰে একো ক'ব পৰা নাই।

চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে আজি ৰাইজৰ দল তথা বিধায়ক অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদ স্থলীত বিধায়ক অখিল গগৈয়ে কয় যে, ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ৪.১১ ধাৰা, ৪.১৪ ধাৰা আৰু ২০.১০ ধাৰাতেই মাতৃ ভাষা বা ঘৰুৱা ভাষাত শিক্ষা প্ৰদানৰ কথা কোৱা হৈছে।

তেওঁ কয়, কোনোবাই ক'ব পাৰে আমি ইংৰাজীৰ বিৰোধিতা কৰিছো। কিন্তু আমি ইংৰাজীৰ বিৰোধিতা কৰা নাই। আমি স্প'কেন ইংৰাজী পঢ়ুৱাবলৈ আৰু ভালকৈ ইংৰাজী পঢ়ৱাবলৈ দাবী উত্থাপন কৰিছো। প্ৰয়োজন সাপেক্ষে দ্বিভাষিক অৰ্থাত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ দাবী জনাইছো।

ইয়াৰ উপৰিও তেওঁ কয়, চৰকাৰে এখন জিলাত ৫ ৰ পৰা ১০ খন জিলাত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে অসমীয়া মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠান পৰিচালনা কৰিব। ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান পৰিচালনা কৰিব নালাগে। ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত ইংৰাজী পঢ়ুৱাব। অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসমীয়া আৰু প্ৰয়োজন সাপেক্ষে দুয়োটা ভাষাতে পঢ়ুৱাব। কিন্তু অসমীয়া মাধ্যমত ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ অনুমতি দিব নোৱাৰো।

গগৈয়ে অপ্ৰাদেশিকৃত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয় বুলি লোৱা সিদ্ধান্তৰো বিৰোধিতা কৰি অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী জনাই আৰু শিক্ষানুষ্ঠান বন্ধ কৰি দিয়াৰ লগতে এমালগেমেচনৰো বিৰোধিতা কৰে। এই ক্ষেত্ৰত তেওঁ নতুন শিক্ষানীতিৰ কথা দোহাৰে। নতুন শিক্ষানীতিত প্ৰতি কিলোমিটাৰৰ অন্তৰে অন্তৰে প্ৰাৰ্থমিক শিক্ষানুষ্ঠান থাকিব লাগে বুলি উল্লেখ থকাৰ কথা গগৈয়ে চৰকাৰক সোৱৰাই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in