ৰাজ্য চৰকাৰে সঘনে পৰ্যালোচনা কৰি থাকিব বিটিআৰৰ আইন – শৃখলাজনিত পৰিস্থিতি : মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে সঘনে পৰ্যালোচনা কৰি থাকিব বিটিআৰৰ আইন – শৃখলাজনিত পৰিস্থিতি : মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক : বিটিআৰৰ ১৬ টা বিভিন্ন উমৈহতীয়া মঞ্চ সমন্বয়ৰক্ষী সমিতিৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰবিবৰে এক বৈঠকত মিলিত হয় । বৈঠকত সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰৈ আগন্তুক বিটিআৰ নিৰ্বাচন সুকলমে অনুষ্টিত কৰাৰ বাবে ৰাজ্য চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই।

বিটিচি পৰিষদীয় নিৰ্বাচনত জনসাধৰনে নিৰ্ভয়ে ভোটদান কৰিব পাৰে সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও সংগঠন কেইটাৰ প্ৰতিনিধি সকলে মুখ্যমন্ত্ৰীক আহ্বান জনায় । মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ মূল লক্ষ্য হৈছে এই এলেকাত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লগতে প্ৰতিটো জনগোষ্ঠীৰে আৰ্থ সামাজিক উন্নয়নৰ গতি তৰান্বিত কৰা । ঐক্যভাবে বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহে এখন মঞ্চৰ জৰিয়তে আলোচনালৈ অহাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষন ।

বিটিআৰ শক্তিশালী হ'লেহে অসম শক্তিশালী হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় জনসাধৰনৰ আস্থা আৰু বিশ্বাসক লৈ ৰাজ্য চৰকাৰে কাম কৰি আহিছে আৰু ভবিষ্যতেও কাম কৰি যাব । বিভিন্ন সংহঠনে একেলগে অহাটো এক শুভবাৰ্তা । এই বাৰ্তাই আমাৰ মাজত থকা ঐক্যৰ ভেটি আৰু অধিক মজবুত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

এই বৈঠকত ১৬টা সংগঠনে অংশ গ্ৰহন কৰে । নিখিল বড়ো ছাত্ৰ সন্থা, বি.টি.আৰ. গোর্খা সমাজ, সদৌ মদাহী কছাৰী ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, সদৌ কুৰুক ছাত্ৰ সন্থা, সদৌ ৰাভা ছাত্ৰ সন্থা, বি.টি.আৰ. অনুসূচীত জাতি ছাত্ৰ সন্থা, সদৌ বি.টি.আৰ. অনুসূচীত জাতি পৰিষদ (কেন্দ্ৰীয় সমিতি), অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ, সদৌ বি.টি.আৰ. নাথ যোগী ছাত্ৰ সন্থা, সদৌ বি.টি.আৰ. সূত্ৰধৰ সন্মিলনী, সদৌ হাজং ছাত্ৰ সন্থা আৰু সদৌ বৰ্মন মান্দাই ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল বৈঠকত উপস্থিত থাকে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in