কোৰোনাৰ ভয়াবহতাৰ মাজতে আৰম্ভ হ’ল দুৰ্গা পূজা, আজি ষষ্ঠী পূজা…

কোৰোনাৰ ভয়াবহতাৰ মাজতে আৰম্ভ হ’ল দুৰ্গা পূজা, আজি ষষ্ঠী পূজা…

ডিজিটেল ডেস্ক : আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজা । কোৰোনাৰ ভয়াবহতাৰ মাজতে উদযাপন হ'বলগীয়া এই পূজাৰ বাবে পূজা কমিটি,পুৰোহিতৰ লগতে ভক্ত সকলেও পালন কৰিব লাগিব স্বাস্থ্য বিভাগৰ নিৰ্দেশনা ।

বৃহস্পতিবাৰে ষষ্ঠী পূজা । আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ৯ বাজি ১২ মিনিট ৫২ ছেকেণ্ডৰ ভিতৰত দেবী দুৰ্গাৰ কাত্যায়নী ৰূপত আৰম্ভ হ'ব যথা বিহিত পূজা-আৰাধনা । সন্ধিয়া হ'ব দেবীৰ আমন্ত্ৰন-অধিবাস । আধ্যাত্মিক পৰিবেশত বেদীত প্ৰতিষ্ঠা হ'ব ঘট আৰু দেবী প্ৰতিমা । এইবাৰ দোলাত আগমণ ঘটিব দেবী দুৰ্গাৰ ।

ইপিনে কোৰোনাৰ ভয়াবহতাৰ বাবে ৰাজ্যত অনুষ্টুপীয়াকৈ উদযাপন হ'ব শাৰদীয় দুৰ্গোৎসৱ । পূৰ্বৰ দৰে পুজাৰ বতৰত এইবাৰ বজাৰত নাই ভিৰ । ৰাতি পূজাৰ আমেজো নাপাব এইবাৰ ৰাজ্যবাসীয়ে । দুচকীয়া বাহনত পূজা চাব নোৱাৰৰ লগতে নিশা ৯ বজাতেই বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰেণ্ট সমূহ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in