ছুপাৰ হিৰ’ ‘স্পাইডাৰ মেন’ৰ স্ৰষ্টা ষ্টান লীৰ দেহাৱসান

ছুপাৰ হিৰ’ ‘স্পাইডাৰ মেন’ৰ স্ৰষ্টা ষ্টান লীৰ দেহাৱসান

ডিজিটেল ডেস্কঃ 'স্পাইডাৰ মেন'ৰ স্ৰষ্টা ষ্টান লী আৰু নাই। ৯৫ বছৰ বয়সত লছ এঞ্জেলছৰ এখন হাস্পতালত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ষ্টান লীয়ে। স্পাইডাৰ মেনৰ জৰিয়তে ছুপাৰ হিৰ'ৰ ধাৰণা সলনি কৰিবলৈ সক্ষম হোৱা বিশিষ্ট লেখকগৰাকীৰ মৃত্যুত সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পৰিছে।

শিশুৰ লগতে সৰ্বস্তৰৰ লোকৰ মাজত জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ হৈ পৰিছিল ষ্টান লীৰ স্পাইডাৰ মেন। ১৯৬২ চনত প্ৰথমবাৰৰ বাবে স্পাইডাৰ মেনক 'এমেজিং ফেণ্টাচী'ৰ জৰিয়তে জীৱন্ত কৰি তুলিছিল লীয়ে।

২০০২ চনত লীৰ এই কাৰ্টুন চৰিত্ৰই লাভ কৰে চলচিত্ৰ ৰূপ। আলোচনী আৰু কিতাপৰ পাতত সফলতাৰ পিছত চলচিত্ৰ হিচাপে সমগ্ৰ বিশ্বতে অভূতপূৰ্ব জনপ্ৰিয়তা লভা কৰিবলৈ সমৰ্থ হয় স্পাইডাৰ মেনে।

আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বতে কমিকছক জনপ্ৰিয় কৰাত আজীৱন অৱদান আগবঢ়োৱা লীয়ে কৈশোৰতে 'মাৰ্ভেল কমিকছ'ৰ সৈতে জড়িত হৈ  পৈণত বয়সলৈ ইয়াৰ চৰ্চা অব্যাহত ৰাখে। মঙলবাৰে পুৱাই প্ৰসিদ্ধ শিল্পী তথা সাহিত্যিকগৰাকীৰ মৃত্যুৰ দুসংবাদ বিশ্ববাসীক টুইটযোগে জানিবলৈ দিয়ে তেওঁৰ কন্যাই।

১৯৫০ৰ দশকত আমেৰিকাত শিশুৰ মনস্তত্বত কমিকছে কু-প্ৰভাৱ পেলায় বুলি সৃষ্টি হোৱা বিতৰ্কক সৃজনশীলতাৰে অতিক্ৰম কৰিবলৈ সক্ষম হোৱা লীয়ে নিজৰ ক্ষমতাকেই উপলব্ধি কৰিব নোৱাৰা 'স্পাইডাৰ মেন'কে ধৰি পৰস্পৰৰ মাজত খকাখুন্দা লাগি থকা 'ফেণ্টাষ্টিক ফ'ৰ', দাম্ভিক 'আইৰণ মেন' আৰু ভয়ানক 'হাল্ক', এক্স মেনৰ দৰে অতি জনপ্ৰিয় কাৰ্টুন চৰিত্ৰৰ জন্ম দিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in