শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় ঢকুৱাখনাৰ তোৰণ উন্মোচন…

শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় ঢকুৱাখনাৰ তোৰণ উন্মোচন…

ডিজিটেল সংবাদ ঢকুৱাখনা : জগতগুৰু  শ্ৰীমন্ত শংকৰদেৱৰ মাৰ্গ দৰ্শন আৰু আধ্যাত্মিক ভাবাদৰ্শৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় ঢকুৱাখনাই  শৈক্ষিক ক্ষেত্ৰখনলৈ প্ৰতিষ্ঠা কাল ২০০৫ চনৰ পৰাই বৰেণ্য অৱদান আগবঢ়াই আহিছে।  শিক্ষাৰ্থী সকলৰ  বৌদ্ধিক, শাৰীৰিক আৰু বিদ্যায়তনিক উৎকৰ্ষ সাধনেৰে উৎকৃষ্ট মানৱ সম্পদ সৃষ্টি কৰি অহা এইখন অগ্ৰণী শিক্ষানুষ্ঠানৰ স্থায়ী প্ৰৱেশ তোৰণ এখন সোমবাৰে শুভ উন্মোচন কৰা হয়। 

বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক  শিক্ষাগুৰু প্ৰয়াত ৰামনাথ সন্দিকৈৰ  সশ্ৰদ্ধ সোঁৱৰণত সন্দিকৈৰ পৰিয়ালবৰ্গৰ অৰ্থ সাহায্যৰে নিৰ্মিত মূল প্ৰৱেশ তোৰণ ভাগ এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত শুভ উন্মোচন কৰা হয়। প্ৰয়াত শিক্ষাগুৰু সন্দিকৈৰ  আত্মীয় স্বজন, বহু সংখ্যক  বিশিষ্ট ব্যক্তি, সংঘৰ জিলা ,আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ বিষয়-ববীয়া, সংগী আৰু বিদ্যালয়ৰ সমূহ শিক্ষাৰ্থী, অভিভাৱকৰ উপস্থিতিত এই স্থায়ী তোৰণখন  উৰুলী ,মংগল ধ্বনিৰ মাজত উন্মোচন কৰে  বৰ্ষীয়ান নাগৰিক  মথুৰা সন্দিকৈয়ে । 

উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মাৰক সভাও অনুষ্ঠিত কৰা হয় বিদ্যালয় প্ৰাংগণত। বিদ্যালয়ৰ অধ্যক্ষ দেৱ গগৈয়ে  আঁত ধৰা স্মাৰক সভাত বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক ভৰত ৰাজখোৱা, সুলেখিকা ,অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী পুষ্পা গগৈ,  শিক্ষাবিদ প্ৰফুল্ল চুতীয়া আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ  ঢকুৱাখনা জিলাৰ সম্পাদক পুতুল শইকীয়া, আঞ্চলিক শাখাৰ সভাপতি কৃষ্ণপদ গগৈ আদি বিশিষ্ট ব্যক্তি সকলে প্ৰয়াত শিক্ষাগুৰু ৰাম নাথ সন্দিকৈৰ আদৰ্শ, জীৱন দৰ্শন আৰু সমাজ হিতৈষী দিশ সামৰি স্মৃতি চাৰণ আৰু গুণানুকীৰ্তন কৰি সন্দিকৈৰ পুন্যাত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনা কৰে ।

সভাত উপস্থিত প্ৰয়াত সন্দিকৈৰ দুই পুত্ৰ ক্ৰমে উত্তম সন্দিকৈ আৰু দুদুমণি সন্দিকৈ প্ৰমুখ্যে তোৰণ দাতা পৰিয়ালৰ সদস্য সকলক এই স্থায়ী সম্পদ ভাগি দান সূত্ৰে আগবঢ়োৱাৰ  বাবে বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞচিত্তে সম্বৰ্দ্ধনা জনোৱা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in