শ্রীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁৱৰ অধিৱেশনকলৈ অৰ্থ নাটনিত পৰিছে আদৰণি সমিতি

শ্রীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁৱৰ অধিৱেশনকলৈ অৰ্থ নাটনিত পৰিছে আদৰণি সমিতি

ডিজিটেল সংবাদ, মৰিগাওঁঃ ফেব্রুৱাৰী মাহত মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনকলৈ অৰ্থ নাটনিৰ বাবে অসুবিধাত পৰিছে আদৰণি সমিতি। এই মন্তব্য আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাৰ। অধিৱেশনক লৈ আদৰণি সমিতিয়ে ২.৫ কোটি টকাৰ বাজেট ধাৰ্য্য কৰিছিল। কিন্তু বৰ্তমান পুজিৰ অভাৱ শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ। প্রস্তুতি সমিতি গঠন কৰাৰ পৰা বৰ্তমান সময়লৈ যিমান অধিৱেশনকলৈ কাম চলি আছে, তাত এতিয়ালৈ ২৩লাখৰো অধিক খৰছ হৈছে।

এতিয়ালৈ মাত্র ৭০% লোকেহে ধনৰ প্রতিশ্রুতি আদায় কৰিছে। ৩০% লোক এতিয়াওঁ বাকী আছে। সেয়হে আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাই কয় যে, যি সকলে দান বৰঙণি আৰু ধনৰ প্রতিশ্রুতি দিছিল তেওঁলোকক সোনকালে সেই সহায় কৰিবলৈ আহ্বান জনাইছে। নহলে আদৰণি সমিতিয়ে কাম কাজ কৰা ক্ষেত্রত সংকটত পৰা বুলিও উল্লেখ কৰে তেওঁ।

সেয়হে পুজিৰ সংকটে দেখা দিয়াৰ বাবে আদৰণি সমিতিয়ে তাৎক্ষনিকভাৱে পুজিৰ অতি শীঘ্রে কেনেকৈ ধন সংগ্রহ কৰিব পাৰে তাৰ বাবে বৈঠকো অনুষ্ঠিত কৰিব লগা হৈছে। অধিৱেশনস্থলীত দ্রুতগতিত প্রস্তুতি কাম চলি আছে আৰু এই কাম সমূহৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰছ হৈছে। সেয়হে অতি শীঘ্রে দান বৰঙনি দিয়াৰ প্রতিশ্রুতি দিয়া লোক সকলক আদৰণি সমিতিৰ কাৰ্যালয় নাইবা আঞ্চলিকত দান বৰঙনি সমূহ দিবলৈ অনুৰুধ জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in