আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিল। মঙলবাৰে অসম সাহিত্য সভাৰ শুৱালকুছিৰ অধিৱেশনৰ অন্ত পৰাৰ পিছতে বুধবাৰৰ পৰা আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন। পুৱাৰে পৰা অধিৱেশনৰ বাবে উদুলি মুদুলি দিহিঙীয়া মহুৰা পথাৰ, বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ। বিগত কেবামাহ ধৰি অজস্ৰ ভকতে প্ৰস্তুতি চলোৱা অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে।

অধিৱেশনলৈ ৩০ লক্ষাধিক ভকতৰ সমাগম ঘটাৰ আশা কৰা হৈছে। এই ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে আয়োজকসকল।

আপ্যায়নৰ বাবে সেৱা বাহিনীয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছিল বিভিন্ন শাক পাচলিৰ খেতি। ৮৯ সংখ্যক অধিৱেশনৰ বাবে অতিথিক যাতে সুন্দৰকৈ আপ্যায়ন কৰিব পাৰি সেই কাৰ্যত সকলো নিমগ্ন হৈছে। ৩০০ চৌকাত ৬০০ ৰান্ধনীয়ে খাদ্য প্ৰস্তুত কৰিব অতিথি আপ্যায়নৰ বাবে আহাৰ তৈয়াৰ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in