শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ…

56

ডিজিটেল ডেস্কঃ অসমীয়া জাতিৰ প্ৰতিটো সংকটৰ মুহূৰ্তত মাত মাতি অহা অসমৰ ধৰ্মীয়, সাহিত্য, সংস্কৃতি ক্ষেত্ৰৰ সৰ্ববৃহৎ অৰাজনৈতিক আৰু গণতান্ত্ৰিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই উচ্চস্তৰীয় যুটীয়া সংসদীয় সমিতিৰ ওচৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ কথা প্ৰকাশ কৰে।

এক বিজ্ঞপ্তিযোগে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই স্থিতিত অটল থকা কথা উল্লেখ কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষতি হ’ব পৰা কোনো কামেই নকৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অহ্বান জনায়।

উল্লেখ্য যে, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো সংকট আৰু বিপদৰ কালত এই অনুষ্ঠানটিয়ে অংশগ্ৰহণেৰে জাতীয় দায়িত্ব পালন কৰাৰ উপৰিও অসমৰ সামাজিক, সাংস্কৃতিক, সাহিত্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ লগতে বিভিন্ন জনকল্যাণমূলক আঁচনিৰে ইতিবাচক ভূমিকা গ্ৰহণ কৰি আহিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি