শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি সফলতাৰ ধাৰা অক্ষুণ্ন ৰাখিলে বঢ়মপুৰ শংকৰ মিছন অন্ধ বিদ্যালয়ে

65

ডিজিটেল সংবাদ, চামগুৰিঃ সফলতাৰ ধাৰা অক্ষুণ্ন ৰাখিবলৈ সক্ষম হ’ল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে। ১০০ শতাংশ উৰ্ত্তীণৰে শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিজয়ৰ ধাৰা অক্ষুণ্ন ৰাখিলে বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে। বুধবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

এই পৰীক্ষাৰ ফলাফলত উজ্বলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ- ছাত্ৰী। বিদ্যালয়খনৰ পৰা মুঠ দুগৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয় খনৰ ছাত্ৰ জয়ন্ত বৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে।

আনহাতে বিদ্যালয়খনৰ ছাত্ৰী মমিতা বিশ্বাস উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। উল্লেখ্য যে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ পৰ্যাপ্ত নাছিল কিতাপ। ৰেকৰডিং শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাঁইটীয়া পথেৰে দুয়োগৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত আৰু কিতাপ নথকা প্ৰত্যাহবান বুকুত বান্ধিয়ে সফলতাৰে উৰ্ত্তীণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰ-ছাত্ৰী দুগৰাকীয়ে। ছাত্ৰ-ছাত্ৰী দুজনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকলো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি