শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এছএলপিপিৰ প্ৰাৰ্থী গোটাবায়া ৰাজাপক্ষ জয়ী…

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এছএলপিপিৰ প্ৰাৰ্থী গোটাবায়া ৰাজাপক্ষ জয়ী…

ডিজিটেল ডেস্কঃ শ্ৰীলংকা পডুজানা পেৰমুনা (এছএলপিপি)ৰ প্ৰাৰ্থী গোটাবায়া ৰাজাপক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী। তেওঁ নিৰ্বাচনত লাভ কৰিছে ৫৩-৫৪ শতাংশ ভোট। ইফালে, নিউ ডেম'ক্ৰেটিক ফ্ৰণ্ট (এন ডি এফ)ৰ সাজিত প্ৰেমদাসাই এই নিৰ্বাচনত দ্বিতীয় স্থান লাভ কৰিছে।

উল্লেখ্য যে, শ্ৰীলংকাত শনিবাৰেৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান গ্ৰহণ কৰা হৈছিল। শ্ৰীলংকাৰ অষ্টম সংখ্যক ৰাষ্ট্ৰপতিনিৰ্বাচনৰ বাবে প্ৰায় ১.৬ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। উল্লেখ্য যে,তামিল-বহুল উত্তৰ প্ৰান্তত ভোটদানৰ হাৰ আছিল প্ৰায় ৭০ শতাংশ।

আনহাতে, জাফনা জিলাত ৬৬ শতাংশ ভোটাৰেসাব্যস্ত কৰে ভোটাধিকাৰ। একেদৰে এই ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ক্ৰমে-কিলিনোচ্ছীত ৭৩ শতাংশ, মুল্লাতিৱুত ৭৬ শতাংশ, বাবুনিয়াত ৭৫ শতাংশ আৰু মন্নাৰত ৭১শতাংশ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in