মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ! তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ শ্ৰী শ্ৰী বদলা পদ্মআতা সেৱা সমিতিৰ

মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ! তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ শ্ৰী শ্ৰী বদলা পদ্মআতা সেৱা সমিতিৰ

ডিজিটেল সংবাদ নাৰায়ণপুৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টিৰাজিক বিকৃতিকৰণৰ অভিযোগ উত্থাপন হৈছে। ডিব্ৰুগড় জিলাৰ মৰাণস্থিত 'জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনত' মহাপুৰুষ গুৰু দুজনাৰ অনবদ্য অৱদান বাদ্য, গীত-পদ,ঘোষা,সুৰ বিকৃত কৰি খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰীশ্ৰী বদলা পদ্মআতা সেৱা সমিতি,অসমে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত শ্ৰীশ্ৰী বদলা পদ্মআতা সেৱা সমিতি,অসমৰ সভাপতি জনাৰ্দ্দন দেৱ গোস্বামী আৰু সম্পাদক উপেন চন্দ্ৰ বৰুৱাই এনে কাৰ্যক অতি গৰ্হিত কাৰ্য হিচাপে আখ্যা দিয়ে ৷

বিবৃতিটোত লগতে কয় ভাৰতবৰ্ষৰ দৰে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সকলোৱে নিজৰ ইচ্ছা অনুসৰি বিভিন্ন ধৰ্মৰ পন্থা গ্ৰহণ কৰিব পাৰে আৰু সেই কাৰ্যত অন্যলোকে বাধা দিব নোৱাৰে ৷ সেই বুলি নিজৰ ধৰ্ম প্ৰচাৰৰ নামত আন ধৰ্মীয় লোকসকলৰ আবেগ অনুভুতিত আঘাত কৰাটো কোনো লোকৰ অধিকাৰ নাই ৷ যি সকল লোকৰ তত্বাৱধানত উক্ত কাৰ্যসুচী চলিছিল তেখেতসকলে অতিশীঘ্ৰে উক্ত কাৰ্য বন্ধ কৰি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ সমিতিয়ে দাবী জনায় ৷ অন্যথা শ্ৰীশ্ৰী বদলা পদ্মআতা সেৱা সমিতি আইনৰ কাষ চাপিবলৈ বাধ্য হ'ব ৷

এইক্ষেত্ৰত অসম চৰকাৰক সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমিতিয়ে আহ্বান জনাইছে । আনহাতে বিষয়টো অতি স্পৰ্শকাতৰ বুলি উল্লেখ কৰি ইয়াৰ পৰাই হয়তু সমাজ খনত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি বুলি মন্তব্য কৰে শ্ৰীশ্ৰী বদলা পদ্মআতা সেৱা সমিতিৰ সভাপতি তথা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দনদেৱ গোস্বামী আৰু প্ৰধান সম্পাদক উপেন চন্দ্ৰ বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in