শ্ৰী লংকাত জৰুৰীকালীন অৱস্থা বলবৎ, কৰ্ণাটকৰ জেডিএছ দলৰ ৪ নেতা নিহত…

শ্ৰী লংকাত জৰুৰীকালীন অৱস্থা বলবৎ, কৰ্ণাটকৰ জেডিএছ দলৰ ৪ নেতা নিহত…

ডিজিটেল ডেস্কঃ ৮ টাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণে ২৯০ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পাছত দ্বীপৰাষ্ট্ৰ শ্ৰী লংকাত বলৱৎ কৰা হ'ল জৰুৰীকালীন অৱস্থা। সোমবাৰে মাজনিশাৰ পৰা প্ৰযোজ্য হোৱাকৈ এই ঘোষণা কৰিলে শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি মৌত্তীপাল সিৰীসেনাই। দেশৰ খনৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে সমগ্ৰ দেশখনতে জাৰি কৰা সান্ধ্য আইন সোমবাৰে পুৱা বাতিল কৰা হয়।

৭ নেতাৰ ফাইল ফটো
৭ নেতাৰ ফাইল ফটো

বৰ্তমানৰ লৈকে ২৯০ জন লোক নিহত আৰু ৫০০ ৰো অধিক লোক আহত হোৱা এই বৰ্বৰ আক্ৰমণত ৭ ভাৰতীয়ই প্ৰাণ হেৰুৱাইছে। শেহতীয়া খবৰ অনুসৰি এই বিস্ফোৰণত নিহত হৈছে কৰ্ণাটকৰ ৰাজনৈতিক দল জে ডি এছৰ চাৰিজন নেতা। যোৱা ২০ এপ্ৰিলত শ্ৰী লংকা ভ্ৰমণলৈ গৈছিল জে ডি এছৰ মুঠ ৭ জন সদস্য। ইয়াৰে ৩ জন বৰ্তমানেও সন্ধানহীন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in