প্ৰধানমন্ত্ৰীৰ চৰকাৰী আৰু নিজা বাসগৃহত অগ্নি সংযোগ, নেতাক ডাম্পিং গ্ৰাউণ্ডলৈ নিক্ষেপ…

প্ৰধানমন্ত্ৰীৰ চৰকাৰী আৰু নিজা বাসগৃহত অগ্নি সংযোগ, নেতাক ডাম্পিং গ্ৰাউণ্ডলৈ নিক্ষেপ…

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ অৰ্থনৈতিক জৰুৰী অৱস্থাৰ মাজতে দেশখনত সৃষ্টি হৈছে ব্যাপক হিংসাত্মক কাৰ্যকলাপ। দেশখনৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে সোমবাৰে পদত্যাগ কৰাৰ পিছতে পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে। হাজাৰ হাজাৰ লোকে পদত্যাগী প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ চৰকাৰী বাসভৱনত আক্ৰমণ কৰিছে।

এ এফ পিৰ বাতৰি অনুসৰি হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে তেওঁৰ বাসভৱন আক্ৰমণ কৰি মূল গেটখন ভাঙি পেলাইছে। কেৱল সেইয়াই নহয়, প্ৰদেৱশদ্বাৰত অগ্নি সংযোগো কৰা হৈছে। একে সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা আঁতৰাবলৈ কন্দুৱা গেছ নিক্ষেপ কৰিছে।

প্ৰধানমন্ত্ৰী মহিন্দাই তেওঁৰ পদত্যাগ পত্ৰত কৈছে যে, তেওঁ সৰ্বদলীয় অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিবলৈ পদত্যাগ কৰিছে। ইফালে পদত্যাগী প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ পিতৃ গৃহত ঘৰতো অগ্নি সংযোগ কৰিছে। জনতাই মেদা মুলানাৰ পৈতৃক গাঁৱত বিতৰ্কিত ৰাজপাক্ষে সংগ্ৰহালয়টো আক্ৰমণ কৰি ভাঙি পেলাইছে। ৰাজপাক্ষেৰ পিতৃ-মাতৃৰ দুটাকৈ মমৰ মূৰ্তিও ধ্বংস কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ হাম্বানটোটা সমষ্টিত থকা ঘৰত সোমবাৰে সন্ধিয়া আক্ৰমণ কৰিছে। ক্ষুব্ধ জনতাই পুট্টালাম জিলাৰ শাসকীয় দলৰ বিধায়ক সনথ নিশান্তৰ ঘৰতো অগ্নি সংযোগ কৰিছে। তেওঁৰ ব্যক্তিগত সম্পত্তি আৰু বাহনত অগ্নি সংযোগ কৰিছে উত্তেজিত জনতাই।

ৰাষ্ট্ৰখনত চৰকাৰ বিৰোধী আৰু সমৰ্থকসকলৰ মাজতো সংঘাত হৈছে। এই সংঘাতৰ ফলত আহত হৈছে চৰকাৰী পক্ষৰ বহু সমৰ্থক। এই সমৰ্থক সকলক হাস্পতালত ভৰ্তি কোৰাৱাৰ ক্ষত্ৰতো বাধাৰ সৃষ্টি হৈছে। কিয়নো বিৰোধী সকলে হাস্পতালৰ প্ৰৱেশ পথ অৱৰোধ কৰিছে। অৱশ্যে চিকিৎসকে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিছে। চিকিৎসকে প্ৰতিবাদকাৰীসকলক বুজাইছে, তেওঁলোক হত্যাকাৰী হলেও আমাৰ বাবে ৰোগী। যাক চিকিৎসা কৰা উচিত।

পদত্যাগী প্ৰধানমন্ত্ৰী ৰাজপাক্ষে সমৰ্থকসকলে কলম্বোলৈ যাবলৈ ব্যৱহাৰ কৰা বহু বাছত অগ্নি সংযোগ কৰা হৈছে। মহাৰাগামাৰ উপনগৰত উত্তেজিত জনতাই চৰকাৰ পন্থী এজন নেতাক বাছৰ পৰা আৱৰ্জনাৰ গাড়ীলৈ দলিয়াই দিছে। বিধায়কগৰাকী যোৱা বাহনখনে এখন বুলডোজাৰৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছতে এই ঘটনা সংঘটিত হৈছে।

১৯৪৮ চনত ব্ৰিটেইনৰ পৰা স্বাধীন হোৱা শ্ৰীলংকাই স্বাধীনতাৰ পিছত সৰ্ববৃহৎ অৰ্থনৈতিক সংকটৰ মাজেৰে সময় পাৰ কৰিছে। এই সংকট মুখ্যতঃ বৈদেশিক মুদ্ৰাৰ অভাৱৰ ফলত হৈছে। অৰ্থাৎ দেশখনে খাদ্য সামগ্ৰী আৰু ইন্ধন আমদানিৰ বাবে ধন পৰিশোধ কৰিবলৈ সক্ষম নহয়। ৯ এপ্ৰিলৰ পৰা সমগ্ৰ শ্ৰীলংকাত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজপথত আছে, চৰকাৰৰ আমদানিৰ বাবে পুঁজিও শেষ হৈছে। দেশখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশচুম্বী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in