শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

প্ৰথমখন টি-২০ত বেটে বলে জিলিকিল ভাৰতঃ সূৰ্যৰ অৰ্ধশতক

ডিজিটেল ডেস্কঃ ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন টি-২০ শৃংখলাত জয় লাভ কৰিবলৈ সক্ষম হৈছে শিখৰ ধাৱান নেতৃত্বাধীন ভাৰতীয় দলটো। ৰাহুল দ্ৰাবিড়ৰক প্ৰশিক্ষক হিচাপে লৈ শ্ৰীলংকা ভ্ৰমণ কৰা ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলা ২-১ ৰ ব্যৱধানত জয়লাভ কৰাৰ পাছত টি-২০ শৃংখলাও জয়েৰে আৰম্ভ কৰিবলৈ সক্ষম হৈছে।

দেওবাৰে কলম্বোত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ শৃংখলাত ভাৰতে ৩৮ ৰানৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। মেচখনত ভাৰতে প্ৰথমে বেটিং কৰিবলৈ আহি শ্ৰীলংকাৰ সন্মুখত ১৬৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ভাৰতে নিৰ্ধাৰণ কৰি দিয়া এই লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাই ১৮.৩ অভাৰত ১২৬ ৰাণত আটাইকেইটা উইকেট হেৰুৱাই।

মেচখনত প্ৰথমে বেটিং কৰিবলৈ আহি ভাৰতে প্ৰথমটো বলতেই পৃথিৱী শ্ব’ৰ উইকেট হেৰুৱায়। ইয়াৰ পাছত অধিনায়ক শিখৰ ধাৱানে ৩৬ টা বলত ১ টা ছয় ৪ টা চাৰিৰ সহায়ত ৪৬ ৰাণ সংগ্ৰহ কৰে। একেদৰে সূৰ্যকুমাৰ যাদৱে ৩৪ টা বলত ২ টা ছয় আৰু ৫ টা চাৰিৰে ৫০ ৰাণ কৰে।

ইফালে মেচখনত ভাৰতৰ ভুৱনেশ্বৰ কুমাৰক মেন অৱ দ্যা মেচ বঁটা প্ৰদান কৰা হয়। ভুৱনেশ্বৰ কুমাৰে ২২ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি