শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সংখ্যালঘু মুছলমান ভোটাৰ কঢ়িওৱা বাছলৈ লক্ষ্য কৰি গুলীবৰ্ষণ

শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সংখ্যালঘু মুছলমান ভোটাৰ কঢ়িওৱা বাছলৈ লক্ষ্য কৰি গুলীবৰ্ষণ

ডিজিটেল ডেস্কঃ শ্ৰী লংকাত শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সংখ্যালঘু মুছলিম ভোটাৰ অনা বাছত আক্ৰমণ। শ্ৰী লংকাৰ উত্তৰ-পশ্চিমত কেবাখনো বাছত গুলীবৰ্ষণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা অনুসৰি প্ৰায় ১০০ খন বাছ অহা কনভয়টো আক্ৰমণ কৰাৰ বাবে আক্ৰমণকাৰীৰ দলটোৱে ৰাজপথত টায়াৰ জ্বলাই পথ বন্ধ কৰি লৈছিল।

ইফালে গুলীবৰ্ষণৰ লগতে বাছলৈ শিলো নিক্ষেপ কৰে একাংশ আক্ৰমণকাৰীয়ে। অৱশ্যে বৰ্তমান লৈকে জানব পৰা হোৱা নাই ক্ষয়ক্ষতিৰ পৰিমাণ। পুট্টালামৰ পৰা মান্নাৰলৈ ভোটাৰসকল আহি থাকোতে এই ঘটনা সংঘটিত হয়।

ভোটদানৰ সময়ত যাতে লোকসকলে কোনো অসুবিধাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ নিৰাপত্তাৰ মাজেৰে লোকসকলক আনি ভোট দিয়াৰ বাবে ব্যৱস্থা কৰে। উল্লেখ্য যে, শ্ৰী লংকাত সংখ্যালঘু তামিল আৰু মুছলমানসকলে এক নিৰ্ণায়ক ভূমিকা পালন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in