নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি অগ্নিগৰ্ভা শ্ৰীলংকাত ! নাথাকিব ৰাজপাক্ষে পৰিয়াল…

নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি অগ্নিগৰ্ভা শ্ৰীলংকাত !  নাথাকিব ৰাজপাক্ষে পৰিয়াল…

ডিজিটেল ডেস্কঃ স্বাধীনতাৰ পৰিৱৰ্তি সময়ৰ সৰ্ববৃহৎ অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ হোৱা শ্ৰীলংকাত অব্যাহত আছে হিংসাত্মক প্ৰতিবাদ। দেশখনৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেই পদত্যাগ কৰি পৰিয়ালসহ দেশ এৰি পলায়ন কৰাৰ লগতে চৰকাৰী পক্ষৰ সমৰ্থক, নেতা, চৰকাৰী বিষয়াক জনসাধাৰণে য'তেই দেখিছে তাতেই ৰাজহুৱাকৈ মাৰধৰ কৰিছে। গণৰোষৰ বলি হৈ বহু কেইজনৰ ইতিমধ্যে মৃত্যুও হৈছে।

ইফালে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ বিৰুদ্ধেও অব্যাহত আছে প্ৰতিবাদ। এই প্ৰতিবাদকো নেওচি ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই এতিয়াও শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হৈ আছে। তেওঁ পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ পৰিৱৰ্তে এই সপ্তাহৰ ভিতৰতে দেশখনত নতুন প্ৰধানমন্ত্ৰী আৰু কেবিনেট নিযুক্তি দিব বুলি ঘোষণা কৰিছে। দেশখনত সাংবিধানিক সংস্কাৰ প্ৰৱৰ্তন কৰিবলৈ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে সাজু হৈছে।

ৰাষ্ট্ৰক সম্বোধন কৰি ৭২ বছৰীয়া গোটাবায়াই কয় যে, নতুন প্ৰধানমন্ত্ৰী আৰু চৰকাৰ নিযুক্তিৰ পিছত সংবিধানৰ ১৯ তম সংশোধনীৰ বিষয়বস্তু প্ৰস্তুত কৰাৰ বাবে এক সাংবিধানিক সংশোধনী উত্থাপন কৰা হ'ব। যিয়ে সংসদক অধিক ক্ষমতা প্ৰদান কৰিব।

গোটাবায়াই কয়, "মই যুৱ মন্ত্ৰীসভা নিয়োগ কৰিম য'ত ৰাজপাক্ষে পৰিয়ালৰ কোনো সদস্য নাথাকিব। তেওঁ দেশখনক বিশৃংখল পৰিস্থিতিত উপনীত হোৱাত বাধা দিবলৈ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে। দেশক সম্বোধন কৰাৰ পূৰ্বে গোটাবায়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেৰ সৈতে আলোচনাও কৰিছে।

অৰ্থনৈতিক বিপৰ্যয়ৰ মাজেৰে পাৰ হোৱা শ্ৰীলংকা যোৱা দুদিন ধৰি চৰকাৰ অবিহনে চলি আছে। এতিয়া শ্ৰীলংকাত নাই চৰকাৰ। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ জ্যেষ্ঠ ভাতৃ তথা প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেই পদত্যাগ কৰি পলায়ন কৰাৰ পিছৰে পৰা চৰকাৰ অবিহনে চলি আছে শ্ৰীলংকা। সাংবিধানিক নীতি অনুসৰি ৰাষ্ট্ৰপতিয়ে কেবিনেট দেশ চলাই আছে যদিও শীঘ্ৰেই চৰকাৰ গঠন নহলে শ্ৰীলংকা সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব বুলি ইতিমধ্যে প্ৰকাশ পাইছে।

সেয়েহে গোটাবায়া ৰাজপাক্ষেই অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ বাবে চেষ্টা চলাইছে। চলিত সপ্তাহত শ্ৰীলংকাত সংঘটিত হৈছে ব্যাপক হিংসাত্মক ঘটনা। এই ঘটনাৰ কথা উল্লেখ কৰি গোটাবায়াই কয় যে, ৯ মে'ত যি ঘটিল সেয়া দুৰ্ভাগ্যজনক। উল্লেখ্যে যে উক্ত দিনটোত শ্ৰীলংকাত প্ৰধানমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহৰ প্ৰৱেশদ্বাৰ জ্বলাই দিয়াৰ লগতে তেওঁৰ পিতৃ গৃহ, ৰাজপাক্ষে সংগ্ৰহালয়, আন কেইবাজনো সাংসদৰ ঘৰ জ্বলাই দিয়াৰ লগতে বহু বাছত অগ্নি সংযোগ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in