দল মাছৰ বজাৰ নহয়ঃ গৌৰৱ গগৈ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ আসন ভাগ বতৰাক লৈ কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক দেওবাৰে অনুষ্ঠিত হৈ আছিল সোণাপুৰৰ স্প্ৰীং ভেলী ৰিজৰ্টত। কেইবাটাও সমষ্টি কংগ্ৰেছে এআইইউডিএফক এৰি দিব বুলি কোৱাৰ পাছতেই স্প্ৰীং ভেলীৰ সন্মুখত সমবেত হয়হি কংগ্ৰেছৰ কিছু সংখ্যক সমৰ্থক।

কংগ্ৰেছৰ সমৰ্থকসকলে কোনো কাৰণতেই কমলপুৰ আৰু জনীয়া এআইইউডিএফৰ হাতত গতাই দিব নোৱাৰিব বুলি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। উত্তেজিত সমৰ্থকসকলক নিয়ন্ত্ৰণ কৰিবলৈ বাহিৰলৈ ওলাই আহে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ।

গৌৰৱ গগৈয়ে সমৰ্থকসকলক বুজনি দিয়াৰ লগতে কয়- মইতো আপোনালোকৰ লগত কথা পাতিছোৱে। আপোনালোকক কৈছে কমলপুৰ কংগ্ৰেছে খেলিব। ইয়াৰ পাছত আৰু কি কথা থাকিল? উত্তেজিত সমৰ্থকসকলক নাম সুধি তেওঁ কয়- আপুনিতো দলৰ এজন গুৰুত্বপূৰ্ণ বিষয়ববীয়া। মই জানো আপোনালোকৰ দলৰ বাবেই আহিছে। লগতে তেওঁ সমৰ্থক সকলক সতৰ্ক কৰি দিয়ে। সাংসদ গৌৰৱ গগৈয়ে কয়- আপোনালোক আমাক শান্তিৰে কাম কৰিবলৈ দিয়ক। দল এনেদৰে নচলে। দল মাছৰ বজাৰ নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in