ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত পদক লাভ কৰিলে পাব চাকৰিঃ অসম চৰকাৰৰ সিদ্ধান্ত

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত পদক লাভ কৰিলে পাব চাকৰিঃ অসম চৰকাৰৰ সিদ্ধান্ত
  • এতিয়াৰে পৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যিসকল খেলুৱৈয়ে পদক লাভ কৰিব সকলোকে একোটাকৈ চাকৰি প্ৰদান কৰিব চৰকাৰে।
  • কেৱল অলিম্পিক অন্তৰ্ভুক্ত ক্ৰীড়াৰ ক্ষেত্ৰত হে এই নীতি প্ৰযোজ্য হ'ব।
  • অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা।
  • এই কাৰ্যই ক্ৰীড়াৰ এক বাতাবৰণ সৃষ্টি কৰিব বুলি উল্লেথ মুখ্যমন্ত্ৰীৰ।
  • পূৰ্বে যিসকলে খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিছে, তেওঁলোকক ক্ৰীড়া পেঞ্চন আগবঢ়াব চৰকাৰে।
  • ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ ক্ৰীড়া পেঞ্চন বৃদ্ধি কৰাৰ চিন্তা চৰকাৰৰ।
  • অলিম্পিক স্বীকৃত ক্ৰীড়াত পূৰ্বে যিসকল খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিছে আৰু ক্ৰীড়া পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ তালিকা প্ৰস্তুতৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
  • আনহাতে কমনৱেলথ, এছিয়ান আৰু অলিম্পিকত পদক লাভ কৰা খেলুৱৈক চাকৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে।
  • উল্লেখ্য যে এই নীতিৰ আধাৰতে ইতিমধ্য হিমা দাসে লাভ কৰিছে ডি এছ পিৰ চাকৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in