খেল এতিয়া ‘ধেমালি’ নহয়, খেল এতিয়া কেৰিয়াৰ…

খেল এতিয়া ‘ধেমালি’ নহয়, খেল এতিয়া কেৰিয়াৰ…

তুষাৰ প্ৰতিম

ক্ৰীড়াৰ এক পৰিবেশ সৃষ্টি হৈছে অসমত। ক্ৰীড়াক যেন পূৰ্বতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে অসমত। সকলোৱে বুজি উঠিছে ক্ৰীড়াৰ গুৰুত্ব আৰু মহত্ব। সকলোৱে যেন বুজি পাইছে এতিয়া খেল 'ধেমালি' হৈ থকা নাই। এতিয়া খেল হৈ পৰিছে এটা সুন্দৰ কেৰিয়াৰ। ৰাজ্যৰ শেহতীয়া ক্ৰীড়াৰ পৰিবেশে যেন সেই কথাই কয়।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন সন্মান বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্টেম্বৰৰ জন্ম দিনটো প্ৰতিবছৰে ৰাজ্যত পালন কৰি অহা হৈছে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে। এইবাৰো ৰাজ্যবাসীয়ে পালন কৰিলে অভিৰুচি ক্ৰীড়া দিৱস। কিন্তু এইবাৰ পূৰ্বতকৈ কিছু পৃথক।

পোন প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে 'আমাৰ খেলুৱৈ আমাৰ সন্মান' শ্ল'গানেৰে পালন কৰিলে ৰাজ্যিক ক্ৰীড়া পেঞ্চন দিৱস। অসম ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে ৩ ছেপ্টেম্বৰ অৰ্থাত ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটোক ৰাজ্যিক ক্ৰীড়া পেঞ্চন দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সেই অনুসৰিয়েই শুক্ৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে পালন কৰিলে ক্ৰীড়া পেঞ্চন দিৱস।

অসমৰ ক্ৰীড়াক্ষেত্রৰ এগৰাকী জীৱন্ত কিংবদন্তি অৰ্জুন ভোগেশ্বৰ বৰুৱা ।১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত লাভ কৰিছিল স্বৰ্ণ পদক। লগে লগে তেওঁ হৈ পৰিছিল আন্তঃৰাষ্ট্ৰীয় এথলেটিকছত স্বৰ্ণপদক অৰ্জন কৰা প্ৰথম গৰাকী অসমীয়া। এই সফলতাৰ বাবেই ১৯৬৭ চনতেই এইগৰাকী ক্ৰীড়া বিদক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। এইগৰাকী অসম সন্তান কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰ ক্ৰীড়ীবিদৰ বাবে এক আদৰ্শ।যাৰবাবে জীৱন্ত কালতে এইগৰাকী অসমীয়া খেলুৱৈক সন্মান প্ৰদানৰ বাবে অসমত পালন কৰি অহা হৈছে অভিৰুচি ক্ৰীড়া দিৱস।


শুক্ৰবাৰে অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে চান্দমাৰি উৰণীয়া সেঁতুৰ পৰা অজশ্ৰ ক্ৰীড়া প্ৰেমী আৰু গুমুগ্ধই নেহেৰু ষ্টেডিয়ামলৈ উলিয়াই এক চাইকেল ৰেলী। এই ৰেলীত অংশগ্ৰহণ কৰে ক্ৰীড়াবিদগৰাকীয়ে।এই অনুষ্ঠানত ক্ৰীড়ামন্ত্রী বিমল বৰাৰ সহিতে এখন বাহনত দেখা গ'ল অৰ্জুন ভোগেশ্বৰ বৰুৱাক।যাত্ৰা পথত ক্ৰীড়াপ্ৰেমী ৰাইজৰ অভিবাদন গ্ৰহণ কৰিলে অসমৰ প্ৰথমগৰাকী অৰ্জুুনে।

ইয়াৰ পিছতে হোটেল লেণ্ডমাৰ্কত জন্মদিনৰ কেক কাটিলে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। অভিৰুচিৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয় প্ৰবীণ খেলুৱৈগৰাকীক। জন্মদিন উদযাপনৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে অভিৰুচিৰ মূল উদ্যোক্তা বলেন চক্ৰৱৰ্তী, জেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা, অসম খো'খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাকে আদি কৰি অসমৰ বহুকেইটা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াই।

ইফালে বিয়লি শ্ৰীমন্ত শংকৰদে কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিলে প্ৰথমবাৰৰ বাবে ক্ৰীড়া পেঞ্চন দিৱস। ক্ৰীড়াবিদ গৰাকীৰ জন্মদিনটোক এইদৰে উদযাপন কৰাৰ লগতে খেলুৱৈসকলক যি ধৰণে আৰ্থিক পুৰস্কাৰ আৰু পেঞ্চন প্ৰদান কৰিলে তাৰ বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰিলে।

এই অনুষ্ঠানত ক্ৰীড়াবিদ গৰাকীৰ উপৰিও ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্ৰী বিমল বৰাকে ধৰি আন বহুকেইজন মন্ত্ৰী, বিধায়ককে প্ৰমুখ্য কৰি বহু ক্ৰীড়িবিদে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিতি থাক অসম অলিম্পিক সন্থাৰ বিষয়ববীয়সকলৰ লগতে বিভিন্ন ৰা়জ্যিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই।

ক্ৰীড়া পেঞ্চন দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ক্ৰীড়া বিভাগৰ ফালৰ পৰা মুঠ ৯৯ গৰাকী খেলুৱৈক প্ৰদান কৰা হ'ল নিয়মীয়া ক্ৰীড়া পেঞ্চন। এই পেঞ্চনৰ পৰিমাণ ৮ হাজাৰৰ পৰিৱৰ্তে ১০ হাজাৰলৈ বৃদ্ধি কৰাৰো সিদ্ধান্তৰ কথা ঘোষণা কৰা হ'ল। একেদৰে ১৫৩ গৰাকী খেলুৱৈক প্ৰদান কৰা হ'ল এককালীন আৰ্থিক পুৰস্কাৰ। চাকৰিত নিয়োজিত হৈ থকা পদকবিজয়ী খেলুৱৈসকলক ৫০ হাজাৰকৈ এককালীন সাহাৰ্য আগবঢ়োৱা হ'ল।

আনহাতে এই অনুষ্ঠানতে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা যমুনা বড়ো আৰু আৰ্চাৰ সঞ্জয় বড়োক প্ৰদান কৰিলে ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি চৰকাৰী চাকৰি। দুয়োগৰাকীকে প্ৰদান কৰিলে আবকাৰী পৰিদৰ্শকৰ চাকৰি। এই অনুষ্ঠানতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এক গুৰুত্বপূৰ্ণ মন্তব্য।তেওঁ কয় আগন্তুক সময়ত চৰকাৰী চাকৰিত খেলুৱৈৰ বাবে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

মন কৰিবলগীয়া যে ৰাজ্যত শেহতীয়াকৈ ক্ৰীড়াৰ এক সুস্থ পৰিবেশ গঢ়ি উঠিছে। ৰাজ্যৰ ক্ৰীড়া বিদক চৰকাৰে বিভিন্ন ধৰেণে সংস্থাপন কৰাৰ লগতে প্ৰদান কৰিছে আৰ্থিক সাহায্য। একেদৰে অলিম্পিক, এছিয়ান, কমনেৱল্থ আদি প্ৰতিযোগিতাত পদক লাভ কৰা খেলুৱৈৰ বাবে ঘোষণা কৰিছে আৰ্থিক সাহায্যৰ লগতে চৰকাৰী চাকৰি। ট

তেনে ঘোষণাক কেন্দ্ৰ কৰি টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ৰ জৰিয়তে অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈ পৰা লাভলীনাক অসম চৰকাৰে প্ৰদান কৰিছে ১ কোটি টকাৰ লগতে এ গ্ৰেডৰ চাকৰি।

ইফালে ৰাজ্যৰ খেলুৱৈক এইদৰে গুৰুত্ব প্ৰদান কৰাৰ বাবে খেলৰ এক সুস্থ পৰিবেশ গঢ় লৈছে বুলি চৰকাৰী মহলে দাবী কৰিছে। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, কেৱল খেলুৱৈক আৰ্থিক সাহায্য প্ৰদান কৰিলেই ক্ৰীড়াৰ সৰ্বাঙ্গীন উন্নয়ন সম্ভৱ হ'ব নে? খেলুৱৈ সৃষ্টি কৰাৰ বাবে চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? ক্ৰীড়াৰ আন্তঃগাঁথনি সৃষ্টি হৈছেনে?

অসম চৰকাৰে যিদৰে খেলুৱৈক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিছে সেইদৰে কিন্তু এইবোৰ বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। খেলুৱৈ সৃষ্টিৰ লগতে তেওঁলোকৰ উপযুক্ত অনুশীলনৰ ব্যৱস্থা কৰা আৰু উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আদি বিষয়বোৰক গুৰুত্ব প্ৰদান কৰা হোৱা নাই। চৰকাৰে খেলুৱৈক যিদৰে সংস্থাপিত কৰিছে আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিছে ঠিক সেইদৰে খেলুৱৈ সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন আদি দিশ সমূহকো গুৰুত্ব প্ৰদান কৰা উচিত। অন্যথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অসমৰ সফলতাৰ ধাৰাবাহিকতালৈ আগন্তুক সময়ত স্তব্ধ হৈ পৰিব। কাৰণ সীমিত সুযোগ, সুবিধাৰে খেলুৱৈ কিমান দূৰ আগবাঢ়িব সেয়া সকলোৰে অনুমেয়।

এতিয়া অসমত ক্ৰীড়াক লৈ অসমৰ ৰাইজৰ মাজত সৃষ্টি হৈছে উৎসুকতা। নিজ সন্তানক খেল পথাৰলৈ উলিয়াই আনিছে অভিভাৱকে। সন্তানৰ হাতত খেলৰ সামগ্ৰী তুলি দি অভিভাৱকে খেল পথাৰলৈ পঠিয়াই দিছে সন্তানক। হিমা দাসে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰ পাছতেই লাহে লাহে অসমত এনে এক পৰিবেশ সৃষ্টি হৈছিল। শেহতীয়াকৈ লাভলীনা বৰগোঁহাইয়ে অলিম্পিকত লাভ কৰা সফলতাৰ পাছতেই এতিয়া অসমৰ ক্ৰীড়াৰ সোণালী যাত্ৰা আৰম্ভ হৈছে বুলি ক'ব বিচাৰে একাংশ‌ই।

খেলুৱৈৰ পৰা আৰম্ভ কৰি অভিভাৱক আৰু সচেতন মহলৰ মাজত গঢ় লৈ উঠা এনে ক্ৰীড়া সুলভ পৰিবেশক অধিক সুস্থিৰ কৰাৰ দায়িত্ব এতিয়া চৰকাৰে। যিদৰে খেলুৱৈক আৰ্থিক সাহায্য আৰু সংস্থাপনৰ ব্যৱস্থা কৰি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ঠিক সেইদৰে এক বাস্তৱসন্মত ৰোড মেপ তৈয়াৰ কৰি খেলুৱৈ সৃষ্টিৰ লগতে উপযুক্ত আৰু উন্নত ক্ৰীড়া আন্তঃগাঁথনি তৈয়াৰ কৰা আৰু খেলুৱৈৰ উন্নত অনুশীলন আৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। চৰকাৰে যদি সেই ৰোডমেপ তৈয়াৰ কৰে তেনে নিশ্চিতভাৱে আগন্তুক সময়ত অসম হৈ পৰিব ভাৰতৰ ক্ৰীড়াৰ বৰঘৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in