ৰাজ্যিক পৰ্যায়ত নলবাৰী দলৰ সাফল্য

ৰাজ্যিক পৰ্যায়ত নলবাৰী দলৰ সাফল্য

ডিজিটেল সংবাদ, নলবাৰীঃ আই টি এফ টাং-চু-দু স্প'ৰ্টছ এছোচিয়েচন, অসমৰ উদ্যোগত গুৱাহাটীৰ বেলতলাত দেওবাৰে ৰাজ্যিক পৰ্যায়ৰ আন্তঃস্কুল টাং-চু-দু (ল'ৰা-ছোৱালী) সমৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। উক্ত খেলখনত নলবাৰী জিলা টাং-চু-দু এছোচিয়েচনৰ পৰা এঘাৰজনীয়া এটা দলে অংশগ্ৰহণ কৰে।

নলবাৰীৰ দলটোৱে দুটা সোণৰ পদক, টা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।সোণৰ পদক লাভ কৰে-চাহিল কুমাৰ ঠাকুৰ আৰু ইনতাদুল হুছেইনে আৰু ৰূপৰ পদক লাভ কৰে ৰিচান তাহিৰ আৰু আৰমান হকে।

সেইদৰে ব্ৰঞ্জৰ পদক লাভ কৰে দ্বীপজ্যোতি ডেকাই। খেলত নলবাৰী জিলা দলটোৰ প্ৰশিক্ষক হিচাবে গৈছিল আজহাৰুল আমিন আৰু গুৱাহাটীৰ মুখ্য বিচাৰক হিচাপে উপস্থিত থাকে এন চি ৰাওঁ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in