শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

খেলত উজ্বলিছে নাৰী! খেল মন্ত্ৰণালয়ে পদ্ম সন্মানৰ বাবে প্ৰেৰণ কৰা তালিকাত ৯গৰাকী খেলুৱৈৰ নাম

478

ডিজিটেল ডেস্কঃ দেশৰ ইতিহাসত প্ৰথমবাৰ পদ্ম বিভূষণ সন্মানৰ বাবে নাম প্ৰেৰণ কৰা হৈছে এগৰাকী মহিলা এথলিটৰ। ৬ বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা বক্সাৰগৰাকী হৈছে মেৰি কম।

উল্লেখ্য যে, পদ্ম সন্মানৰ বাবে মুঠ ৯গৰাকী মহিলা খেলুৱৈৰ নাম প্ৰেৰণ কৰাৰ সমান্তৰালকৈ দেশৰ দ্বিতীয় সৰ্ব্বোচ্চ সন্মান পদ্ম বিভূষণৰ বাবে প্ৰেৰণ কৰা হৈছে মেৰি কমৰ নাম। ২০১৩ চনত পদ্ম ভূষণ লাভ কৰাৰ উপৰি ২০০৬ চনত পদ্ম শ্ৰী সন্মান লাভ কৰিছিল মেৰি কমে।

Image result for mary kom
মেৰি কম…

ইফালে দেশৰ তৃতীয় সৰ্ব্বোচ্চ সন্মান পদ্ম ভূষণৰ বাবে নাম প্ৰেৰণ কৰা হৈছে আগষ্ট মাহত বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা পি ভি সিন্ধুৰ। ২০১৫ চনত পি ভি সিন্ধুৱে লাভ কৰিছিল পদ্ম শ্ৰী সন্মান।

Image result for pv sindhu
পি ভি সিন্ধু…

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি পদ্ম শ্ৰী সন্মানৰ বাবে নাম প্ৰেৰণ কৰা খেলুৱৈসকল হৈছে মল্ল যুঁজাৰু বিনেশ ভগাত, টেবুল টেনিছ খেলুৱৈ মনিকা বাত্ৰা, ক্ৰিকেটাৰ হৰমনপ্ৰীট ক’ৰ, হকীৰ অধিনায়ক ৰাণী ৰামপাল, প্ৰাক্তন শ্বুটাৰ চুমা শীৰুৰ আৰু পৰ্বতাৰোহনকাৰী দুই ভগ্নী তাচী আৰু নুংচী মালিক। গৃহ মন্ত্ৰালয়ৰ পদ্মশ্ৰী এৱাৰ্ড বাচনি কমিটিলৈ এইসকল খেলুৱৈৰ নাম প্ৰেৰণ কৰা হৈছে। ২০২০ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত নাম গোষণা কৰা হ’ব সন্মান লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি