অতীত হ’ল টকিঅ’ অলিম্পিক,পেৰিছ-২০২৪ লৈ সাজু হও আহক..

অতীত হ’ল টকিঅ’ অলিম্পিক,পেৰিছ-২০২৪ লৈ সাজু হও আহক..

তুষাৰ প্ৰতিম

সমগ্ৰ অসম এতিয়া লাভলীনাময়। লাভলীনাক লৈ সমগ্ৰ অসমত আনন্দমুখৰ পৰিৱেশ। ৰাজ্যৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে অলিম্পিক পদক জয় কৰা লাভলীনাক অসম চৰকাৰে ১২ ফেব্ৰুৱাৰীত ৰাজকীয় আদৰণি জনালে। কেৱল আদৰণি জনোৱাই নহয় লাভলীনালৈ আগবঢ়ালে ১ কোটি টকা ধনৰ লগতে ডি এছ পিৰ চাকৰি। ইয়াৰোপৰি লাভলীনাক পেৰিছ অলিম্পিকলৈকে প্ৰতিমাহে ১ লাখকৈ স্কলাৰশ্বিপ প্ৰদান কৰাৰ লগতে গুৱাহাটীৰ এটা পথ তেওঁৰ নামেৰে নামাকৰণ কৰাৰ লগতে তেওঁৰ জন্মস্থানত নিৰ্মাণ কৰিব ২৫ কোটি টকা ব্যয়ৰে এটা ক্ৰীড়া প্ৰকল্প।

লাভলীনাৰ সফলতাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপ সচাকৈয়ে প্ৰসংশনীয়। ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহু পিছপৰি থকা অসমত প্ৰয়োজন ক্ৰীড়াৰ উন্নত আন্তঃগাঁথনি। গুৱহাটী আৰু অসমৰ কেইখনমান প্ৰধানচহৰক বাদ দি অসমত আজিও গঢ়লৈ উঠা নাই ক্ৰীড়াৰ আন্তঃগাঁথনি।

অসম চৰকাৰৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি লাভলীনাই উল্লেখ কৰিছিল অসম তথা উত্তৰপূৰ্বাঞ্চলত প্ৰতিভাৰ অভাৱ নাই। তেওঁ এই ক্ষেত্ৰত এই অঞ্চলটোৰ পৰা সৃষ্টি হোৱা মণিপুৰৰ মেৰী কম, মীৰাবাঈ চানু আদিৰ নাম উল্লেখ কৰিছিল। মেৰী কম, মীৰাবাঈ চানু আৰু লাভলীনাই অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি দেশলৈ কঢ়িয়াই আনিলে এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক। এয়া উত্তৰপূৰ্বাঞ্চলৰ বাবে সচাকৈয়ে গৌৰৱৰ কথা। কিন্তু প্ৰশ্ন হয়, লাভলীনাই কোৱাৰ দৰে অসম তথা উত্তৰপূৰ্বাঞ্চলৰ সেই প্ৰতিভাসমূহক উলিয়াই আনিব কোনে? কিদৰে তেওঁলোকক আগবঢ়াই নিব?

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীক দেশীয় ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ কথা কৈছিল। তেওঁ দেশৰ ক্ৰীড়া মন্ত্ৰী হৈ থকাৰ সময়তে সেই উদ্দেশ্য আগত লৈ অসমত অনুষ্ঠিত কৰিছিল দক্ষিণ এছিয়া ক্ৰীড়া সমাৰোহ। তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে অসমত অনুষ্ঠিত কৰিলে খেল' ইণ্ডিয়াৰ তৃতীয় সংস্কৰণ। ইয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ'ল আন কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা। এই প্ৰতিযোগিতা সমূহত অসমৰ কেইবাগৰাকী খেলুৱৈ জিলিকি উঠিছিল।

কিন্তু কেৱল প্ৰতিযোগিতা অনুষ্ঠিত কৰিলেই জানো এখন চহৰক দেশৰ ক্ৰীড়াৰ ৰাজধানী কাৰ সপোন বাস্তৱায়িত হৈ উঠব? ৰাজধানী হ'বলৈ লাগিব উন্নত আৰু পৰ্যাপ্ত আন্তঃগাথনি। কিন্তু ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ নামত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতেই হওক বা হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই হওক বিশেষ গুৰুত্ব প্ৰদান কৰা হোৱা নাই।

১৯৫২ চনতেই লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় ফুটবল দলৰ নেতৃ্ত্ব প্ৰদান কৰিছিল অবিভক্ত অসম সন্তান টালিমেৰণ আওয়ে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি অসমৰ ক্ৰীড়া প্ৰতিভাৰ কথা। কিন্তু আজি পৰ্যন্ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা সন্ধান কৰাৰ কোনো পৰিকল্পিত ৰোড মেপ নাই চৰকাৰৰ। তৃণমূল পৰ্যায়ৰ পৰা খেলুৱৈ নিৰ্বাচন কৰি উপযুক্ত পৰিকল্পনাৰে সেই খেলুৱৈক এগৰাকী দক্ষ খেলুৱৈ হিচাপে গঢ়ি তোলাৰ কোনো প্ৰচেষ্টা নাই চৰকাৰৰ। অসমৰ গ্ৰামাঞ্চলৰ পৰা কোনো ক্ৰীড়া প্ৰতিভা উলিয়াই আনি সেই প্ৰতিভাক উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলনৰ সুবিধা প্ৰদান কৰি এগৰাকী দক্ষ ক্ৰীড়াবিদ হিচাপে গঢ়ি তোলাৰ নজিৰ নাই।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা দেশৰ ক্ৰীড়াক প্ৰতিনিধত্ব কৰা অসমৰ যিসকল প্ৰতিভাধৰ খেলুৱৈ আছে সেইসকল কেৱল নিজৰ বলতেই গৈ এটা পৰ্যায়ত উপনীত হৈছে। লাভলীনায়ো ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰতিভা সন্ধানৰ সময়ত নিজৰ ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰি লাভলীনা গৈছিল ছাইলৈ। এই ছাইৰ পৰাই লাভলীনা ক্ৰীড়া ক্ষেত্ৰত আগুৱাই গৈছিল।

লাভলীনাই অলিম্পিকত ব্ৰঞ্জৰ পদক পোৱাৰ পাছতে পুনৰ খেলৰ গুৰুত্ব সম্পৰ্কে আলোচনা হৈছে। অভিভাৱকে নিজৰ সন্তানক খেলুৱৈ হিচাপে গঢ়ি তোলাৰ কথা কৈছে। সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তত থকা ক্ৰীড়া প্ৰতিভা সন্ধানৰ কথা কোৱা হৈছে। এই প্ৰতিভা সন্ধানৰ বাবে এতিয়া চৰকাৰে গ্ৰহণ কৰক এক উপযুক্ত আৰু সুপৰিকল্পিত কাৰ্য পন্থা। প্ৰতিখন জিলাৰ সদৰতেই হওক বা কোনো সুবিধাজনক স্থানত গঢ়ি তোলক ক্ৰীড়া প্ৰকল্প। এই প্ৰকল্পত অলিম্পিক অন্তৰ্ভুক্ত সকলো খেলৰ সুবিধা কৰা হওক।

অসমত আজিৰ তাৰিখত খেলুৱৈসকলৰ অনেক অসুবিধা আছে। আন্তঃগাঁথনিৰ উপৰিও আজিও অসমত নাই পৰ্যাপ্ত প্ৰশিক্ষক। নাই খেলৰ সামগ্ৰী। আজিও অসমৰ বহু সাতোৰ খেলুৱৈয়ে পুখুৰীত সাতোৰিয়েই নিজৰ প্ৰতিভাৰ প্ৰমান দাঙি ধৰিছে। এটা পৰ্যায়লৈকে পুখুৰীত সাতোৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিব পাৰি যদিও এটা পৰ্যায়ৰ পাছত সেয়া সম্ভৱ নহয়গৈ। কাৰণ পুখুৰী আৰু ছুইমিং পুলত সাতোৰাৰ মাজত প্ৰাৰ্থক্য আছে। অসম বিধান সভাৰ ২০২১-২২ বাজেট অধিৱেশনত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে অসমৰ প্ৰতিখন জিলাত ছুইমিং পুল গঢ়ি তোলাৰ কথা। এই ঘোষণা শীঘ্ৰে কাৰ্যকৰী হোৱাটো অতি জৰুৰী।

একেদৰে অসমত আজিও নাই জিমনাষ্টিকছৰ উপযুক্ত আন্তঃগাঁথনি। আন্তঃগাঁথিন অবিহনেই খেল' ইণ্ডিয়াৰ তৃতীয় সংস্কৰণত অসমৰ উপাষা তালুকদাৰে লাভ কৰিছিল ৪ টা কৈ পদক। উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত একমাত্ৰ নিজা প্ৰচেষ্টাতে যদি অসমৰ খেলুৱৈয়ে এইদৰে সফলতা লাভ কৰিবলৈ সক্ষম হয় তেনেহলে উপযুক্ত সুবিধা আৰু চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰিলে অসমৰ খেলুৈৱৈয়ে আৰু অধিক সফলতা যে লাভ কৰিব সেয়া নিশ্চিত।

এয়া মাত্ৰ দুটা উদাহৰণহে। এনে উদাহৰণ আৰু অনেক আছে। সেইবোৰ লিখি শেষ কিব নোৱাৰি। কেৱল আন্তঃগাঁথনি আৰু পৰ্যাপ্ত সুবিধা নথকাৰ দিশতোক দাঙি ধৰিবলৈ এই দুটা উদাহৰণ দাঙি ধৰা হ'ল।

পেৰিছত অনুষ্ঠিত হ'ব ২০২৪ চনৰ অলিম্পিক। এই প্ৰতিযোগিতালৈ মাজত মাত্ৰ দুটা বছৰ আছে। এই সময়ত অলিম্পিকত প্ৰতিনিধিত্ব কৰিব পৰাকৈ খেলুৱৈ তৈয়াৰ কৰি তোলা সম্ভৱ নহয় যদিও অসমত এই মুহূৰ্তত আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্য সফলতা লাভ কৰা বহু কেইগৰাকী খেলুৱৈ। সাতোৰত শিৱাংগী শৰ্মা, ভাৰত্তোলনত সিদ্ধান্ত গগৈ, টাইকোৱাণ্ডত ৰ'দালি বৰুৱা, বক্সিংত যমুনা বড়ো, শ্বুটিঙত হৃদয় হাজৰিকা আদি।

ইতিমধ্যে শিৱাংগী শৰ্মাই দক্ষিণ এছিয়া ক্ৰীড়া আৰু খেল' ইণ্ডিয়াত কেইবাটাও স্বৰ্ণ পদক লাভ কৰি নিজৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিছে। একেদৰে হৃদয় হাজৰিকাই বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত লাভ কৰিছে স্বৰ্ণ পদক। টাইকোৱাণ্ড খেলুৱৈ ৰ'দালি বৰুৱা দেশৰ শ্ৰেষ্ঠ আৰু এছিয়াৰে এগৰাকী শক্তিশালী খেলুৱৈ।বিশ্ব টাইকোৱাণ্ডত চলে কেৱল এছিয়াৰ ৰাজত্ব। একেদৰে ভাৰত্তোলনত সিদ্ধান্ত গগৈয়ে আৰু বক্সিংত যমুনা বড়োৱে ইতিমধ্যে নিজৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিছে।

এই খেলুৱৈসকলক অসম চৰাকাৰে পেৰিছ-২০২৪লৈ তৈয়াৰ কৰক। তেওঁলোকৰ উন্নত প্ৰশিক্ষণ আৰু অলিম্পিক প্ৰস্তুতিৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি পেৰিছ-২০২৪ লৈ আত্মবিশ্বাসী হৈ থকা লাভলীনাৰ লগত যদি অসমৰ পৰা আৰু ৫ গৰাকী খেলুৱৈয়ে দেশক প্ৰতিনিধত্ব কৰে তেনে অসমৰ বাবে হৈ পৰিব ই গৌৰৱৰ ক্ষণ। কল্পনা কৰকচোন অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি অসমৰ ৫ ৰ পৰা ৭ গৰাকী খেলপুৱৈ জিলিকি উঠিছে! কিমান এক গৌৰৱৰ ক্ষণ হ'ব পাৰে বাৰু সেইয়া অসমৰ বাবে!

এইনে এক গোৰৱৰ ক্ষণত উপনীত হ'বলৈ অসমৰ এইসকল খেলুৱৈক প্ৰদান কৰিব লাগিব উপযুক্ত সুবিধা। এই সুবিধা প্ৰদানৰ দায়িত্ব অসম চৰকাৰৰ। লাভলীনা, হিমাৰ সফলতাৰ পাছত অসম চৰাকেৰ বহু কেইটা ভাল পদক্ষেপ হাতত লৈছে। যাৰ বাবে চৰকাৰক প্ৰশংসা কৰিবই লাগিব। লাভলিনা হিমাক চৰকাৰে আজি যি সন্মান আৰু সুযোগ সুবিধা প্ৰদান কৰিছে তাৰ বাবে চৰকাৰক ধন্যবাদ জনায়ো কও অসমৰ আন খেলুৱৈসকলৰ বাবেও এক বাস্তৱসন্মত পৰিকল্পনা গ্ৰহণ কৰক। তৃণমূল পৰ্যায়ৰ পৰা সন্ধান কৰি উলিৱাওক প্ৰতিভা। ইয়াৰ লগতে যিসকলক খেলুৱৈয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা বহন কৰিছে তেওঁলোকৰ পূৰ্বৰ ৰেকৰ্ড লক্ষ্য কিৰ তাৰ উপৰত ভিত্তি কৰি অলিম্পিকৰ বাবে নিজকে সাজু কৰিবলৈ প্ৰদান কৰক বিশেষ জলপানী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in