অসমৰ বিমানযাত্ৰীৰ বাবে স্পাইচজেটৰ নতুন উপহাৰ

অসমৰ বিমানযাত্ৰীৰ বাবে স্পাইচজেটৰ নতুন উপহাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ বিমানযাত্ৰীসকললৈ সুখবৰ কঢ়িয়াই আনিছে স্পাইচজেটে। এই অনুযায়ী এতিয়াৰে পৰা গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ পোনপটীয়াকৈ চলিব ব্যক্তিগত বিমান পৰিবহণ সংস্থাটোৰ বিমান। ১০ অক্টোবৰৰ পৰা যাত্ৰাৰ শুভাৰম্ভ কৰিব গুৱাহাটী-হায়দৰাবাদ সংযোগী স্পাইচজেটৰ বিমানখনে।

একেদৰে ১৬ অক্টোবৰৰ পৰা চিকিমৰ পাকিয়ং বিমানবন্দৰলৈ চলিব স্পাইচজেটৰ বিমান। লগতে প্ৰতিষ্ঠানটোৱে দেশৰ আৰু কেবাখনো প্ৰধান চহৰৰ মাজত পোনপটীয়া বিমানৰ উৰণ আৰম্ভ কৰাৰ কথাও ৱেবছাইটত ঘোষণা কৰিছে।

স্পাইচজেটে গুৱাহাটীৰ পৰা নতুন বিমানৰ উৰণ আৰম্ভ কৰিবলৈ হাতত লোৱা প্ৰচেষ্টাক আদৰণি জনাইছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 'এডভাণ্টেজ অাছাম'ত লোৱা সিদ্ধান্ত অনুযায়ীয়েই স্পাইচজেটে এই নতুন ঘোষণা কৰিছে।

অসমৰ প্ৰতিটো বিমানবন্দৰক অত্যাধুনিক ৰূপ দিবলৈ ৰাজ্য চৰকাৰে যো-জা চলাইছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিমানবন্দৰৰ আধুনিকীকৰণে ৰাজ্যখনক এক নতুন গতি দিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in