গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ…

গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ…
  • স্পাইচজেটৰ এখন বিমান বৃহস্পতিবাৰে জৰুৰীকালীনভাৱে ৰায়পুৰত কৰা হয় অৱতৰণ।
  • গুৱাহাটীৰ পৰা মুম্বাই অভিমুখে গৈ আছিল স্পাইচজেটৰ ৬৪৮১ নম্বৰৰ বিমানখন।
  • কিন্তু এজন যাত্ৰী হঠাৎ অসুস্থ হৈ পৰাৰ বাবে ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত অৱতৰণ কৰিব লগা হয় বিমানখন।
  • জিতেন্দ্ৰ সিন্ধে নামৰ যাত্ৰীগৰাকীয়ে উশাহ লোৱাত কষ্ট পোৱা কথা জনায়।
  • তাৰপাছতেই এনেদৰে জৰুৰীকালীনভাৱে অৱতৰণ কৰা হয় বিমানখন।
  • বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে লোকজন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in