কেন্দ্ৰীয় চৰকাৰে উভতাই ল’ব গান্ধী পৰিয়ালৰ SPG চিকিউৰিটি!

কেন্দ্ৰীয় চৰকাৰে উভতাই ল’ব গান্ধী পৰিয়ালৰ SPG চিকিউৰিটি!

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক নিৰাপত্তাৰক্ষীৰ দ্বাৰা কৰা হত্যাৰ পিছত স্থাপন কৰা হৈছিল স্পেছিয়েল প্ৰটেকছন গ্ৰুপ ছিকিউৰিটি। কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এছপিজি এক্টৰ সংশোধন কৰি গান্ধী পৰিয়ালৰ অন্য সদস্যসকলকো এছপিজি চিকিউৰিটি প্ৰদান কৰা হৈছিল।

শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা ব্যৱস্থা উভতাই লোৱাৰ সিদ্ধান্ত লৈছে। গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ এছপিজি নিৰাপত্তা ব্যৱস্থা উভতাই লোৱা হ'ব। অৱশ্যে ইয়াৰ পিছতো তেওঁলোকে জেড প্লাছ চিকিউৰিটি লাভ কৰি থাকিব।

সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে সকলো নিৰাপত্তা এজেন্সীৰ পৰামৰ্শমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অন্যহাতে গান্ধী পৰিয়ালৰ এক ঘনিষ্ঠ সূত্ৰই সদৰী কৰা মতে এই সন্দৰ্ভত এতিয়াও গান্ধী পৰিয়ালৰ সদস্যসকলক অৱগত কৰা হোৱা নাই। উল্লেখ্য যে, শেহতীয়াভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰো এছপিজি চিকিউৰিটি উভতাই লৈছিল কেন্দ্ৰীয় চৰকাৰে। যাৰ পৰিপ্ৰেক্ষিতত যদি গান্ধী পৰিয়ালৰো এছপিজি নিৰাপত্তা ব্যৱস্থা উভতাই লোৱা হয়, তেন্তে সমগ্ৰ দেশতে এছপিজি নিৰাপত্তা লাভ কৰা একমাত্ৰ ব্যক্তিগৰাকী হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

প্ৰণিধানযোগ্য যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ১৯৮৫ চনত স্থাপন কৰা হৈছিল এছপিজিৰ। ১৯৯১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত এছপিজি এক্টৰ সংশোধন কৰা হয় আৰু তেওঁৰ পৰিয়ালক আগন্তুক ১০ বছৰৰ বাবে এছপিজি নিৰাপত্তা ব্যৱস্থা প্ৰদানৰ ব্যৱস্থা কৰা হয়। কিন্তু ২০০৩ চনত কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাত এছপিজি এক্টৰ পুনৰ সংশোধন কৰি ইয়াৰ ম্যাদ ১০ বছৰৰ পৰিৱৰ্তে ১ বছৰলৈ হ্ৰাস কৰা হয় আৰু তাৰ লগতে প্ৰয়োজনত যাতে নিৰাপত্তা ব্যৱস্থাৰ সীমা বৃদ্ধি বা হ্ৰাস কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in