২৩ অক্টোবৰত ৬০ সংগঠনৰ অসম বন্ধ

২৩ অক্টোবৰত ৬০ সংগঠনৰ  অসম বন্ধ

► মৃদুল কুমাৰ সন্দিকৈ

অধিকাৰ! সকলোৰে 'অধিকাৰ' থাকে! তাত বাধা দি লাভ নাই। সেই অধিকাৰ সাব্যস্ত কৰিবলৈ কেতিয়াবা প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়। কোনোবাই যদি অতি কৌশলেৰে তেনে অধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্ৰয়াস কৰে তেন্তে প্ৰতিবাদ হ'বই!

'এই জুই জ্বলিছে! আৰু জ্বলিব।' সংঘাতৰ সূত্ৰপাত ঘটিব। কিন্তু অধিকাৰ সুৰক্ষিত হ'ব লাগিব। খিলঞ্জীয়া লোকৰ অধিকাৰ বিঘ্নিত আৰু বিপন্ন কৰি আন কাৰোবাক ৰঙা দলিচা পাৰি দিলে কোনে শান্তিত বহি থাকিব পাৰে? কিমান দিনলৈ চলিব দিল্লীৰ এই গোপন ষড়যন্ত্ৰ?

নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ কি ক্ষতি কৰিব সেয়া অসমৰ থলুৱা ৰাইজতকৈ আনে কি বুজিব? মোগলক বাধা দি ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰা অসমীয়া ৰণুৱা-বনুৱা সকল আকৌ এক শৰাইঘাটৰ যুদ্ধৰ বাবে সাজু হৈছে। 'আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই'- শ্ল'গানেৰে জাতিধ্বংসী এই অভিযানৰ বিৰুদ্ধে প্ৰায় ৬০টা সংগঠন সাজু হৈছে। প্ৰতিবাদৰ পাছত প্ৰতিবাদ। সেই প্ৰতিবাদৰ ভাষা দিল্লীয়ে একো বুজা নাই।

বুজিও বুজিবলৈ চেষ্টা নকৰা শাসকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাত আকোঁৰগোঁজ হৈ আছে। দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকতে হিন্দুত্ব শ্ল'গানেৰে ৰাজনীতিৰ পাশা খেলা সকলে মুকলিকৈ ঘোষণা কৰিছে এই সংশোধনী বিধেয়ক গৃহীত কৰিব। দেশৰ বাহিৰত থকা কিছু নাগৰিক বিশেষকৈ বাংলাদেশৰ হিন্দু নাগৰিকসকলক ভাৰতীয় নাগৰিক ৰূপে স্বীকৃতি প্ৰদান কৰি অসমৰ ভূমিত সংস্থাপিত কৰিব।

শীৰ্ষ নেতৃত্বৰ এই ঘোষণাক বেদবাক্য ৰূপে লৈ এদিন জাতি-মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া সকলৰ কোনোৱে কুলিৰ দৰে দেখিও নেদেখা, শুনিও নুশুনা ভাও ধৰিছে। এচামে আকৌ এই জাতিধ্বংসীৰ কাৰ্যত হাত উজান দি প্ৰভুভক্ত পৰিচয় দিবলৈ গৈ এই বিধেয়কহে অসমৰ স্বাৰ্থ তথা খিলঞ্জীয়া সুৰক্ষাক নিশ্চয়তা দিব বুলি মানুহক বিপথে পৰিচালিত কৰিছে। তাৰ বাবে আনকি এন আৰ চিত বহু বিদেশীৰ নাম সোমোৱাৰ পাছত ইয়াৰ বিকল্প নাই বুলি হাস্যকৰ যুক্তি দৰ্শাইছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ভাৰতলৈ বিদেশত থকা হিন্দুসকলক ৰঙা দলিচা পাৰি দিব বিচৰাৰ বিৰুদ্ধে অসম গৰ্জি উঠিছে। ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত গঠিত যুটীয়া সংসদীয় কমিটীয়ে এই বিধেয়কখনৰ সন্দৰ্ভত ৭ মে'ত শুনানি লৈছিল গুৱাহাটীত। গুৱাহাটীত এদিন শুনানি লোৱাৰ বিপৰীতে ৮ আৰু ৯ মে'ত শিলচৰত আৰু ১০ মে', ২০১৮ত শ্বিলঙত শুনানি গ্ৰহণ কৰিছিল।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যই এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। সকলোৱে অনুভৱ কৰিছে- এই বিধেয়ক গৃহীত  হ'লে খিলঞ্জীয়াসকল নিজ ৰাজ্যতে ভগনীয়া সদৃশ হ'ব। ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিব অসমত। শাসকীয় বিজেপিৰ এজন বিতৰ্কিত বিধায়কে অত্যুৎসাহী হৈ ইতিমধ্যে ঘোষণা কৰিছে- অসমক আমি দ্বিতীয় ত্ৰিপুৰা কৰিম, দ্বিতীয় কাশ্মীৰ হ'ব নিদিও।

ত্ৰিপুৰাৰ থলুৱা লোকসকল আজি সকলো ফালৰ পৰা নিষ্পেষিত। তেওঁলোকৰ হাতত একো অধিকাৰেই নাই। ৰাজনৈতিকভাৱে তেওঁলোকক কেতিয়াবাই হত্যা কৰা হ'ল। অস্তিত্ব সংগ্ৰামৰ এই যুঁজত তেওঁলোক পৰাস্ত। এনে পৰিস্থিতি অসমত হ'বলৈ আৰু কিমান দিন? অসমলৈ প্ৰায় ১ কোটি ৯০ লাখ বঙালীভাষী হিন্দুৰ অধিকাংশই অহাৰ পাছত অসমীয়া ভাষা, অসমীয়া জাতিৰ অস্তিত্ব ৰ'বনে? সেই কথা চিন্তা কৰাৰ অৱকাশ ক্ষমতাধাৰীসকলৰ নাই। ৫ বছৰৰ শাসনৰ সোৱাদৰ নামত জাতিৰ ভৱিষ্যতক লৈ পাশা খেলিবলৈ ওলোৱা গেৰুৱাধাৰী নেতা-মন্ত্ৰীসকলে সকলো জানিও মাত মাতিব পৰাকৈ সাহস কৰিব পৰা নাই। কিজানি পাখি কাটে দিল্লীৰ প্ৰভুসকলে।

ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এই স্থিতি গ্ৰহণ কৰা নেতা-মন্ত্ৰীসকলে এদিন বিদেশী খেদা আন্দোলনত নামিছিল। মানুহক তেতিয়া কৈছিল- অসমত বিদেশী সোমাইছে, খেদিব লাগে। আৰু এতিয়া তেওঁলোকৰ মুখত শুনা যায়- 'অসমৰ স্বাৰ্থ বিপন্ন, বিদেশী আনিব লাগে।'

বহিঃৰাষ্ট্ৰৰ অবৈধ হিন্দু বাংলাদেশীক আনি অসমত সংস্থাপিত কৰি অসমৰ স্বাৰ্থ কিদৰে সুৰক্ষিত কৰিব বিচাৰিছে সেই উত্তৰ তেওঁলোকৰ হাততো নাই। দীৰ্ঘদিন ধৰি অসমে এই সমস্যাৰ সন্মুখীন হৈ আহিছে। কোনো দল বা চৰকাৰে অসমৰ অবৈধ বাংলাদেশী সমস্যা সমাধান কৰাত গুৰুত্ব দিয়াৰ সলনি ইয়াক ভোটৰ ললীপ'প ৰূপে ব্যৱহাৰ কৰি জাতীয় দায়ৱদ্ধতাক একাষৰীয়া কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। তাৰ প্ৰমাণ কংগ্ৰেছ, অগপ।

এদিন অসম আন্দোলনৰ অন্তত সোণৰ অসমৰ প্ৰতিশ্ৰুতি দিয়া আঞ্চলিক দল অগপ এতিয়াৰ নেতা তথা মন্ত্ৰীসকলে বৰ বৰ কণ্ঠৰে শ্ল'গান দিছিল- '১৯৫১চন, অসমবাসীৰ জীৱন পণ।' সেই নেতাসকলৰ ভূমিকাও ৰহস্যজনক। ২৩ অক্টোবৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গঠিত যুটীয়া সংসদীয় কমিটীয়ে তেওঁলোকৰ প্ৰতিবেদন জমা দিয়াৰ দুদিন আগত সাৰ পাইছে অসম গণ পৰিষদৰ নেতৃত্ব। প্ৰতিবাদী সমদল বাহিৰ কৰি ৰাইজৰ পৰা শেষ মুহূৰ্তত সমালোচনাৰ পৰা হাত সাৰিবলৈ যি তৎপৰতা প্ৰদৰ্শন কৰিছে, সেই তৎপৰতাৰ বিপৰীতে এই বিধেয়কখনক সমৰ্থন কৰা বিজেপি দলৰ সৈতে দিছপুৰত উঠা-বহা কৰি আছে।

অগপৰ সভাপতি অতুল বৰা, কাৰ্যবাহী সভাপতি কেশৱ মহন্তই মন্ত্ৰী পদ আকোৱালি ধৰি প্ৰতিবাদৰ নামত এক প্ৰকাৰৰ বহুৱালী কৰা বুলি ভাব হয়। কিয়নো এফালে চৰকাৰৰ অংশীদাৰ, আনফালে সেই চৰকাৰৰ পৃষ্ঠপোষকতাক সমৰ্থন জনোৱা বিধেয়কৰ বিৰুদ্ধে একেসময়তে প্ৰতিবাদ দুই নাৱত দুই ভৰি সদৃশ।

তথাকথিত কিছু জাতীয় দল-সংগঠনৰ নেতৃত্বই কেৱল সংবাদ মাধ্যমযোগে হুংকাৰ দিয়েই কাগজৰ বাঘৰ ৰূপ ধৰিছে। তাৰ মাজতে প্ৰায় ৬০টা সংগঠনে ২৩ অক্টোবৰত আহ্বান দিছে এই বিধেয়কৰ বিৰোধিতাৰে ১২ ঘণ্টীয়া অসম বন্ধ।  বন্ধক সমৰ্থন কৰা বা নকৰা দুই ফৈদৰ লোকৰ বাবে এই বন্ধ কিন্তু সাধাৰণ বন্ধ নহয়। জাতীয় স্বাৰ্থত প্ৰতিবাদ আৰু অধিকাৰ সাব্যস্ত কৰাৰ এক যুঁজ ৰূপে ইয়াক আখ্যা দিব পাৰি।

দল-সংগঠনে খিলঞ্জীয়া লোকৰ স্বাৰ্থৰ প্ৰতি ভাবুকি আহিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আহ্বান দিয়া বন্ধক বিফল কৰিবলৈ চৰকাৰী শাসকযন্ত্ৰ ব্যস্ত হৈ পৰিছে। প্ৰথম বাৰৰ বাবে বন্ধৰ বিৰুদ্ধে দিছপুৰৰ পৰা জিলা উপায়ুক্তসকললৈ নিৰ্দেশ দিয়া হৈছে যে- এই সময়চোৱাত সকলো চৰকাৰী কাৰ্যালয়ত বিষয়া-কৰ্মচাৰী উপস্থিত থকাতো বাঞ্চনীয়। কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে বন্ধৰ সময়চোৱাত দোকান বন্ধ ৰাখিলে তেওঁলোকৰ ট্ৰেড লাইচেঞ্চ বাতিলৰো ভাবুকি দিয়া হৈছে। ইফালে, ৰাজ্যিক বিজেপিয়ে এক বন্ধৰ বিৰুদ্ধে এক প্ৰস্তাৱ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত যে দলটো আছে সেয়া স্পষ্ট কৰি দিলে।

বন্ধ সংস্কৃতিক এতিয়া সকলোৱে আওকাণ কৰে। বন্ধ দিলে বন্ধ মানিবলৈ মানুহে টান পায়। কিন্তু ২৩ অক্টোবৰৰ অসম বন্ধৰ প্ৰতি নৈতিক সমৰ্থন বন্ধৰ বিৰোধিতা কৰা বহু দল-সংগঠন তথা ব্যক্তি বিশেষে দিবলৈ বাধ্য হৈছে। তাৰ কাৰণ হৈছে- জাতিৰ স্বাৰ্থ আৰু সুৰক্ষাৰ প্ৰশ্নত এক দায়ৱদ্ধ আৰু সমুহীয়া প্ৰতিবাদৰ প্ৰয়োজন আহি পৰিছে।

অসমীয়াৰ অস্তিত্ব আৰু অধিকাৰৰ প্ৰশ্নক বুঢ়া আঙুলি দেখুৱাই ১৭ নবেম্বৰত গুৱাহাটীত ২৬টা তথাকথিত বঙালী জাতীয় সংগঠনে আহ্বান কৰা অভিৱৰ্তনে অসমীয়া আৰু বঙালীৰ মাজত পুনৰ সংঘাতৰ বীজ ৰোপন কৰিব। সেই দূৰদৰ্শী চিন্তাৰে বিষয়টোক চালি-জাৰি চাই ৰাজ্যৰ থলুৱা আৰু খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে কোনো ভূমিকা পালন নকৰাতো আচৰিতজনক। অথচ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এদিন কৈছিল যে- জাতি-মাটি-ভেটিৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা কোনো কাম তেওঁ নকৰে।

অসম চুক্তিক আধাৰ কৰি অবৈধ বিদেশী সমস্যা সমাধানৰ বাবে যি ৰাজনৈতিক প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগিছিল সেয়া যোৱা ৩৩ বছৰে নহ'ল। অসমলৈ তাৰপাছতো নিৰ্বিঘ্নে বিদেশী নাগৰিক আহিয়ে থাকিল। অবৈধ বাংলাদেশী ৰাজনৈতিক দলৰ বাবে তাৰপাছতো ভোট ভিক্ষাৰ এক ইছ্যু হৈ পৰিল। কোনোবাই যদি অতি কৌশলেৰে বিদেশী পক্ষ লৈছে, আন কিছুৱে ধৰ্মীয় দৃষ্টিভংগীৰে অবৈধ বিদেশী নাগৰিকক দেশলৈ স্বদেশী কৰাৰ চক্ৰান্ত চলাইছে।

এনে পৰিস্থিতিত জোৰদাৰ প্ৰতিবাদৰ বাদে অধিকাৰৰ এই যুঁজত সন্মিলিত প্ৰতিবাদৰ সন্মুখত কোনো পথ নাই জাতীয় দল-সংগঠনৰ। যিসকলে এই প্ৰতিবাদৰ বিৰোধিতা কৰিছে, তেওঁলোকৰ কিছুৰ আছে ৰাজনৈতিক এজেণ্ডা। আৰু আন কিছুৰ আছে অসমত অসমীয়াকে ভগনীয়া কৰাৰ ইচ্ছা। সেইসকলৰ সৈতে হিন্দুত্ব সমীকৰণ একাকাৰ হোৱাৰ পাছত জটিল হৈ পৰিছে বিষয়টো।

অসম বন্ধৰ সমৰ্থন আমিও নকৰো। কিন্তু ২৩ অক্টোবৰৰ এই বন্ধ সাধাৰণ অসম বন্ধ নহয়। ইয়াৰ জৰিয়তে প্ৰতিফলিত হ'ব ৰাজ্যবাসীৰ মত। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ থলুৱা আৰু খিলঞ্জীয়া ৰাইজে দিয়া লিখিত মতামত কেন্দ্ৰই গুৰুত্বই নিদিলে। সেয়েহে ২৩ অক্টোবৰৰ অসম বন্ধ জাতীয় স্বাৰ্থ আৰু খিলঞ্জীয়াৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই বিচাৰ প্ৰতিজন জাতীয় আৱেগেৰে পূৰ্ণ অসমীয়াই নিজেই বিবেচনা কৰিব।

২৩ অক্টোবৰৰ অসম বন্ধৰ বিৰোধিতা কৰিছে ৰাজ্যিক বিজেপিয়ে। এই বিজেপিয়ে ২৬ ছেপ্টেম্বৰত পশ্চিম বংগত দিছিল ১২ ঘণ্টীয়া  বন্ধ। দুজন ছাত্ৰৰ মৃত্যুৰ প্ৰতিবাদত আহ্বান দিয়া এই বন্ধত মৃত্যু হৈছিল এজন বিজেপি সমৰ্থকৰ। ১৬০০ বিজেপি কৰ্ম-কৰ্তাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। সেই দলটোৱে কোন যুক্তিত অসম বন্ধৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ পালে? এমাহৰ পূৰ্বে চুবুৰীয়া পশ্চিমবংগত বন্ধৰ আহ্বান দিয়াৰ কথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক মনত পেলাই দিব কোনে? ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কৈছে- যুক্তিগত কাৰণত তেওঁলোকে অসম বন্ধৰ আহ্বান দিছিল। মূল্যবৃদ্ধিকে ধৰি বহু বিষয়ক লৈ বিৰোধী পক্ষত থাকোতে সৰৱ হৈছিল। অসমৰ অস্তিত্বক লৈ ভাবুকি অহা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কোনো জাতীয় সংগঠনে আহ্বান দিয়া বন্ধক যি যুক্তিত গুৰুত্বহীন বুলি ক'ব পাৰে বিজেপিৰ নেতাগৰাকীয়ে? সেই কথাও ৰাইজে ভাবিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in