কেনে আছে বৰগীত বিশেষজ্ঞ পুণ্যব্ৰত দেৱ গোস্বামী?

কেনে আছে বৰগীত বিশেষজ্ঞ পুণ্যব্ৰত দেৱ গোস্বামী?

♦ মৃদুল কুমাৰ সন্দিকৈ

এই জীৱনৰ মহত্ব কেৱল নিঃস্বাৰ্থ মনুষ্য সেৱা। মানুহৰ কল্যাণৰ হকে নিয়োজিত তেওঁৰ জীৱন। সংগীত সাধনা আৰু সাংস্কৃতিক পৰিক্ৰমাৰে সমাজমুখী চেতনাত বৈষ্ণৱীয় আন্তৰিকতাৰে জ্ঞান অন্বেষণ কৰাই আছিল তেওঁৰ লক্ষ্য। এক বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী আৰু বৰ্ণাঢ্য জীৱনৰ গৰাকী তেওঁ।

কমতাপুৰৰ ৰজা দুল্লভ নাৰায়ণৰ অনুৰোধ মৰ্মে গৌড় দেশৰ ৰজা ধৰ্ম নাৰায়ণে ৭ঘৰ ব্ৰাহ্মণ আৰু ৭ঘৰ কায়স্থ সেই ৰাজ্যলৈ পঠাইছিল। ইয়াৰে চন্দিবৰ হ'ল শ্ৰীমন্ত শংকৰদেৱৰ উপৰি পুৰুষ। আন এজন আছিল সদানন্দ। তেওঁৰেই বংশত জন্ম হৈছিল সতানন্দ দেৱ। সতানন্দ দেৱৰ চাৰি পুত্ৰৰ ভিতৰত কনিষ্ঠ পুত্ৰ কৃষ্ণ দেৱে প্ৰতিষ্ঠা কৰিছিল লেটুগ্ৰাম, নিকামূল, বালিসত্ৰ আদি।

এই নিকামূল সত্ৰৰে জড়িত তেখেত। তেওঁৰ পিতৃৰ নাম আছিল গ্ৰহণ চন্দ্ৰ গোস্বামী। তেওঁ আছিল ধৰ্মাধিকাৰ, সংগীতজ্ঞ, সুবক্তা আৰু ৰাজনীতিজ্ঞ। জ্যোতি প্ৰসাদ আগৰৱালা আছিল তেখেতৰ সংগী। সেই গহণ চন্দ্ৰ গোস্বামীৰ পুত্ৰ আছিল এওঁ। শাস্ত্ৰীয় সংগীতত এম মিউজ ডিগ্ৰী গ্ৰহণ কৰি সংগীত জগতখনত বিদ্যায়তনিক দিশত এক গুৰু দায়িত্ব লৈ ভক্তি মাৰ্গৰ মাজেৰে সংগীতক তুলি ধৰিছিল শৃংখলাবদ্ধভাৱে।

কণ্ঠত তেওঁৰ সৰস্বতী। শব্দ আৰু সুৰৰ অমৃত সদৃশ উচ্চাৰণৰ সম্ভাৰ। আচৰণত সাধু-সন্মত আৰু হৃদয় ভক্তিৰ নিজৰা। কিন্তু এই গুণবন্ত পুৰুষজন আছিল সংস্কাৰবাদী। তেওঁ আছিল উদাসীন। মানুহৰ মাজত থকা ভেদা-ভেদৰ উৰ্ধত এক ব্যক্তি সত্তা। সেয়ে তেওঁ য'ৰ লৈকে যায়, শিষ্যসকলে তেওঁক ভগৱানৰ দৰে পূজে। বৰ্তমান নিকামূল সত্ৰৰ সত্ৰাধিকাৰ ৰূপে ধৰ্ম, নৃত্য, গীত, অভিনয় আদিৰে অসমীয়া সমাজ জীৱনৰ সাংস্কৃতিক ধাৰাত গুৰু দুজনাৰ সৃষ্টিৰাজী বৰগীতক অন্যৰূপত তুলি ধৰা একমাত্ৰ বিশেষজ্ঞ ব্যক্তি।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে পুণ্যব্ৰত দেৱ গোস্বামী।
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে পুণ্যব্ৰত দেৱ গোস্বামী।

সমাজৰ কথা তেওঁ চিন্তা কৰে। সংস্কৃতিৰ বৰঘৰত তেওঁ কেৱল পূজাৰী হৈয়ে থকা নাই। সুস্থভাৱে সংগীত চৰ্চা, পৰিশীলিত ৰূপত ইয়াক আগুৱাই নিয়াৰ বাবে তেওঁ সংকল্পৱদ্ধ। লক্ষ্ণৌৰ ভাটখান্দেৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰি তেজপুৰত কলাগুৰু সংগীত মহাবিদ্যালয় স্থাপন কৰিছিল তেখেতে। ১৯৭৭চনৰ জুলাই মাহত কলাগুৰু সংগীত মহাবিদ্যালয় স্থাপনেৰে ইয়াৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কি সুদীৰ্ঘ ৪১ বছৰে নিষ্ঠাৰে এই দায়িত্ব তেওঁ পালন কৰি আহিছে।

শুধ বগা ধূতি-পাঞ্জাৱীৰে তেওঁৰ মুখত অনবৰতে লাগি থাকে পৰিচিত সেই হাঁহিটো। উদ্যম আৰু জাতি প্ৰেম তেওঁৰ মনত আজিও প্ৰবাহিত হৈ আছে। ১০ অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে তেওঁ। কিন্তু এতিয়াও তেওঁৰ মুখত সেই জাতি-মাটিৰ কথা।

ধৰ্মৰত্ন গহন চন্দ্ৰ গোস্বামী তেওঁৰ পিতৃ। তেখেত আছিল সংগীত নাটক অকাডেমী বিজয়ী। ১৯৬৯চনত গ্ৰহণ চন্দ্ৰ গোস্বামীয়ে লাভ কৰিছিল সাহিত্য একাডেমী সন্মান। সেই পৰিয়ালৰ সন্তান হিচাপে সংগীতক জীৱনৰ সাধনা ৰূপে লৈছিল। আকাশবাণী, দূৰদৰ্শন আদিৰ জৰিয়তে নিয়মিত বৰগীত পৰিবেশন কৰিছিল তেওঁ। আন বৰগীত শিল্পীসকলতকৈ সেয়া আছিল পৃথক।

তেওঁৰ জীৱন বিচিত্ৰ অভিজ্ঞতাৰে ভৰা। পাহাৰ-ভৈয়াম ঘূৰি তেওঁ সাংস্কৃতিক চৰ্চাৰ এক পৰিবেশ গঢ় দিব বিচাৰিছিল। বিজ্ঞানসন্মতভাৱে বৰগীতৰ চৰ্চা কৰি দৃঢ়তা সম্পন্ন একগৰাকী সমল ব্যক্তিৰূপে সৰ্বজন সমাদিত হৈছিল। তেখেতৰ উদ্যোগতেই সত্ৰ মহাসভাৰ সাংস্কৃতিক কেন্দ্ৰৰ পৰা যিটো বৰগীতৰ কেচেট ওলাইছিল, তেনে এটা বৰগীত কেচেট আৰু ওলোৱা নাই।

পুণ্যব্ৰত গোস্বামীৰ প্ৰজ্ঞা আৰু উত্তৰণ সহজলভ্য নহয়। প্ৰচণ্ড মানসিক শক্তি আৰু সাধনাৰ এক সুন্দৰ মন আৰু বিশাল ব্যক্তিত্বৰ সুঠাম চেহেৰাৰ গৰাকী তেওঁ। তেওঁ এগৰাকী সচেতন ধৰ্মাধিকাৰ। বহু দিশ তেওঁ বিচাৰ কৰিব পাৰে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেওঁ জড়িত। সাংস্কৃতিক চহৰ তেজপুৰৰ পৰা তেওঁ এই সংগীতৰ সাধনাৰ যাত্ৰা উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তলৈ বিয়পাই দিছিল। ভাৰতীয় উচ্চাংগ সংগীত হিচাপে বৰগীতক সৰ্বভাৰতীয় স্বীকৃতি প্ৰদানৰ বাবে আৰু বিজ্ঞানসন্মত ৰূপ দিবৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে।

তেওঁৰ চেতনা অসমীয়া সমাজ গঢ়াৰ আহোপুৰুষাৰ্থ আহ্বান আছিল। অসমীয়া সমাজ জীৱনক তেওঁ ধৰি ৰাখিব খোজে। ফিটা কাটি বিহু উদ্বোধন কৰাৰ তেওঁ পক্ষপাতী নহয়। তেওঁৰ স্পষ্ট মত- 'ঘৰুৱা অৰ্থনীতি নিৰ্মাণেৰে স্বাধীন ব্যৱসায়, জাতীয় চেতনা, জাতীয় সংস্কৃতিৰ প্ৰতি আমি দৃষ্টি দিবই লাগিব।' তেওঁৰ জীৱনৰ প্ৰতি প্ৰত্যাহ্বান আহিছিল বহু। জনজাতীয় ভিতৰুৱা সমাজলৈ গৈ সংস্কৃতিৰ বীজ সিঁচোতে বহু অপপ্ৰচাৰৰ বাবে বিপদ আহিছিল।

কেনেদৰে তেওঁ আহিলে এই ক্ষেত্ৰলৈ। কেনেদৰে সংযোগ ঘটিল তেওঁৰ সংগীতৰ শিৰোমণিসকলেৰ সৈতে? শিপ্ৰা বেনাৰ্জী, দয়ানন্দ দেৱগন্ধৱক তেওঁ লগ পাইছিল। বেনাৰ্জী উস্তাদ আলি আকবৰ খাঁৰ শিষ্য আছিল। সংগীতৰ বাবেই তেওঁ সকলো এৰিব পাৰিছিল। সমন্নয়, সংস্কৃতিৰ বহু আঁচনিত তেওঁ অংশ লৈছিল। সংগ্ৰামী সত্তাৰে পৰিৱৰ্তনকামী আদৰ্শৰে শিষ্যক সত্তাধিকাৰ ৰূপে সমন্নয়ৰ মাজেৰে ধৰি ৰাখিছিল। নিকামূল সত্ৰৰ নেতৃত্বলৈ কেৱল সত্ৰাধিকাৰ হিচাপে নহয়, মানৱ দৰদী শিল্পীৰূপে হৃদয়ত সাঁচি ৰাখিছে প্ৰাণময় ভক্তৰ প্ৰতিও সংগীতৰ দৰেই দায়ৱদ্ধতা।

জিএমচিএইচত চিকিৎসাধীন হৈ আছে তেওঁ। কিন্তু তেওঁ নিজকে ৰোগী বুলি নাভাবে। মনৰ দৃঢ়তাৰে তেওঁ জীৱনক আগুৱাই নিব খোজে। সত্ৰৰ নাম-প্ৰসংগৰ ধ্বনিৰ মাজত তেওঁৰ জীৱনবোধ গঢ় লৈ উঠিছে। ওদালগুৰিৰ দৰে ঠাইত তেওঁক ভক্তই লাঠি লৈ ওৰে নিশা উজাগৰে থাকি পহৰা দি শুবলৈ দিয়ে। আৰু তেওঁ জাতি-ধৰ্মৰ বিচাৰ নকৰি সকলোকে সমান চকুৰে আদৰি লয়।

বৰগীত, ভটিমাৰ অনুশীলন কৰে। অসমীয়া মানুহৰ স্বাভিমান তেওঁ বুজি পায়। চৰকাৰী চাকৰি লৈ হাবিয়াস নকৰি নিজাকৈ ব্যৱসায়ত জড়িত হৈ জাতীয় অৰ্থনীতি গঢ়ি তুলিবলৈ হেঁপাহ থকা ব্যক্তি তেওঁ। স্পষ্টবাদী, নিৰ্ভীক, স্বাভিমানী আৰু আত্মবিশ্বাসী। খোলা-খুলিকৈ কৈ দিব পাৰে কি ভাল, কি বেয়া। তেওঁৰ ক্ষোভ আছে। সংকীৰ্ণমনৰ বহুতৰ ৰোষতো তেওঁ পৰিছে। কিন্তু সাংস্কৃতিক বিপ্লৱৰ এই ধাৰা আগুৱাই নিছে সকলোকে আওকাণ কৰি।

অসমত সংগীতৰ শিক্ষাক আনুষ্ঠানিকভাৱে বিজ্ঞানসন্মত পাঠ্যক্ৰমৰ ৰূপ দিছিল তেখেতে। দেশৰ কেবাখনো বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক ৰূপেও সংগীতৰ পাঠদান কৰিছিল তেওঁ। ১৯৯০চনতে শিল্পী বঁটা লাভ কৰা পুণ্যব্ৰত দেৱ গোস্বামীক ২০০৪চনতহে শিল্পী পেঞ্চন প্ৰদান কৰা হয়।

তেখেতৰ দৰে এগৰাকী বিশিষ্ট সংগীতজ্ঞই বহুখিনি পোৱাৰ যোগ্য। কিন্তু ৰজাৰ ঘৰৰ চকু পৰা নাই, কি কৰি আছে তেওঁ সেয়া মূল্যায়ন হোৱা নাই। এদিন তেওঁক এক সন্মান প্ৰদান কৰা হৈছিল। দিয়া হৈছিল বঁটাৰ সৈতে এখন চেক। কিন্তু চেকৰ টকা আজিও জমা নহ'ল। সেই কথা তেওঁক সোধা হ'ল- তেওঁ হাঁহিলে, বিনম্ৰতাৰে ক'লে, এই কথা নোকোৱাই ভাল।

এদিন ভূপেন হাজৰিকাকো বৰগীত শিকাইছিল তেখেতে। ভূপেন হাজৰিকাই বৰগীত কি বুজি পাইছিল আৰু তেখেতক সেৱা কৰিছিল। কৈছিল- আজিৰে পৰা আৰু মই বৰগীত নাগাওঁ।

তেখেতৰ পিতৃ আছিল স্বাধীনতা সংগ্ৰামী। অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল তেখেতৰ পিতৃ। সেই পুৰণি স্মৃতি সুঁৱৰিলে তেখেতে। ক'লে কেনেদৰে তেওঁৰ পিতৃ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

তেওঁৰ ব্যক্তিত্ব এনেদৰে বিয়পি আছে যে, বাৰেচহৰীয়া ভাওনালৈ ২০১৮চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছিল। উদ্যোক্তাসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সম্বৰ্ধনা জনোৱা গামোচাখন গৃহমন্ত্ৰী ৰাজনাথ সিঙে তেখেতকে পিন্ধাই সেৱা কৰিছিল। এক বিশাল ব্যক্তিত্বৰ অধিকাৰী তেখেত।

বাৰেচহৰীয়া ভাওনাৰ উদ্বোধনী অনুষ্ঠানত ৰাজনাথ সিঙৰ সৈতে পুণ্যব্ৰত দেৱ গোস্বামী।
বাৰেচহৰীয়া ভাওনাৰ উদ্বোধনী অনুষ্ঠানত ৰাজনাথ সিঙৰ সৈতে পুণ্যব্ৰত দেৱ গোস্বামী।

ওৰেটো জীৱন সংস্কৃতিৰ ক্ষেত্ৰখনৰ বাবে উৎসৰ্গা কৰা বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ বিশাৰদ তথা বৰগীতৰ বিশেষজ্ঞ, নিকামূল সত্ৰৰ সত্ৰাধিকাৰ এইগৰাকী পুণ্যব্ৰত দেৱ গোস্বামী গুৰুতৰভাৱে অসুস্থ। বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যোৱা ১০ অক্টোবৰৰ পৰা প্ৰায় ডেৰমাহ ধৰি চিকিৎসাধীন হৈ আছে।

সংগীতৰ প্ৰতি তেখেতৰ অনুৰাগ বয়স বঢ়াৰ লগে লগে বাঢ়ি গৈছে। নিজ শিল্প নৈপুণ্যৰে প্ৰতিষ্ঠা কৰিছে সংগীতৰ শিক্ষানুষ্ঠান। তেওঁ অৰুণাচলৰ দুৰ্গম অঞ্চললৈও গৈছে সংগীতৰ শিক্ষা দিবলৈ। অভিজ্ঞতা হৈছে বহু। সংগীতৰ উচ্চ প্ৰতিভা লৈ পাহাৰ-ভৈয়ামে ঘূৰি মৈত্ৰী সমন্বয়ক ৰূপে কাম কৰিছে। বয়সে ৭৫ গৰকিছে। কিন্তু তেওঁৰ উদ্যম কমা নাই। সাংস্কৃতিক চৰ্চাকে মূলধন ৰূপে লৈ গুৰুতৰভাৱে অসুস্থ হৈও সমাজ-সংস্কৃতিৰ কথাকে ভাবি থাকে তেওঁ। এক উজ্বল নক্ষত্ৰৰূপে তেওঁ শিষ্যৰ হৃদয়ত জিলিকি আছে। সুৰ-সঞ্চাৰ আৰু সত্ৰীয়াৰ ঐতিহ্যৰ ধাৰাক সাবটি এজন কৃতবিদ্যৰ ৰূপত সাংস্কৃতিক সাধনা অব্যাহত ৰাখিছে। এতিয়া সকলোৱে আশা কৰে এইগৰাকী মহীৰূহ সোনকালে সুস্থ হওঁক। প্ৰগতিশীল ভাবধাৰাৰ এই শিল্পী সত্তাত মুখৰিত হওঁক মানুহ আৰু কল্যাণ গান। তেওঁ এতিয়া এক অনুষ্ঠান। আদৰ্শনীয় উদাৰ দৃষ্টিৰে মহাপুৰুষজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ভক্তিমাৰ্গত তেওঁ নীৰৱে আগবঢ়াইছে সংস্কৃতিৰ অঞ্জলি।

কেতিয়াবাই তেওঁ পাবি লাগিছিল পদ্মশ্ৰী, কেতিয়াবাই পাব লাগিছিল সংগীত নাটক একাডেমী। এইবোৰো তেওঁ নাপালে, নীৰৱে মাথো কৰি গৈছে কাম। কিন্তু গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা এই শিল্প সাধকগৰাকীয়ে পাবনে চৰকাৰী পক্ষৰ পৰা অলপ হ'লেও মৰম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in