বুকুত বেদনা লৈয়ে মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান উপভোগ কৰিব পুৰণি বিজেপিয়ে…

বুকুত বেদনা লৈয়ে মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান উপভোগ কৰিব পুৰণি বিজেপিয়ে…

তুষাৰ প্ৰতিম

সত্য প্ৰমাণ হ'ল নেকি পুৰণি বিজেপি কৰ্মীৰ অভিযোগ? দলত ক্ৰমান্বয়ে গুৰুত্বহীন হ'ল নেকি বিজেপিৰ পুৰণি সদস্য সকল? বিজেপিত এতিয়া চলে নেকি তুষ্টিকৰণৰ ৰাজনীতি? সুশৃংখলিত দল হিচাপে পৰিচিত ভাৰতীয় জনতা পাৰ্টীয়ে ক্ৰমশঃ হেৰুৱাই পেলাইছে নেকি পূৰ্বৰ চৰিত্ৰ?

এনে বহু প্ৰশ্নই এতিয়া উদয় হৈছে সাধাৰণ লোকৰ লগতে বিজেপি দলটোৰ ভিতৰচৰাতে। দলটোৰ পুৰণি কৰ্মীসকলৰ মাজত এতিয়া প্ৰশ্ন উদয় হৈছে- দলত বাৰু এতিয়া তেওঁলোকৰ প্ৰয়োজন আছেনে? তেওঁলোকৰ আজিৰ তাৰিখত দলত স্থান কি?

বহু চৰ্চিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত নতুন মন্ত্ৰী হিচাপে যি দুগৰাকী বিধায়কক মন্ত্ৰী হিচাপেস্থান দিছে তেওঁলোকৰ নাম ঘোষণাৰ পিছতে এই প্ৰশ্নবোৰ অধিক প্ৰাসংগিক হৈ উঠিছে। মন্ত্ৰীসভাত স্থান লাভ কৰা দুই বিধায়কৰ নাম ঘোষণাৰ পিছতে দলটোৰ কৰ্মীৰ মাজত উৎসাহ সৃষ্টি হোৱাৰ বিপৰীতে দেখা গৈছে হতাশা।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা কৰিছিল ৯ জুনত হ'ব তেওঁৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ। এই সম্প্ৰসাৰণত তেওঁ পাৰ্বত্য জিলাৰ এগৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত ল'ব বুলিও ঘোষণা কৰিছিল।

সেই অনুসৰিয়েই ৯ জুন, বৃহস্পতিবাৰে বিয়লি ৩ বজাত কলাক্ষেত্ৰত নতুন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব। মাত্ৰ ২ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত পাৰ্বত্য জিলাৰ পৰা হাফলংৰ বিধায়িকা নন্দিতা গাৰ্লোচাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

আনহাতে মন্ত্ৰী সভাত স্থান লাভ কৰা আন এগৰাকী বিধায়ক হৈছে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা। ৰাজ্যবাসীৰ বাবে জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ ঘনিষ্ঠতা নতুনকৈ উল্লেখ কৰিবলগীয়া কথা নহয়। সকলোৱে জানে জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠ।

তৰুণ গগৈ মুখ্যমন্ত্ৰী হিচাপে থকাৰ সময়ত যিসকল যুৱ নেতাই বিধায়ক হোৱাৰ সুযোগ লাভ কৰিছিল তাৰ মাজত অন্যতম আছিল জয়ন্ত মল্ল বৰুৱা। হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত ধৰি অসম বিধানসভালৈ যোৱা এইগৰাকী জয়ন্ত মল্ল বৰুৱাই পিছত কংগ্ৰেছত চলা বিসম্বাদৰ অন্যতম হোতা আছিল। তেতিয়াৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰোধিতা কৰি হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত জয়ন্ত মল্ল বৰুৱাই গ্ৰহণ কৰা ভূমিকা সকলোৰে নিশ্চয় মনত আছে।

কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ হিমন্ত বিশ্ব শৰ্মাৰ আগমণৰ লগে লগে তেওঁক অনুসৰণ কৰি যিসকল নেতা বিজেপিলৈ আহিছিল তাৰ মাজতো আছিল জয়ন্ত মল্ল বৰুৱা। কিন্তু ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অনুগত বহু কেইজনকে বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুবিধা কৰি দিব পাৰিছিল যদিও নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱাক টিকট দিয়াত ব্যৰ্থ হৈছিল।

ইয়াৰ মূলতে আছিল পুৰণি বেজেপি নেতা তথা আৰ এছ এছৰ আস্থাভাজন অশোক শৰ্মা। অশোক শৰ্মাৰ বাবে সেইবাৰ টিকট লাভ নকৰিলেও অৱশ্যে অসম পৰ্যটন নিগমৰ অধ্যক্ষ হিচাপে জয়ন্ত মল্ল বৰুৱাক সংস্থাপিত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

বিজেপি দলটোত যোগদান কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী হৈ আহিল সিমানেই বিজেপিৰ ভিতৰচৰাত জয়ন্ত মল্ল ববৰুৱাৰো দপদপনি বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে। আজিৰ তাৰিখত অসম বিজেপিৰ অন্যতম এগৰাকী শক্তিশালী নেতা জয়ন্ত মল্ল বৰুৱা।

বিজেপি দলটোত এইদৰে বাহিৰৰ পৰা অহা নেতাৰ দপদপনি বৃদ্ধি হোৱাৰ বিপৰীতে কিন্তু পুৰণি বিজেপি নেতাৰ অৱস্থা দিনক দিনে পুতৌজনক হে হৈ পৰিল। কংগ্ৰেছৰ শাসনৰ সময়ছোৱাত যিসকল বিজেপি নেতাই অসমত বিজেপিক ধৰি ৰাখিছিল, তৃণমূল পৰ্যায়ত কাম কৰিছিল সেইসকল বিজেপি নেতা ক্ৰমান্বয়ে দলটোৰ পৰা আঁতৰি গ'ল।

আনহে নালাগে যিগৰাকী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সভাপতিত্বত হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আদিয়ে বিজেপিত চামিল হ'ল সেই সিদ্ধাৰ্থ ভট্টাচাৰ্যয়েই আজি দলত লাভ কৰা নাই উপযুক্ত সন্মান। এই কথা আমাৰ নহয়। বিজেপিৰে জ্যেষ্ঠ নেতাই ৰাজহুৱাকৈ এই কথা প্ৰকাশ কৰিছে।

মন্ত্ৰী সভা সম্প্ৰসাৰণৰ কথা প্ৰকাশ কৰাৰ পিছতে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাই দলটোৰ পুৰণি কৰ্মী তথা দলটোক এসময়ত নেতৃত্ব দিয়া নেতাক মন্ত্ৰী সভাত স্থান দিবলৈ মুকলিকৈয়ে আহ্বান জনাইছিল। কিন্তু আজি দুই নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰাত দেখা গ'ল দলটোৰ এজনো পুৰণি নেতাই মন্ত্ৰী হিচাপে দায়িত্ব লাভ নকৰিলে।

বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্য, দীৰ্ঘকালৰ বিধায়ক প্ৰশান্ত ফুকন আদিক মন্ত্ৰী হিচাপে দায়িত্ব দিবলৈ আহ্বান জনাইছিল পুৰণি বিজেপি কৰ্মীয়ে। কিন্তু তেনে সিদ্ধান্ত লোৱা নহ'ল। একেদৰে বিজেপিৰ আন বহু নেতাৰ মন্ত্ৰী হোৱাৰ যোগ্যতা আছিল যদিও তেওঁলোককো হিমন্ত বিশ্ব শৰ্মাই আওকান কৰিলে।

এনে পৰিস্থিতিত স্বাভাৱিকতে সামাজিক মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰিছে। বহু পুৰণি বিজেপিৰ এতিয়া বিজেপি দলত থকা, নথকা বিষয়টো প্ৰয়োজনহীন হৈ পৰিছে। এনে এক ধাৰণা গঢ় দিবলৈ চেষ্টা কৰা হৈছে যে তেওঁলোক দলত নাথাকিলেও যেন দলটোৰ কোনো ক্ষতি নহয়।

মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত কাক ল'ব, কাক ন'লব সেয়া মুখ্যমন্ত্ৰীৰ এক্টিয়াৰৰ বিষয়। মুখ্যমন্ত্ৰীৰ দক্ষতাৰ ওপৰতেই মন্ত্ৰীসভা গঠন কৰা হয়। মুখ্যমন্ত্ৰীয়ে সাংবিধানিক ভাৱে এই সুবিধা লাভ কৰিছে। কিন্তু দল এটাক সুস্থিৰে পৰিচালনা কৰা আৰু দলটোৰ সকলো শ্ৰেণীকে সন্তুষ্ট কৰিবলৈ হ'লে এনে মন্ত্ৰী সভাত সদস্যভুক্ত কৰা নেতা বোৰে প্ৰভাৱ বিস্তাৰ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল এবছৰ পাৰ হ'ল। এই এটা বছৰত হিমন্ত বিশ্বকে ধৰি মুঠ ১৪ জন মন্ত্ৰীয়ে কি দৰে কাম কৰিছে, বিভাগক কিমান সক্ৰিয় কৰিছে সেইয়া সকলোৱে নিশ্চয় দেখিছে। মাত্ৰ দুই, তিনিজন মন্ত্ৰীক সক্ৰিয় অৱস্থাত দেখা গৈছে যদিও গৰিষ্ঠ সংখ্যক মন্ত্ৰীৰেই নাই কোনো সক্ৰিয়তা। একাংশই আকৌ কেৱল সংবাদ মাধ্যমত বক্তব্য ৰাখিয়েই তেওঁ যে মন্ত্ৰী সেই কথাক সোঁৱৰাই আহিছে।

ৰাষ্ট্ৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত সংগঠনক সাংবিধানিক পদবীত থকা মন্ত্ৰীয়ে এইখন অসমত ক্ষমা খুজি সকলোকে আচৰিত কৰিছে। তেনে মন্ত্ৰীক কেৱল কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিয়েই মুখ্যমন্ত্ৰী শান্ত আছে। এনে মন্ত্ৰীৰ জানো কিবা প্ৰয়োজন আছে?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ দক্ষতাৰে গঠন কৰা মন্ত্ৰী সভাত পুৰণি বিজেপিক কিমান গুৰুত্ব দিছে বা নাই দিয়া সেইয়া ইতিমধ্যে সকলোৰে দৃষ্টি গোচৰ হৈছে। নতুনকৈ সম্প্ৰসাৰণ কৰা মন্ত্ৰী সভাত জয়ন্ত মল্ল বৰুৱাক যে অন্তৰ্ভুক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৰণি বিজেপিৰ বুকুত পুনৰ এবাৰ আঘাত কৰিলে সেই কথা কিন্তু নিশ্চিত।

ৰাজনৈতিক কেৰিয়াৰৰ সুৰক্ষাৰ আশাত বহু পুৰণি বিজেপি নেতাই এই মুহূৰ্তত মুখ খুলি তেওঁলোকৰ বেদনাৰ কথা প্ৰকাশ নকৰিলেও কংগ্ৰেছ এৰি বিজেপিলৈ আহিয়েই দলটোৰ হৰ্তা কৰ্তা বিধাতা হৈ পৰা একাংশ নেতাক দেখি যে তেওঁলোক হতাশাত ভূগিছে সেই কথা তেওঁলোকৰ লগত কথা পাতিলেই বুজিব পাৰি। এই হতাশা, এই বেদনা এতিয়া মুকলিকৈ কোনেও প্ৰকাশ কৰিব নোৱাৰে।

বুকুত বেদনা লৈয়ে পুৰণি বিজেপি নেতা, কৰ্মীয়ে এতিয়া সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'ব। কিয়নো তেওঁলোকে বুজি পাইছে, মুখ্যমন্ত্ৰীৰ লগতে মিলি থাকিলেহে ভৱিষ্যতে সুযোগ আহিব পাৰে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৃপা দৃষ্টি যাৰ গাতেই পৰিছে তেওঁৰেই কপাল ফুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in