দুজন সাধাৰণ মানুহৰ মনৰ খবৰ…

দুজন সাধাৰণ মানুহৰ মনৰ খবৰ…

► মৃদুল কুমাৰ সন্দিকৈ

মহানগৰীৰ ব্যস্ত ৰাজপথ। দোকান এখনৰ সন্মুখত আহি মানুহজন ৰ'লহি। লগত এজন সহযোগী। তেওঁৰ হাতত এযোৰ বৰতাল। আৰু মানুহজন ডিঙিত এটা বৰঢোল। প্ৰায় ডেৰ মিনিটমান সময় মানুহজনে নিজৰ শৈলীৰে বৰঢোলটো বজালে। তাৰপাছত মানুহজন লৈ দোকানীজনে টকা ২০টা আগবঢ়াই দিলে। বিশ্বকৰ্মা পূজাৰ দৃশ্য এয়া। মুহূৰ্তৰ ভিতৰতে বৰঢোলৰ শব্দৰে ৰজনজনাই গৈছিল। পূজা, পূজা অনুভৱ আৰু গাঢ় হৈছিল। মানুহজনৰ বয়সে ৫০ অতিক্ৰম কৰিছে। এয়া তেওঁৰ জীৱিকাৰ পথ।

পুৱা ৬ বজাতে ওলাই আহিছিল তেওঁ। ক'তো তেওঁ শিকা নাছিল বৰঢোল বজাবলৈ। তেওঁৰ পৰিয়াল বুলিবলৈ পত্নী আৰু তিনিজনী ছোৱালী। পুৱা ৬.৩০বজাতে তেওঁ ঘৰৰ পৰা আহিছিল। আবেলি ৩টা বজাত তেওঁ উভতি যাব। পদপথতে ৰৈ তেওঁৰ সৈতে কথা পাতিলো। বহুতৰ বাবে এইবোৰ সৰু সৰু মানুহ। কিন্তু আমাৰ বাবে তেওঁ এজন সাধাৰণ মানুহ নাছিল। তেওঁৰ ঘৰ নলবাৰীৰ বৰভাগত। লগত থকা সংগীজন গুৱাহাটীতেই থাকে। আনোকালে তেওঁ হাজিৰা কাম কৰে। নলবাৰীৰ পৰা লোকজনৰ আনোকালে হাজিৰাই কৰে। পূজা, বিয়া আহিলে তেওঁলোকে কান্ধত তুলি লয় এই ঢাকটো। ওজন ইয়াৰ ২০ কেজি মান হ'ব। বিয়াত বৰঢোল বজালে ৩০০-৪০০টকা পায়। সেয়াই তেওঁলোকৰ বাবে উপাৰ্জন।

তেওঁ এইবোৰ বজাবলৈ ক'তো শিকা নাছিল। বিশ্বকৰ্মা পূজাত তেওঁলোকে এনেদৰে বৰঢোল বজাইছে। বাকী সময়খিনি তেওঁ হাজিৰা কৰি খায়। হাজিৰা কৰাতকৈ তেওঁৰ এই কামত লাভ বেছি। বিশ্বকৰ্মাৰ পাছত দুৰ্গাপূজালৈকে মাজত বিৰতি। এই ঢাক তেওঁ নিজেই সাজে। তেওঁ সুধিছিলো- কেনেকৈ বনাই এইটো? তেওঁ ক'লে- 'এইটো আম গছৰ পৰা বনাব পাৰি। মই নিজে বনাব জানো। এটা ঢাক বনাবলৈ ১০-২০দিন লাগে। আমাৰ বৰভাগৰ বেছিভাগ মানুহে বজাই ঢাক। কেতিয়াবা বেণ্ড পাৰ্টিতো যাওঁ। পূজাত বজোৱা চেও বিয়াত নবজাও।'

এইজন তেওঁৰ সংগী। তেওঁ ভাল বৰঢোল বজাব জানে। কান্ধত ঢোল লৈ তেওঁ বজাই গ'ল ঢাকৰ এটা চেও। বাটৰ মানুহে ঘূৰি ঘূৰি চালে। তেওঁলোকৰ জীৱন সংগ্ৰামৰ এই কাহিনী কোনেও নাজানে। মানুহক পূজাৰ বতৰত তেওঁলোকে আনন্দ দিয়ে। কিন্তু তেওঁলোকৰ বাবে পূজা মানে আনন্দ নহয়। পূজা আহিলে তেওঁলোকৰ বাবে উপাৰ্জনৰ কিছু পথ মুকলি হয়। গাঁৱৰ ঘৰৰ পৰা ওলাই আহে, পূজাৰ মণ্ডপে মণ্ডপে এইদৰে বজাইহি ঢাক।

মূল ব্যক্তিজনৰ নাম গিৰিন্দ্ৰ নমোশূদ্ৰ। নলবাৰীৰ বৰভাগত পৰা তেওঁ আহিছিল। লগত তেওঁৰ জয়ন্ত দাস। ১০-১২ বছৰ ধৰি তেওঁ বৰঢোল বজাই আহিছে। গাঁৱতেই তেওঁ থাকি হাজিৰা কৰি জীৱন অতিবাহিত কৰাৰ মাজতে দীপাৱলি, পূজাৰ বতৰত তেওঁ কান্ধত তুলি লয় এই বৰঢোলটো। দিনটোত ৩০০-৪০০ পাই পূজাৰ বতৰত। তেওঁলোকৰ সৈতে কথাপাতি থাকোতেই তেওঁলোকৰ মনৰ অনুভৱ বুজিবলৈ চেষ্টা কৰিলো। ধুম-ধামেৰে চৌদিশে চলিছে বিশ্বকৰ্মা পূজা। তাৰমাজতে তেওঁলোকে কান্ধত এই বৰঢোল লৈ ঘূৰি ফুৰিছে। কোনোবাই বজাব দিছে, কোনোবাই দিয়া নাই। কাৰো প্ৰতি তেওঁলোকৰ ক্ষোভ নাই। এয়া তেওঁলোকৰ বিদ্যা।

এনে অনেক মানুহে পূজাৰ বতৰত মানুহক আনন্দ দিয়ে। ভক্তিমুখৰ পৰিৱেশ সৃষ্টি কৰে। কিন্তু তেওঁলোক সদায় উপেক্ষিত হৈয়ে ৰয়। কথা পাতিব বিচাৰোতে গিৰিন্দ্ৰ দাসে কৈছিল- আমাৰ নিচিনা সৰু মানুহৰ লগত কি কথা পাতিব? আমিতো পেটে-ভাতে খোৱা মানুহ। আমাৰ আকালেই আকাল। তথাপিও আমি পূজা বুলি ক'লে ৰ'ব নোৱাৰো। কান্ধত এই বৰঢোল লৈ ওলাই আহো।

আজি এওঁলোকৰ কথা ভাবিবলৈ কাৰো অবকাশ নাই। কাৰনো কি দৰকাৰ এইসকল লোকৰ কথা ভাবিব। কিন্তু তেওঁলোকে সকলো জানে। অনুভৱ কৰিব পাৰে তেওঁলোকক লৈ কোনে কি ভাবে? মাথোঁ মুখ ফুটাই সেই কথা নকয়। কথাবোৰ সুধি গৈ থাকোতে তেওঁ আমাকেই উভতাই প্ৰশ্ন কৰিলে- আপুনি এইবোৰ কথা জানি কি কৰিব? আমাৰ কথাবোৰ যিসকলে সুধিব লাগে, সেইসকলেচোন নোসোধেই। তেওঁলোকে পূজাৰ লাইভ কৰে, মানুহক বহু প্ৰশ্ন সোধে। কিন্তু আমাক কেমেৰাৰ আগত ঢাক-ঢোল বজাব দিয়ে। কেতিয়াও আমাক নোসোধে- আজি ইয়াত বৰঢোল বজাইছো, তাৰ পাছত আমি কি কৰো…।

সাধাৰণ মানুহজনৰ এই অসাধাৰণ প্ৰশ্নই চুই গ'ল গভীৰভাৱে। মানুহজনৰ উপলব্ধিত আছে বাস্তৱৰ প্ৰতিফলন। তেওঁলোকক আমি কেতিয়াও নোসোধো মনৰ কথা। কথাবোৰ ক'বলৈ তেওঁ বৰ বেছি ইচ্ছা প্ৰকাশ নকৰিলে। আমিও জোৰ নকৰিলো। যিখিনি জানিলো, সেইখিনিৰ পৰা বুজিলো- কঠিন জীৱন সংগ্ৰামৰ ৰণুৱা তেওঁলোক।

তেওঁক এই কথাওঁ নকলো যে- তেওঁৰ সংগ্ৰামৰ কাহিনী লিখিবলৈকে পাতিছিলো এনেদৰে কথা। ম'বাইল নম্বৰটো বিচাৰিলো। লগত অনা নাই ম'বাইল। য'তে-ত'তে পৰি যাব পাৰে। অ'ৰ পৰা তলৈ তেওঁলোক দৌৰি ফুৰিছে। তেওঁলোকতো সাধাৰণ মানুহ। কিন্তু ঢাকত তেওঁলোকৰ দুহাতৰ স্পৰ্শ হ'লেই নামি আহে আধ্যাত্মিক পৰিৱেশ। উপভোগ কৰে সকলোৱে সেই বৰঢোল। এবাৰো কোনেও নোসোধে তেওঁলোকক- তেওঁলোকৰ খবৰ। আনকি পূজাৰ বতৰতো তেওঁলোক উপেক্ষিত হৈয়ে আহিছে সদায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in