শেহতীয়া খবৰ
স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  এটা দামী মোবাইলৰ বাবে সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী মাতৃৰ  •  ২০২০ত গাড়ীৰ মূল্যতে কিনিব পাৰিব উৰাজাহাজ!  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক

মাজুলীৰ সোণ ‘ৰুণজুন’ৰ খবৰ পাইনে?

557

► মৃদুল কুমাৰ সন্দিকৈ

মাজুলীত সদায় ব্যতিক্ৰম প্ৰতিটো গধূলি! ডবা-কাঁহৰ শব্দত নামি আহে সন্ধিয়া। কেচা বাট-পথ, ধূলি মাকতিৰ মাজতেই ওমলি থাকে গ্ৰাম্য জীৱনবোধ। সকলো আছে তাত। প্ৰকৃতিৰ বিনন্দীয়া ভূমি এই নদীদ্বীপ। সত্ৰৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। নৈসগিক সৌন্দৰ্যৰ মাজে মাজে লুকাই আছে ভক্তিৰ চৈতন্য ৰস। সত্ৰৰ সংস্কৃতিৰ অন্যতম পীঠ এই মাজুলী। হৰিনাম, নাম-কীৰ্তন ভাহি ফুৰে মাজুলীৰ আকাশে-বতাহে। সেই মাজুলীতেই বাও ধান খাই হালধীয়া চৰায়ে। ব্ৰহ্মপুত্ৰত মেলি দিয়ে সাউদৰ পুতেকে নাও। সেই নাৱে মাজুলীত যোগাযোগৰ একমাত্ৰ মাধ্যম। নহ’লে যোগসূত্ৰহীন হৈ থাকে বহিঃবিশ্বৰ সৈতে।

সেই মাজুলীৰ এজনী ছোৱালী। নাম তাইৰ ৰুণজুন। নদীৰ পাৰৰ মিচিং সমাজৰ এজনী সহজ-সৰল ছোৱালী। জেংৰাই থানাৰ সমীপতেই ৰুণজুনৰ ঘৰ। এতিয়া বয়স তাইৰ কুৰিৰ ঘৰত সোমাইছে। সৰুতে মাক-দেউতাকক হেৰুৱালে ৰুণজুনে। তাৰপাছত ৰুণজুনৰ মাতৃ-পিতৃ সকলো দায়িত্ব ল’ব লগা হ’ল ককায়েক মনোৰঞ্জন পেগুৱে। ঘৰখনত একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি বুলিবলৈ ডাঙৰ ককায়েক মনোৰঞ্জনেই। এখন কলেজৰ নিম্ন বৰ্গৰ কৰ্মচাৰী। তেওঁৱেই এতিয়া ৰুণজুনৰো ভৰসা। মনোৰঞ্জনৰো আছে সংসাৰ। তথাপি ভনীয়েকে যি বিচাৰে, দিবলৈ চেষ্টা কৰে। সৰুতে ৰুনজুনে ভাল কাবাডী খেলিছিল। স্কুলত পঢ়ি থাকোতে, পঢ়াতকৈ কাবাডীতহে বেছি মন দিছিল তাই।

এদিন জেংৰাইমুখৰ পৰা ৰুণজুন গুচি আহিছিল গুৱাহাটীলৈ। গুৱাহাটীৰ ছাই কেন্দ্ৰত ৰুনজুনে আৰম্ভ কৰিছিল শ্ব’টপুট দলিওৱাৰ প্ৰশিক্ষণ। প্ৰশিক্ষকে তাইৰ হাতত তুলি দিলে এডাল জেভলিন। সেই জেভলিন লৈয়ে বিশ্বজয়ৰ সপোন দেখে এতিয়া ৰুণজুনে। ৪বছৰ গুৱাহাটীত প্ৰশিক্ষণ লৈছিল তাই। গুৱাহাটীত অনুষ্ঠিত হৈছিল ছাৰ্ক গেমছ।

তেতিয়াই ৰুণজুনে লগ পাইছিল এজন ব্যক্তিক। তেওঁৰ নাম আছিল কাশী। ৰুণজুনে মাতিছিল কাশী ছাৰ। পঞ্জাৱৰ পাটিয়ালাত থকা ছাই প্ৰশিক্ষণ কেন্দ্ৰৰ তেওঁ প্ৰশিক্ষক। ৰুণজুনে খাটনি ধৰিছিল তাইক পাটিয়ালালৈ লৈ যাবলৈ। তাই শিকিব বিচাৰে আৰু কিছু কিটিপ। ৰুণজুনে ইয়াৰ পূৰ্বে আৰু বেছি সফলতা বুটলিছিল। ২৬সংখ্যক ইষ্ট জুন জুনিয়ৰ এথলেটিক মিটত সোণৰ পদক পাইছিল ৰুণজুনে।

২০১৪চনত এই সফলতাৰ উপৰিও ৩০ সংখ্যক নেশ্যনেল জুনিয়ৰ চেম্পিয়নশ্বিপত অন্ধ্ৰপ্ৰদেশত ব্ৰঞ্জৰ, ২০১৫ত গোৱাত অনুষ্ঠিত নেশ্যনেল য়ুথ এথলেটিক চেম্পিয়নশ্বিপত সোণৰ, ২০১৫ৰ ৩১ সংখ্যক নেশ্যনেল জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপত ৰূপৰ, ২০১৬ত নেশ্যনেল য়ুথ এথলেটিক চেম্পিয়নশ্বিপত সোণৰ, ৩৩ সংখ্যক জুনিয়ৰ নেশ্যনেল এথলেটিক চেম্পিয়নশ্বিপ, অন্ধ্ৰপ্ৰেদশত ২০১৭চনত ৰূপৰ পদক পাইছিল ৰুণজুনে। নীৰৱে নিজৰ ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা ৰুণজুনৰ এতিয়া ব্যস্ততাৰ সীমা নাই। পঞ্জাৱৰ পাটিয়ালাত প্ৰশিক্ষণৰত মাজুলীৰ ৰুণজুনে নেশ্যনেল অপেন জেভলিন থ্ৰ’ চেম্পিয়নশ্বিপত শেহতীয়াকৈ স্বৰ্ণ পদক অৰ্জন কৰিলে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পি এছ ই গ্ৰাউণ্ডত ৮-৯ ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

ৰুণজুন এতিয়া এনেকৈয়ে ব্যস্ত কঠোৰ অনুশীলনত। তেওঁৰ শেহতীয়া সফলতাৰ পাছত মাজুলীৰ ঘৰতো উৎসাহৰ বন্যা। হিমা, হৃদয়ৰ পাছত এইদৰে আন এগৰাকী অসম সন্তান জিলিকি উঠিছে। মাজুলীৰ দৰে অতি পিছৰপৰা অঞ্চলৰ পৰা গৈ ক্ৰীড়া ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ মাজেৰে নিজক প্ৰতিষ্ঠিত কৰাত ব্যস্ত ৰুণজুন পেগু। ৰুণজুনে জানে সফলতা নাহে সহজতে। সফলতা আহে লাহে লাহে পৰিশ্ৰমৰ মাজেৰে।

ৰুণজুনৰ এটাই কথা, এইবোৰ কথা বৰ বেছি চৰ্চা কৰিব নালাগে। খেলি আছে তেওঁ খেলি যাব খোজে। কিবা এটা সপোন লৈ আগবাঢ়িছে ৰুণজুন। সেয়েহে ২৪ ঘণ্টাই নিজক এৰি দিছে খেলৰ মাজতেই। ৰুণজুনৰ জ্যেষ্ঠ ভাতৃ মনোৰঞ্জনে ৰুণজুনৰ কথা ক’লে- ‘বৰ পৰিশ্ৰম কৰিব পাৰে তাই। লক্ষ্ণৌত সোণৰ পদক পোৱাৰ পাছত তাই ফোন কৰিছিল। খবৰটো দিছিল। নিজৰ একাগ্ৰতাৰ বলতেই তাই ইমানখিনি আগবাঢ়ি গৈছে। তাই প্ৰচাৰ নিবিচাৰে। খেলত মনোনিবেশ কৰিব বিচাৰে সদায়।’

এইজনী ৰুণজুন মাজুলীৰ ছোৱালী। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ছোৱালী ৰুণজুন। আজি ৰুণজুনৰ খবৰ ৰাখিছে কোনে? ৰুণজুন মাথো এটা উদাহৰণ। ৰাজ্যৰ এনে বহু খেলুৱৈ আছে, যিসকলে খেলিবৰ বাবে কঠোৰ পৰিশ্ৰমৰ লগতে পৰিয়ালে ধন ব্যয় কৰিব লগা হয় নিজাকৈ। পঞ্জাৱৰ পৰা লক্ষ্ণৌলৈ যাওঁতে ৰুনজুনক ৫হাজাৰ টকাৰে সহায় কৰিছিল ককায়েকে। কাটি দিছিল ৰেলৰ অহা-যোৱাৰ টিকট। অথচ এই ৰুণজুনে খেলিবলৈ গৈছিল অসমৰ হৈ।

ককায়েকক তাই জনাইছিল, এই খৰচবোৰ তাই পিছত ঘূৰাই দিব। ঘূৰাই দিছে নে নাই সোধা নাই ককায়েকে। প্ৰশ্ন হয়- এনে প্ৰতিভাধাৰী খেলুৱৈসকলে ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ স্বত্তেও কিয় তেওঁলোকক দিয়া নহয় পৰ্যাপ্ত সা-সুবিধা? নিজৰ আৰু পৰিয়ালৰ উদ্যোগত তেওঁলোক আগবাঢ়ি যাব লগা হয়। ইয়াৰ বাবেই দৰিদ্ৰ পৰিয়ালৰ বহু প্ৰতিভাধাৰী খেলুৱৈয়ে ইচ্ছা থাকিলেও প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰে। এছিয়ান গেমছতেই তেনে খবৰ পোহৰলৈ আহিছিল। কেবাজনো খেলুৱৈ যাব পৰা নাছিল জাকাৰ্টালৈ। কেইটামান নিৰ্দিষ্ট খেলক বাদ দি কিয় উপেক্ষা কৰা হয় ৰাজ্যৰ আন প্ৰতিভাৱান খেলুৱৈসকলক?

শেহতীয়াকৈ অসমত এক খেলৰ পৰিৱেশ গঢ়ি লৈ উঠিছে। হিমাৰ সফলতাৰ পাছত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনে নতুন শক্তি লাভ কৰিছে। চৰকাৰে ঘোষণা কৰিছে- গাঁৱৰ খেলুৱৈসকলক বা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনিবলৈ চৰকাৰে উপযুক্ত ব্যৱস্থা হাতত ল’ব। ৰাজ্যত ৫০০খন খেলপথাৰ নিৰ্মাণৰ কথাও ঘোষণা কৰিছে। সেই ঘোষণা আৰু ক্ৰীড়ানীতিৰ সৈতে বাস্তৱৰ কথাবোৰৰ মাজত পাৰ্থক্য আছে। তাৰ প্ৰমাণ ৰুণজুন বা আন খেলুৱৈসকল।

হিমাই এই খেলুৱৈসকলক উলিয়াই আনিবলৈ দল-সংগঠনক আহ্বান জনাইছে। চৰকাৰক কৈছে- তেওঁলোকক উপযুক্ত ব্যৱস্থা, সুবিধা দিলে সফলতা নিজে নিজে আহিব। কোনো প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ পাছত সকলোৱে সহায় কৰে। চৰকাৰে উদগনি জনাবলৈ পুৰস্কাৰ দিয়ে। এইবোৰ ভাল কথা । কিন্তু সফলতাৰ পাছত সেইবোৰ দিয়াৰ লগতে প্ৰতিভাৱান খেলুৱৈসকলক তেওঁলোকৰ সফলতাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰাতো চৰকাৰৰ দায়িত্ব।

কোকৰাঝাৰ, কাৰ্বি আংলঙকে ধৰি বহু পিছপৰা অঞ্চলত ক্ৰীড়াক্ষেত্ৰত নতুন প্ৰতিভাৰ অভাৱ নাই। এনে বহু প্ৰতিভা গাঁৱতে মৰহি গৈছে। হয়তো ৰুণজুনো মাজুলীতেই শেষ হৈ গ’লহেতেন। যদিহে ককায়েকে সহায় নকৰিলে হেতেন বা তাই আগবাঢ়ি নাহিল হেতেন, তেন্তে আজিৰ এই ৰুনজুনক কোনো নাপালে হেতেনে। ৰুণজুনক যথেষ্ট ধনৰ প্ৰয়োজন। খেলিবলৈ যোৱাৰ লগতে এই অনুশীলনত ব্যস্ত থকাৰ সয়মত উপযুক্ত খাদ্য খাব লাগে। এই ছাপ্লিমেণ্টৰ পেকেট আনিব লাগে বাহিৰৰ পৰা।

তিনিমাহৰ বাবে অহা এনে একোটা ছাপ্লিমেন্টৰ পেকেটৰ মুল্য ৩০-৪০ হাজাৰ টকা। এই খেলৰ বাবে বছৰী দুযোৰকৈ স্পাইক লাগে। সেয়াও কিনি দিব লাগে ককায়েকে। এতিয়ালৈকে ৰুণজুনে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৰা ৫০ হাজাৰ টকাৰ সাহায্য পাইছে। ইয়াৰোপৰি, ৰুণজুনে পোৱা নাই কোনো সাহা্য্য। সেইবোৰলৈ আক্ষেপ নাই এইগৰাকী খেলুৱৈৰ।

ৰুণজুন মাত্ৰ এটা উদাহৰণ। এনে বহু খেলুৱৈ আছে, যি সফল হিমা বা আনকিছু খেলুৱৈৰ দৰে সৌভাগ্যৱান নহয়। কিন্তু তেওঁলোকৰ প্ৰতিভাৰ অভাৱ নাই। উপযুক্ত সা-সুবিধা পালে তেওঁলোকেও সফলতা অৰ্জন কৰিব পাৰিব। আজি-কালি প্ৰতিযোগিতাসমূহত অংশ লৈ সফলতা বুটলিবলৈ যথেষ্ট উন্নত প্ৰশিক্ষণৰ প্ৰয়োজন হয়। ভাৰতৰ আন ৰাজ্য সমূহত খেলুৱৈসকলক বিশেষ মনোযোগ দিয়ে চৰকাৰে। তাৰ উদাহৰণ হাৰিয়ানা।

এইবাৰ ভাৰতৰ ভিতৰত এছিয়ান গেমছত সৰ্বাধিক পদক লাভ কৰিছিল এইখন ৰাজ্যই। ১৮টাকৈ এছিয়ান গেমছৰ পদক লাভ কৰা হাৰিয়ানাৰ প্ৰতিভাৱান খেলুৱৈসকলৰ বাবে চৰকাৰৰ আছে বিশেষ ক্ৰীড়ানীতি। অসমত চৰকাৰে খেলুৱৈৰ বাবে বহু আঁচনি তথা কৰ্মপন্থা ঘোষণা কৰে যদিও, বেছিভাগ খেলুৱৈকে সেই আঁচনিয়ে ঢুকি নাপায়। নহ’লেনো ৰুণজুনৰ দৰে খেলুৱৈয়ে ককায়েকক ফোন কৰি পঞ্জাৱৰ পাটিয়ালাৰ পৰা লক্ষ্ণৌলৈ যাবলৈ ৰেলৰ টিকটৰ ব্যৱস্থা কৰিব লাগেনে?

গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে উদ্যোগ লৈছে। কেৱল ঘোষণাতেই সেই সপোন পূৰণ নহয়। খেলুৱৈসকলক বিচাৰি উলিয়াই তেওঁলোকক প্ৰতিযোগিতাসমূহৰ বাবে উপযুক্ত ৰূপত গঢ়ি তুলিবলৈ চৰকাৰৰো দায়িত্ব তথা উদ্যোগৰ প্ৰয়োজন। মুখ্যমন্ত্ৰী সমষ্টি ৰুনজুনক লৈ আজি সংবাদমাধ্যমত বিশেষ চৰ্চা হোৱা নাই। ৰুণজুনে কি খেলিছে তাক লৈ খবৰ ৰখোৱা মানুহৰ সংখ্যাও কম। কিয়নো ৰুণজুনে নীৰৱে কৰি গৈছে নিজৰ সাধনা। এইজনী ৰুনজুন আৰু তেওঁৰ দৰে খেলুৱৈৰ খবৰ কেতিয়াৰ পৰা ৰাখিব চৰকাৰে।

কেৱল সংবাদমাধ্যমত তেনে সফলতাৰ খবৰ প্ৰকাশ পালেহে চৰকাৰে কোনো খেলুৱৈক গুৰুত্ব দিয়ে নেকি? হিমাৰ পাছত দক্ষিণ কোৰিয়াত হৃদয়ে শ্বুটিঙৰ বিশ্বকাপত সফলতা বুটলিলে। সমান্তৰালকৈ তাৰপাছতেই অহা খবৰটো আছিল- ৰুণজুনে জেভলিন থ্ৰ’ত লক্ষ্ণৌত স্বৰ্ণ পদক লাভ কৰাৰ খবৰ। কিন্তু কোনে ৰাখিছে আজি ৰুণজুনৰ খবৰ? হয়তো মাজুলীৰ ৰুণজুনৰ খবৰ ৰখা নাই স্বয়ং মুখ্যমন্ত্ৰীয়ে।

আৰু অধিক সফলতা লাভৰ বাবেই ৰুণজুনে বিচাৰে তেওঁ আৰু ভাল প্ৰশিক্ষণ ল’ব। সেয়া ৰুনজুনৰ বাবে সম্ভৱ হোৱা নাই। এনে সমস্যা বহু খেলুৱৈৰে হয়। জেভলিন থ্ৰ’ত ৰাজ্যৰ পৰা এনেদৰে উজ্বলি উঠা দ্বিতীয় গৰাকী খেলুৱৈ নাই। তেনেস্থলত ৰুণজুনৰ প্ৰতি নাইনে অকণো দায়িত্ব চৰকাৰৰ? হিমা আৰু হৃদয়ৰ দৰে হয়তো ৰুণজুনেও এদিন জয় কৰিব ৰাজ্যবাসীৰ হৃদয়। ইয়াৰ বাবে ৰুণজুনে নিজকে সাজু কৰিছে। কিন্তু মাজুলীৰ ৰুণজুন পেগুৰ খবৰ আজি কোনে ৰাখিছে?

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি