হীৰেন গোঁহাই, লক্ষ্মীনন্দন বৰা, নগেন শইকীয়া, ধনদা পাঠক আদি মহীৰূহে কেনেদৰে পাৰ কৰিছে কোৰোনাৰ সময়…

হীৰেন গোঁহাই, লক্ষ্মীনন্দন বৰা, নগেন শইকীয়া, ধনদা পাঠক আদি মহীৰূহে কেনেদৰে  পাৰ কৰিছে কোৰোনাৰ সময়…

মৃদুল কুমাৰ সন্দিকৈ

কোভিডৰ এই পৰিৱেশৰ মাজত জ্যেষ্ঠসকল কেনে আছে? পাইছেনে তেওঁলোকে উপযুক্ত সা-সুবিধা। অসমীয়া সমাজ জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা এই মহীৰূহসকলৰ খবৰ কেনে।

প্ৰায় ৯১ বছৰ গৰকা বিশিষ্ট চিত্ৰশিল্পী ত্ৰৈলোক্য দত্তৰ মতে ভীষণ অসুবিধাত পৰিছে তেওঁ। চিনাকী দুই একে খবৰ ল'বলৈ আহিছে যদিওঁ মহা বিপদত পৰিছে এইগৰাকী বিশিষ্ট শিল্পী। তেওঁ কয়- '৯১ বছৰ বয়স হৈছে মোৰ। এতিয়া আমি একো কৰিব নোৱাৰো। কোনো মানুহ নাই কাষত। কাষৰ মানুহ দুই এজন আহে, আমি বৰ সুবিধা পোৱা নাই। ৰাতি বিয়লি বৰ অসুবিধা হৈছে। খোৱা লোৱা ক্ষেত্ৰতো অসুবিধা হৈছে।'

দুদিমানৰ পূৰ্বে তেওঁ ঘৰত পৰিল। তাৰ পাছৰ যি অৱস্থা সেয়া বৰ দুখ লগা। চৰকাৰী পক্ষৰ ফালৰ পৰা বহু প্ৰতিশ্ৰুতি দিয়া হৈছিল কিন্তু সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে।

বিশিষ্ট কাৰ্টুন শিল্পী ত্ৰৈলোক্য দত্ত

বিশিষ্ট বুদ্ধিজীৱি তথা চিন্তাবিদ ডঃ হীৰেন গোঁহাই ঘৰতে আছে এই দিনকেইটা। কিন্তু তেওঁ সমাজ চেতনাক ঘৰৰ পৰাই এই জটিল সন্ধিক্ষণত ধৰি ৰাখি আহ্বান জনাইছে চৰকাৰৰ প্ৰতি অখিল গগৈক মুক্তি দিবলৈ।

অখিল গগৈ মুক্তিৰ দাবী সমৰ্থন কৰি ডিজিটেল মিডিয়াৰ যোগেদি এক বিবৃতি দিলে হীৰেন গোঁহায়ে। য'ত তেওঁ কৈছে- অখিল গগৈৰ লগত তেওঁ সকলো দিশতে একমত নহলেওঁ এই চৰকাৰে গণতন্ত্ৰৰ প্ৰতিবাদী কণ্ঠক ৰুদ্ধ কৰাৰ যি চেষ্টা চলাইছে তাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। লকডাউন, কোৰোনা ভাইৰাছ এইবোৰৰ মাজতো বিশিষ্ট বুদ্ধিজীৱি গৰাকীয়ে সমাজৰ বিভিন্ন দিশত ৰাখিছে তীক্ষ্ণ দৃষ্টি।

অখিল গগৈৰ মুক্তিৰ দাবীত লিখিত বিবৃতি পাঠ কৰাৰ মুহুৰ্তত ডঃ হীৰেন গোঁহাই

অসমীয়া সাহিত্যৰ আন এগৰাকী কাণ্ডাৰী ডঃ লক্ষ্মীনন্দন বৰা। এই সময়ছোৱাত নিজৰ সৃষ্টিশীল কামত ব্যস্ত থকাৰ সময়তে গৰিয়সী সম্পাদনা আৰু চ'ছিয়েল মিডিয়াটো সময় দিছে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। এই বয়সতো তেওঁ জানে এই সংকটৰ সময়ক কেনেদৰে উপভোগ্য কৰি তুলিব লাগে।

চ'ছিয়েল মিডিয়াত বিশেষকৈ ফেচবুকত গুৰত্বপূৰ্ণ বিষয়কলৈ ফেচবুক লাইভটো আহিছে সাহিত্যিকৰাকী। তাৰ মাজতে ১৫ জুনৰ দিনাখনে পাৰ হৈ গ'ল তেওঁৰ জন্ম দিন।৮৮ সংখ্যক জন্মদিন বিশিষ্ট সাহিত্যিক গৰাকীয়ে পৰিয়ালৰ সৈতে পালন কৰিলে নিজৰ বাসগৃহতে। পত্নীক খুৱালে কেকৰ টুকুৰা।

৮৮ সংখ্যক জন্মদিন এইদৰে উদযাপন কৰিলে বিশিষ্ট সাহিত্যিক লক্ষ্মিনন্দন বৰাই

নিয়ম মাফিক ভাৱেই বাৰাণ্ডাতে বহি সময় অতিবাহিত কৰিছে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাই। কথাবোৰ তেওঁ পাহৰি যায়। এই জটিল সময়ৰ কথা তেওঁ বৰ বেছি অনুভৱ কৰা নাই। অৱশ্যে মানুহৰ আহ -যাহ কমিছে। খেয়ালী এই শিল্পী গৰাকী বহু প্ৰত্যাহ্বানে ভৰা সময় দেখিছে। প্ৰত্যাহ্বানে তেওঁক জোকাৰিব নোৱাৰে। মাথো তেওঁ ক'লে- ভালে আছো, সিহঁতকেইজনীয়ে যতন লৈ আছে।

লকডাউনৰ সময়ত নীলপৱন বৰুৱাৰ খবৰ লৈছিল হৃষিকেশ গোস্বামীয়ে

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই অসুস্থতাৰ মাজতো লেখা মেলা কৰি আছে। কাকতত নিয়মীয়া স্তম্ভ লিখি থাকিলেওঁ বিশিষ্ট সাহিত্যিকগৰাকী অসুস্থ। কুশল বাৰ্তা লওঁতে তেখেতে ক'লে- মোৰ গাটো বৰ ভাল নহয়। টেলিফোনতেই ডাক্তৰৰ পৰামৰ্শমতে ঔষধ খাইছো। এজনী অনুলেখকৰ হতুৱাই লেখা মেলা কৰি আছিল যদিও শেহতীয়াকৈ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সেই কাম বন্ধ ৰাখিছে। গাটো কিছু দুৰ্বল অনুভৱ হয় তেওঁৰ।

ঘৰুৱা পৰিৱেশত ডঃ নগেন শইকীয়া।

'ঘৰতেই আছো মই। মোৰ যে খবৰ তোমালোকে ৰাখিছা, বৰ সুখ পালো। সময়েই এতিয়া বেয়া। ৰুমৰ ভিতৰতে আৱদ্ধ হৈ আছো। খোজ কাটল কাঢ়িবলৈ বাহিৰলৈতো ওলাবই নোৱাৰি। গাটো জঠৰ জঠৰ লাগে। ওচৰে পাজৰে ধেৰ কোৰোনা ওলাইছে। সেয়ে ঘৰৰ ভিতৰতে সোমাই আছো। বৃদ্ধ মানুহবোৰৰ এই অৱস্থা হৈছে জানা। কেৱল দেহৰেই নহয়, মনৰো অস্থিৰতাত ভূগিছো। গীতৰ চৰ্চা এইকেইদিন হোৱা নাই। এই সময়খিনিত উছাহ কমি গৈছে। কথা পাতিবলৈও কোনো মানুহ নাই।' -এইদৰে মনৰ অভিমত ব্যক্ত কৰিলে বিশিষ্টা লোক গীত গায়িকা ধনদা পাঠকে।

লগতে তেওঁ কয় কিছুদিন বিৰতি লৈছো বুজিছা। তাৰ পাছত হয়তো গান গাব পাৰিম। উচ্ছাহ হেৰুওৱা নাই এই জটিল সময়ত ধনদা পাঠকে। তেওঁ খবৰ লৈ আছে বহুতে টেলিফোন যোগে।

বিশিষ্টা লোক গীতৰ শিল্পী ধনদা পাঠক

অসমীয়া কাব্য জগতত তেওঁ মহীৰূহ। ১৯৩৩ চনতেই তেওঁৰ জন্ম। ঋষি সুলভ এজন অসমীয়া জাতিৰ অভিভাৱক। কোভিড -১৯ৰ এই সংক্ৰমণৰ সময়ত তেওঁ আৱদ্ধ ঘৰতে। কবিতাত সূৰ্য নামি আহে তেওঁৰ শব্দৰ নদীয়েদি। অসমীয়া কবিতাত প্ৰতিকবাদ আৰু চিত্ৰকল্পবাদেৰে তেওঁ সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল । গোলাপী জামুৰ লগ্ন, নিৰ্জনতাৰ শব্দ, জাপানী কবিতা, কাঁইট গোলাপ আৰু কাঁইট, অলপ আগতে আমি কি কথা পাতি আছিলো আদি তেওঁৰ সৃষ্টিৰাজি। এই গ্ৰন্থসমূহৰ লগতে সমালোচনা সাহিত্য, কলাসমালোচক ৰূপে আছে তেওঁৰ খ্যাতি। কোৰোনাৰ এই সংকটৰ সময়ত তেওঁ আৱদ্ধ ঘৰতেই। স্মৃতিয়ে তেওঁক বিশ্বাসঘাটক কৰিছে। কথাবোৰ পাহৰে, গাটোও ভালে নাযায় প্ৰায়েই। সচেতন হৈ এই সময় পাৰ কৰিছে কবি নীলমনি ফুকনে।

কবি নীলমনি ফুকন

প্ৰবীন ৰাজনীতিবিদ হেমেন দাস এতিয়া সৰভোগত। বয়সে তেওঁক তলাব পৰা নাছিল। কিন্তু কোৰোনা ভাইৰাছৰ এই পৰিস্থিতিত তেওঁ ঘৰৰ ভিতৰতে আছে। গুৱাহাটী হেঙেৰাবাৰী পথত থকা হাউচিং কলনীৰ এটা ঘৰত বাস কৰিছিল তেওঁ। প্ৰাক্তন বিধায়কগৰাকীয়ে বান, গৰাখহনীয়া আদি সমস্যাত দৌৰি যায় আৰ্তজনৰ কাষলৈ। কিন্তু এতিয়া সেই পৰিৱেশ নাই। ঘৰতেই আছে, কুশলে আছে প্ৰাক্তন বিধায়ক তথা প্ৰবীন ৰাজনীতিবিদজন।

আৰ্তজনৰ খবৰ লৈ ঘূৰি ফুৰা মানুহজন এতিয়া ঘৰত আৱদ্ধ

লোক সংগীতৰ সাধক, গৱেষক, বিশিষ্ট সাহিত্যিক বীৰেন্দ্ৰ নাথ দত্তও শয্যাশায়ী। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ। তাৰ মাজতেই তেখেতৰ পত্নীয়েও অসুস্থ হৈ বিছনাতে আশ্ৰয় লৈ আছে। কোৰোনাৰ এই সময় অধিক জটিল হৈ পৰিছে তেওঁলোকৰ বাবে। দুই-এজন সহায়কৰ জৰিয়তে চলি আছে কোনোমতে। খবৰ ল'বলৈ মানুহ যায় ৰজাঘৰত। কিন্তু তাৰ পাছত তেওঁলোকে কি পাইছে বা কি অসুবিধাৰ সন্মুখীন হৈছে তাৰ যেন খবৰ নাৰাখে।

দীৰ্ঘদিন ধৰি অসুস্থ বীৰেন্দ্ৰনাথ দত্ত

অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাও এতিয়া ঘৰতেই সোমাই আছে। অৱশ্যে তেওঁ বৰ্তমান সুস্থ। একেদৰে বয়স আৰু এই সংকটৰ বাবে ঘৰৰ ভিতৰতে নিজক আৱদ্ধ ৰাখিছে নিৰূপমা বৰগোঁহাঞি, হৰেকৃষ্ণ ডেকা, নিশিনাথ চাংকাকতি, কুল বৰুৱা আদি জ্যেষ্ঠ তথা পুৰুধা ব্যক্তিসকলে।

বহুতকে এই জটিল সময়ত, এই জটিল পৰিৱেশে জীৱন দুৰ্বিসহ কৰি তুলিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মাজতে তেওঁলোকৰ খবৰ লোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিওঁ সেয়া খবৰতে সামৰণি পৰিল। বিশেষকৈ ত্ৰৈলোক্য দত্ত আৰু অনুপমা ভট্টাচাৰ্য দুয়ো বৰ্তমান শয্যাশায়ী। মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী ২৬ এপ্ৰিল ২০২০ত গৈছল ৯০ গৰকা অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু ত্ৰৈলোক্য দত্তৰ ঘৰলৈ।

খবৰহে ল'লে, কিবা কৰাৰ কথা পাহৰি গ'ল

বহু প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা গৰাকীয়ে। কিন্তু ত্ৰৈলোক্য দত্ত, অনুপমা ভট্টাচাৰ্যৰ অৱস্থা সচাই শোচনীয়। ত্ৰৈলোক্য দত্তই ক'লে এই লকডাউনৰ মাজতে তেওঁ আকৌ এবাৰ পৰিল। আৰু ক'লে- 'চৰকাৰ আহিছিল, খবৰ ল'বলৈ আহিছিল। কথাটো কৈহে গ'ল একো নকৰিলে। এতিয়া ,কোনোমতে চলিহে আছো। মেডিকেল যাবলৈও এতিয়া উপায় নাই।'

এইসকল বিশিষ্ট ব্যক্তি তথা মহীৰূহৰ খবৰ সমাজে ,চৰকাৰে নাৰাখিলে ৰাখিব এতিয়া কোনে? এফালে বয়সৰ ভৰ, আনফালে কোৰোনাৰ ভয়। তাৰ মাজতেই চলি গৈছে এই জীৱন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in