টকিঅ’ত আৰম্ভ বিশ্ব ক্ৰীড়াৰ সমাৰোহঃ বৃদ্ধি পাইছে ভাৰতৰ পদক লাভৰ সম্ভাৱনীয়তা

টকিঅ’ত আৰম্ভ বিশ্ব ক্ৰীড়াৰ সমাৰোহঃ বৃদ্ধি পাইছে ভাৰতৰ পদক লাভৰ সম্ভাৱনীয়তা

তুষাৰ প্ৰতিম

পুনৰ বাৰ প্ৰকৃতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে জাপান। প্ৰকৃতিক প্ৰত্যাহ্বান জনাই পুনৰ জাপানে বিশ্বৰ সন্মুখত মূৰ তুলি থিয় হ'বলৈ চেষ্টা কৰিছে। জাপানৰ এই চেষ্টা কিমানদূৰ ফলপ্ৰসূ হয় সেয়া অৱশ্যে এতিয়াই ক'ব নোৱাৰি কিন্তু ইয়াৰ উত্তৰ যে শীঘ্ৰেই লাভ কৰিব পাৰিম সেয়া নিশ্চিত।

২০২০ চনত দেখা দিয়া কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে জাপানৰ ৰাজধানী চহৰ টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক প্ৰতিযোগিতাখন সম্পূৰ্ণ এবছৰ পিছুৱাই দিয়া হ'ল। এই এবছৰৰ ভিতৰত অলিম্পিক প্ৰতিযোগিতাখনক লৈ সৃষ্টি হ'ল বিভিন্ন কাহিনী। প্ৰতিদিনেই সংবাদ মাধ্যমত অলিম্পিক প্ৰতিযোগিতাৰ অনিশ্চয়তাৰ খবৰ। তাৰ মাজতেই টকিঅ' অলিম্পিক আয়োজক কমিটী আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টাই হাতত লোৱা হ'ব বুলি উল্লেখ কৰিলে।

অলিম্পিক আয়োজক কমিটী আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ প্ৰচেষ্টাত অৱশেষত অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাটো নিশ্চিত হ'ল। শুক্ৰবাৰে বিয়লিৰ পৰা আৰম্ভ হ'ব প্ৰতিযোগিতাখন। কোৰোনাৰ প্ৰকোপৰ পৰা সাৰিবলৈ প্ৰতিযোগিতাস্থলীত বিভিন্ন নীতি নিয়ম বান্ধি দিয়া হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ খেলুৱৈয়ে এইবাৰ প্ৰতিযোগিতাখনত দৰ্শক শূন্য ষ্টেডিয়ামতেই নিজৰ প্ৰদৰ্শন দাঙি ধৰিব লাগিব। তেওঁলোকে খেলাৰ সময়তো মানি চলিব লাগিব কোভিড সম্পৰ্কীয় নীতি নিয়ম।

অলিম্পিকৰ বাবেই জাপানৰ ৰাজধানী চহৰ টকিঅ'ত নতুনকৈ সজাই তোলা হৈছে ৬৮ হাজাৰ আসন সম্বলিত অলিম্পিক ষ্টেডিয়াম। এই বিশাল ষ্টেডিয়ামতেই খালী আসনৰ সন্মুখতেই শুক্ৰবাৰে অনুষ্ঠিত হ'ব অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। কোভিডৰ বাবে ষ্টেডিয়ামত নাথাকিব এজনো সাধাৰণ দৰ্শক। ইয়াৰ উপৰিও এই উদ্বোধনী অনুষ্ঠানত কোনো এখন দেশৰেই সম্পূৰ্ণ দলে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ নকৰিব। কেৱল মাত্ৰ নিৰ্দিষ্টি সংখ্যক এথলিট আৰু অফিচিয়েলে অংশগ্ৰহণ কৰিব উদ্বোধনী অনুষ্ঠানত।

সীমিত সংখ্যক এথলিট, অফিচিয়েলে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকিব আয়োজক কমিটিৰ বিষয়ববীয়া, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীকৰ বিষয়ববীয়া আৰু সীমিত সংখ্যক আমন্ত্ৰিত অতিথি। এই অতিথিসকলৰ মাজত থাকিব আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, জাপানৰ সম্ৰাট নাৰুহিটোকে ধৰি একাংশ বিশ্ব নেতা।

কোনো বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান মানেই সৃষ্টি হয় উখল-মাখল পৰিৱেশ। গীত, নৃত্যৰ লগতে বাৰেৰহনীয়া সংস্কৃতিৰ ছবি ফুটি উঠে এই অনুষ্ঠানত। অলিম্পিকৰ দৰে বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাৰ আকৌ কথাই সুকীয়া। এই উদ্বোধনী অনুষ্ঠানৰ বাবে বিশ্বৰ প্ৰায় সংখ্যক লোকৰে থাকে উৎসুকতা। কিন্তু টকিঅ' অলিম্পিকৰ ক্ষেত্ৰত সেই উৎসুকতা দেখিবলৈ নাই। তাৰ পৰিৱৰ্তে সকলোৰে মনত সৃষ্টি হৈছে আশংকাহে। কোন মুহূৰ্তত অদৃশ্য এক বীজানুৰ গ্ৰাসত পৰি সুদীৰ্ঘ ক্ৰীড়া জীৱনৰ চূড়ান্ত লক্ষ্যৰ পৰা বিচলিত হ'বলগীয়া হ'ব পাৰে তাৰ কোনো নিশ্চয়তা নাই।

কোভিডৰ বাবেই অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত নাই গীত, নৃত্যৰ অপূৰ্ব সমাহাৰ। নাথাকে বিশ্বৰ কোনো তাৰকা নৃত্যপটীয়সী, কণ্ঠশিল্পী।ইয়াৰ পৰিৱৰ্তে থাকিব কেৱল জাপানী সকলৰ সুনিপুন কলাৰ নিদৰ্শন। আনহাতে টকিঅ' অলিম্পিকক লৈ জাপানী সকলৰ মনতো নাই বিশেষ উৎসাহ-উদ্দীপনা। তেওঁলোকে আজিও অলিম্পিকৰ বিৰোধিতা কৰি আহিছে। জাপানীসকলে অলিম্পিক আয়োজনৰ দ্বাৰা চৰকাৰে দৰিদ্ৰসকলক প্ৰাণে মৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে বিচাৰে টকিঅ' অলিম্পিকৰ নামত যি বৃহৎ পৰিমাণৰ ধন খৰছ কৰা হ'ল সেই ধন কোভিড সাহায্য হিচাপে ব্যৱহাৰ কৰিব পৰা গ'ল হয়। জাপানী সকলে অলিম্পিক আয়োজনৰ জৰিয়তে চৰকাৰে কোভিডৰ অন্যান্য ভেৰিয়েণ্ট ৰাষ্ট্ৰখনলৈ কঢ়িয়াই আনিছে বুলি অভিযোগ তুলিছে।

টকিঅ' অলিম্পিক ইতিহাসৰ পৃষ্ঠাত অতি কৰুণ ভাৱে লিখিত হৈ ৰ'ব। প্ৰথমে মহামাৰীৰ বাবে এবছৰ স্থগিত আৰু ইয়াৰ পাছতে সেই মহামাৰীৰ বাবেই অলিম্পিকৰ বিভিন্ন নিয়মৰ সলনি। দৰ্শক অবিহনে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দুখ যিদৰে সকলোৰে মনত থাকিব সেই একেদৰেই প্ৰতিযোগিতাৰ বিজয়ী খলুৱৈয়ে পদক গ্ৰহণ কৰাৰ দৃশ্যও হৈ পৰিব অতি কৰুণ। কিয়নো মহামাৰীৰ বাবেই বিজয়ী খেলুৱৈক প্ৰদান কৰিবলগীয়া মেডেল কোনো বিশেষ ব্যক্তিয়ে ডিঙিত পৰিধান কৰাই নিদিয়ে। নিজেই নিজৰ মেডেল পৰিধান কৰিব লাগিব খেলুৱৈয়ে।

খেলৰ জৰিয়তে এখন দেশৰ পৰা আন এখন দেশলৈ সংস্কৃতিৰ বিনিময় হয়, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আদিৰ ভাগ বতৰা হয়। এখন দেশৰ সংস্কৃতি, ভাষাক আন দেশৰ খেলুৱৈৰ সৈতে চিনাকী কৰি দিয়ে খেলুৱৈসকলে। তাৰ বাবেই গেম ভিলেজ।গেম ভিলেজৰ ইতিহাসে তাকেই কয়। কিন্তু এইবাৰৰ অলিম্পিকত নাই সেই ব্যৱস্থা। কোনো খেলুৱৈয়ে এজনে আনজনক কৰিব নোৱাৰিব আলিংগন অথবা কৰমৰ্দন।

অলিম্পিকক লৈ সকলোৰে মনত আছিল বিশেষ উৎসাহ। জাপানী লোকসকলেও পূৰ্বে ইয়াৰ বিৰোধিতা কৰা নাছিল। সকলোৱেই এই অলিম্পিকৰ বাবে দিছিল সহাৰি। সেইবাবেই অলিম্পিক আয়োজক কমিটীয়ে পদক নিৰ্মাণৰ বাবে পুৰণি পুনব্যৱহাৰযোগ্য সামগ্ৰীকেই অগ্ৰাধিকাৰ দিছিল। তেওঁলোকে পুন ব্যৱহাৰযোগ্য সামগ্ৰীৰে খেলুৱৈৰ বাবে পদক নিৰ্মাণৰ পৰিকল্পনা কৰিছিল । সেই পৰিকল্পনাক সমৰ্থন কৰিছিল জাপানী লকোসলকলে। আনকি খেলুৱৈৰ বাবে ইউনিফৰ্ম তৈয়াৰ কৰিবলৈও দান কৰিছিল কাপোৰ। এই কাপোৰকে আকৌ নতুনকৈ খেলুৱৈৰ বাবে তৈয়াৰ কৰাৰ পৰিকল্পনা আছিল অলিম্পিক আয়োজক কমিটীৰ। ইয়াৰো পৰি বিশ্বৰ অগণন অনুৰাগীৰ আকৰ্ষণৰ বাবে ঘণ্টাত ৫০৫ কিলোমিটাৰ বেগেৰ নতুন মেগলেভ ট্ৰেইন চলোৱাৰ পৰিকল্পনাও কৰিছিল জাপানে। কিন্তু এই পৰিকল্পনা সমূহৰ অধিকাংশই কাৰ্যত বাস্তুৱ ৰূপায়িত কৰিব নোৱাৰিলে জাপানে। কোভিডেই এই পৰিকল্পনাত ব্যাঘাত জন্মালে।

'মিৰাই টোৱা' টকিঅ' অলিম্পিকৰ মেছকট। দুটা জাপানী শব্দ মিৰাই আৰু টোৱা মিলি সৃষ্টি হৈছে এই শব্দ। মিৰাই মানে ভৱিষ্যত আৰু টোৱা মানে চিৰন্তন। বিশ্বৰ অগণন ক্ৰীড়ানুৰাগীৰ মাজত আশাৰ বতকৰা কঢ়িয়াই অনাৰ লগতে সকলোৰে অন্তৰত যাতে ৰেখাপাত কৰে তাৰ বাবেই এই মিৰাই টোৱা। এই মেছকট তৈয়াৰৰ বাবে ২০১৭ চনতেই অনুষ্ঠিত কৰিছিল এক প্ৰতিযোগিতা। যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ২,০৪২ গৰাকী শিল্পীয়ে। এই শিল্পীসকলৰ মাজৰ পৰাই ৰায়ো টানিগুচিৰ শিল্পকে টকিঅ' অলিম্পিকৰ মেছকট হিচাপে বযৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কোভিডৰ ভয়াবহতাৰ মাজতো টকিঅ'ত গৈ উপস্থিত হৈছে গৈ বিশ্বৰ ২০৬ খন দেশৰ ১১,৩০০ তকৈ অধিক খেলুৱৈ। এই খেলুৱৈসকলে ৩৩ বিধ ক্ৰীড়াৰ ৩৩৯ টা শিতানত অংশগ্ৰহণ কৰিব। নতুনকৈ অলিম্পিকত থ্ৰী এক্স থ্ৰী বাস্কেটবল, কাৰাটে, মেডিছন চাইক্লিং, স্পৰ্টছ ক্লাইম্বিং, ছাৰ্ফি, স্কেট বৰ্ডিঙক অন্তৰ্ভুক্ত কৰা হৈছে।

অলিম্পিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ পৰা গৈছে এক বৃহৎ দল। মুঠ ২৫৮ গৰাকী সদস্যৰ এই দলটোৰ পৰা স্বাভাৱিকতে দেশে বহু আশা কৰিছে। দলটোত আছে বহু কেইগৰাকী পূৰ্বৰ অলিম্পিয়ান আৰু অভিজ্ঞ খেলুৱৈ। ১৩৬ কোটিৰ জনতাৰ দেশ ভাৰতে বৰ্তমানলৈকে অলিম্পিকৰ পৰা মাত্ৰ ২৮ টা পদক হে অৰ্জন কৰিবলৈ সক্ষম হৈছে।এই ২৮ পদকৰ ভিতৰত ব্যক্তিগত শাখাত মাত্ৰ ১ টা স্বৰ্ণ পদক হে লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। ২০০৮ ৰ বৈইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাই লাভ কৰিছিল স্বৰ্ণ পদক। অলিম্পিকৰ ইতিহাসত ভাৰতৰ ব্যক্তিগত শাখাত সেয়াই প্ৰথমটো আৰু একমাত্ৰ স্বৰ্ণ পদক।

কিন্তু টকিঅ' অলিম্পিকত ভাৰতে ইতিহাস সূচনা কৰিব বুলি পূৰ্বানুমান কৰিছে কেইবাটাও সংস্থাই। গ্ৰেছনোট অলিম্পিককে ধৰি আন কেইটামান সংস্থাই দাবী কৰিছে প্ৰায় ২০ টা পদক লাভ কৰিব ভাৰতে। ইয়াৰ ভিতৰত থাকিব ৪ টা স্বৰ্ণ পদক। শ্বুটিং, ৰেষ্টলিং, ভাৰত্তোলণ, বক্সিং, বেডমিণ্টন, জেভলিন থ্ৰ', আৰ্চাৰী আৰু হকী আদি ইভেণ্টত ভাৰতে পদক লাভৰ পূৰ্ণ সম্ভাৱনা আছে।

এই ইভেণ্ট সমূহৰ ভিতৰত শ্বুটিঙতেই ভাৰতে সৰ্বাধিক পদক লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। মুঠ ১৫ গৰাকী শ্বুটাৰে অংশগ্ৰহণ কৰিব অলিম্পিকত। এই ১৫ জনীয়া দলটোৰ ভিতৰত ইলাভেনিল ভালাৰিভান মনু ভাকেৰ, দিবাংশ সিং পানৱাৰ, সৌৰভ চৌধুৰী, ৰাহি ছাৰ্ণোবাটৰ পদক জয়ৰ সম্ভাৱণা অধিক। শ্বুচাৰ কেইগৰাকীয়ে পূৰ্বৰ প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন কৰি আহিছে।

শ্বুটিংৰ পাছতে ভাৰতৰ পদক লাভৰ সম্ভাৱনা অধিক ৰেষ্টলিংত। এই শিতানত বজৰং পুনিয়া, দিনেশ ফোগত, সোণম মালিকে পদক জয় কৰাৰ সম্ভাৱনা আছে।

বক্সিঙৰ পৰাও ভাৰতলৈ আহিব পাৰে একাধিক পদক। ভৰাতৰ পুৰুষ বক্সাৰ অমিত পংঘাল, মেৰী কম, লাভলীনা বৰগোহাঁইয়ে পদক লাভৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ভাৰত্তোলনত মীৰা বাঈ চানু, বেডমিণ্টনত পি বি সিন্ধু, ট্ৰেক এণ্ড ফিল্ডত জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰা, আৰ্চাৰীত দীপিকা কুমাৰী, অতনু দাসে পদক লাভৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে প্ৰচাৰ চলিছে।

ইয়াৰো পৰি ভাৰতীয় হকী দল দুটাইয়ো পদক লাভৰ আশা দেখুৱাইছে ভাৰতক। আনহাতে অন্যান্য শিতানসমূহত ভাৰতৰ পদক লাভৰ সম্ভাৱনা নাই বুলি ক'ব বিচৰা হোৱা নাই যদিও তুলনামূলকভাৱে অন্যান্য ক্ৰীড়াৰ শিতানত খেলুৱৈসকল উলেখিত ক্ৰীড়া শিতানতকৈ অধিক প্ৰত্যাহ্বানৰ সন্মখীন হ'ব। এই প্ৰত্যহ্বানক নেওচি কিদৰে ভাৰতীয় খেলুৱৈসকলে নিজৰ প্ৰদৰ্শন দাঙি ধৰে সেয়া হ'ব লক্ষণীয়।

ভাৰতীয় সময় অনুসৰি শুক্ৰবাৰে দিনৰ ৪ঃ৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানৰ লাইভ টেলিকাষ্ট চাব পাৰিব সকলোৱে। দূৰদৰ্শন আৰু ডি ডি স্প'ৰ্টছত এই লাইভ অনুষ্টান উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও ছ'নি স্প'ৰ্টছ নেটৱৰ্কটো লাইভ টেলিকাষ্ট চাবলৈ পাৰিব।

আনহাতে প্ৰতিযোগিতাৰ খেলসমূহৰ লাইভ অনুষ্ঠান ছ'নি লাইভৰ জৰিয়তে চাবলৈ পাৰিব। আৰু অলিম্পিকৰ প্ৰতিটো খবৰ অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণতো উপলব্ধ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in