১৫ জুনত ঘৰলৈ অহাৰ কথা আছিল দেউতা…

১৫ জুনত ঘৰলৈ অহাৰ কথা আছিল দেউতা…

মৃদুল কুমাৰ সন্দিকৈ

শ্বহীদ হ'ল অসমৰ আন এজন বীৰ সন্তান। দেশ মাতৃৰ বাবে উচৰ্গা কৰিলে প্ৰাণ। জম্মু-কাশ্মীৰৰ অনন্তনাগত ১২ জুন, ২০১৯ৰ আবেলি তহল দি আছিল এটা নিৰাপত্তাৰক্ষীৰ দলে। অনন্তনাগৰ কেপি ৰোডত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ দললৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে দলিয়াই দিলে এটা গ্ৰেণেড।

অতৰ্কিতে ১২ জুনত সন্ত্ৰাসবাদীয়ে চলালে আক্ৰমণ…

জম্মু-কাশ্মীৰত কৰ্মৰত অসমৰ এজন চি আৰ পি এফৰ জোৱানে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক জানিবলৈ দিয়া মতে, মুখত ক'লা কাপোৰ বান্ধি আহিছিল দুজনীয়া সন্ত্ৰাসবাদীৰ দলটো। গ্ৰেণেড দলিয়াই লগত অনা মৰাণাস্ত্ৰৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল সন্ত্ৰাসবাদী দুটাই।

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল এটা সন্ত্ৰাসবাদী…

এই আক্ৰমণৰ পাছতে বহু সময় ধৰি সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীবৰ্ষণ হৈছিল। সমগ্ৰ পথছোৱাত আবদ্ধ হৈ পৰিছিল যান বাহন। এই আক্ৰমণত নিহত হৈছিল ৫ জনকৈ চি আৰ পি এফৰ জোৱান।

সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হোৱা ৫ চি আৰ পি এফৰ জোৱান-বিষয়া

নিহত সকল আছিল কনিষ্টবল সঞ্জীৱ যাদৱ, এএছআই ৰমেশ কুমাৰ, এএছআই নিৰোদ শৰ্মা, কনিষ্টবল মহেশ কুমাৰ কুশ্বৱাহা আৰু কনিষ্টবল সতীন্দ্ৰ কুমাৰ। শ্বহীদ জোৱানসকলৰ দুজন উত্তৰ প্ৰদেশৰ, এজন হাৰিয়ানাৰ, এজন মধ্যপ্ৰদেশৰ আৰু আনজন আছিল অসমৰ বীৰ সন্তান নিৰোদ শৰ্মা।

শ্বহীদ নিৰোদ শৰ্মাৰ ঘৰ আছিল নলবাৰী জিলাৰ বৰমাৰ দহ কাউনিয়াত। চি আৰ পি এফৰ ১১৬ নং বেটেলিয়ানৰ (ব্ৰেভ') সহকাৰী এ এছ আই আছিল নিৰোদ শৰ্মা।

সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হোৱা অসম সন্তান তথা চি আৰ পি এফৰ এ এছ আই নিৰোদ শৰ্মা

১৯৯১ চনত চি আৰ পি এফত যোগ দিছিল নিৰোদ শৰ্মা। যোৱা ২৭ বছৰ ধৰি দেশ মাতৃৰ বাবে সেৱা আগবঢ়াইছিল এইগৰাকী বীৰ শ্বহীদে। জম্মু-কাশ্মীৰত ১০ বছৰ ধৰি আছিল নিৰোদ শৰ্মা। অমৰনাথৰ যাত্ৰাক লৈ জম্মু-কাশ্মীৰত নিৰাপত্তা কটকটীয়া কৰা হৈছিল। সেই নিৰাপত্তাৰ দায়িত্বতে সতীৰ্থৰ সৈতে নিয়োজিত হৈ আছিল বীৰ জোৱানজন।

মৃত্যুৰ শীতল কোলাত শ্বহীদ নিৰোদ শৰ্মা…

সতীৰ্থ অসমৰ এজন চি আৰ পি এফৰ জোৱানে এই ঘটনাৰ বৰ্ণনা দি কয় যে সন্ত্ৰাসবাদীয়ে অতি পৰিকল্পিতভাৱে আৰু অতৰ্কিতে এই আক্ৰমণ চলাইছিল। শ্বহীদ নিৰোদ শৰ্মা আছিল অত্যন্ত সাহসী আৰু সৎ ব্যক্তি। কোনো দিনেই তেওঁ পিছপৰি ৰোৱা নাছিল। সদায় আগত আছিল শ্বহীদ নিৰোদ শৰ্মা।

কন্যাৰ সৈতে নিৰোদ শৰ্মা…

নিৰোদ শৰ্মাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে শোকত ভাগি পৰে শ্বহীদ জোৱানজনৰ পৰিয়াল। ২০০৪ চনত টিহুৰ শিয়ালমাৰীৰ জোনালী দেবীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল নিৰোদ শৰ্মা।

নিৰোদ শৰ্মাৰ ঘৰত শোকাকুল পৰিৱেশ…

শ্বহীদ জোৱানজনে পত্নীৰ লগতে এৰি থৈ গৈছে দুই কন্যা সন্তানক। তেওঁলোক ক্ৰমে দিক্ষীতা আৰু হিমাংগী। দুয়ো শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী। দেশৰ বাবে জীৱন উচৰ্গা কৰা নিৰোদ শৰ্মাৰ দুই কন্যাইও পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত মুক হৈ পৰিছে। দেউতাৰৰ অতি আদৰৰ আছিল দিক্ষীতা আৰু হিমাংগী।

নিৰোদ শৰ্মাৰ দুই কন্যা…

ইতিমধ্যে এই আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে অল ওমৰ মুজাহিদীনে। অমৰনাথ যাত্ৰাৰ পূৰ্বে এই আক্ৰমণে জম্মু-কাশ্মীৰৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিলে।

এই পথতেই সন্ত্ৰাসবাদীয়ে চলাইছিল আক্ৰমণ…

পিতৃ ঘৰলৈ আহিব বুলি আগ্ৰহেৰে বাট চাই আছিল দিক্ষীতা আৰু হিমাংগীয়ে। সংঘৰ্ষত মৃত্যু হোৱাৰ দুদিনৰ পাছতেই ঘৰলৈ অহাৰ কথা আছিল নিৰোদ শৰ্মা। কিন্তু তাৰ পূৰ্বেই আহিল এই দুখবৰ। পৰিয়ালটোক সান্তনা দিবলৈ ভাষা বিচাৰি পোৱা নাই আত্মীয়ই।

নিৰোদ শৰ্মাৰ বাসগৃহত ভিৰ কৰিছেগৈ বহু লোকে…

নিৰোদ শৰ্মা আছিল অতি সৰবৰহি লোক। সুদীৰ্ঘদিন চি আৰ পি এফত কাম কৰা নিৰোদ শৰ্মাই ঘৰলৈ আহিলেই ব্যস্ত হৈ পৰিছিল সামাজিক কামৰ সৈতেও। ১৫ জুনত নিৰোদ শৰ্মা অহাৰ কথা আছিল ছুটিত।

চিকিৎসালয়ত মৃত্যুক সাৱটি লোৱা চি আৰ পি এফৰ এজন জোৱান…

শ্বদীহ জোৱান কেইজনক সামৰিক মৰ্যাদাৰে অনন্তনাগত বৃহস্পতিবাৰ (১৩ জুন, ২০১৯)-এ পুৱা দিয়া হ'ল শেষ বিদায়। তাৰ পৰাই বিমানেৰে তেওঁলোকৰ নশ্বৰ দেহ লৈ অনা হ'ব ঘৰ অভিমুখে।

শ্বহীদ ৫ জোৱানক যঁছা হৈছে সামৰিক সন্মান…

ৰাজ্য চৰকাৰে ইতিমধ্যে বীৰ জোৱানজনৰ পৰিয়ালক ২০ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে। সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া। কিন্তু কোনোবাই ঘূৰাই দিব পাৰিবনে দিক্ষীতি আৰু হিমাংগীক তেওঁলোকৰ দেউতাকক?

বৰ আগ্ৰহেৰে দুয়ো ৰৈ আছিল দেউতাক আহিব বুলি। কেইঘন্টামানৰ আগলৈকে কণমানি দুজনিৰ চকুত বিৰিঙি আছিল আনন্দৰ ৰেঙণি। এতিয়া দুয়োৰে চকুত পিতৃক হেৰুওৱা দুখৰ চকুপানী। ১৫ জুনৰ পূৰ্বেই এতিয়া ঘৰলৈ আহিব তেওঁলোকৰ দেউতাক। কিন্তু হাতত বেগ লৈ তেওঁলোকৰ বাবে কাপোৰ কানি বা আন সামগ্ৰী লৈ নহয়, ফুলৰ মালাৰে সজোৱা বন্ধ কফিনৰ ভিতৰত নিথৰ দেহ হৈ ঘৰলৈ আহিব এ এছ আই নিৰোদ শৰ্মা। আগৰ দৰে আহি দুই কন্যাক সাৱটি মৰমতে আঁকোৱালি লোৱাৰ পৰিৱৰ্তে পিতৃৰ নিথৰ দেহক সাৱটি আত্মীয় আৰু দুই কন্যাই টুকিব চকুপানী।

পিতৃক হেৰুওৱা এই দুই কণমানিৰ উচুপনিৰ মূল্য বুজিব কোনে? সন্ত্ৰাসবাদীৰ হাতত সেনা জোৱানৰ মৃত্যুৰ ঘটনা এক সাধাৰণ ঘটনা হৈ পৰিছে।যোৱা কেইদিনতে মনেশ্বৰ বসুমতাৰী, বিপুল বৰা, নিৰজ ছেত্ৰীলৈকে ক'ত জনে ক'ত ঘৰ, পৰিয়াল উদং কৰি গুছি গৈছে এই যুঁজত। আৰু শেহতীয়াকৈ সন্ত্ৰাসবাদৰ বলি হ'ল নিৰোদ শৰ্মা। এই বীৰ জোৱানৰ ত্যাগৰ মূল্য চৰকাৰে দিব কেতিয়া?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in