বিতৰ্ক নহয়; সংঘইও নেতৃত্ব দিয়ক জাতীয় জীৱনকঃ বাপ-আই সকলোৱে আশাৰে বাট চায়…

বিতৰ্ক নহয়; সংঘইও নেতৃত্ব দিয়ক জাতীয় জীৱনকঃ বাপ-আই সকলোৱে আশাৰে বাট চায়…

● মৃদুল কুমাৰ সন্দিকৈ

এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে ইটোৰ পাছত সিটো জাতীয় সংগঠনৰ কৰ্মকৰ্তা। 'কা' বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত সূত্ৰপাত হৈছে এই বিতৰ্কৰ। একাংশ জাতীয় সংগঠনৰ মঞ্চত চৰকাৰী পক্ষ তথা 'কা' সমৰ্থনকাৰী ৰাজনৈতিক নেতাক বৰ পীৰা পাৰি আমন্ত্ৰণ জনোৱাক কেন্দ্ৰ কৰি বাকযুদ্ধৰ সৃষ্টি হৈছে সেই সংগঠনসমূহৰ নেতৃত্বৰ মাজত।

ৰাজ্যৰ এটা উল্লেখযোগ্য জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিৱেশনলৈ 'কা'ৰ সমৰ্থনকাৰী নেতা-মন্ত্ৰীসকলক নিমন্ত্ৰণ জনোৱাৰ পৰা সংঘৰ কৰ্মকৰ্তাসকল বিৰত থাকিবলৈ জনোৱা আহ্বানে সূত্ৰপাত ঘটাইছে এই বিতৰ্কৰ।

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰসাৰ তথা এক ভেদ ভাৱহীন সমাজ গঢ়াৰ স্বাৰ্থত গঠন হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় বিতৰ্ক আৰু ৰাজনৈতিক কাৰ্যকলাপৰ পৰা বিৰত হৈ আহিছে। শ্ৰীমন্ত শংকৰদেৱ আছিল এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠন, সু সাহিত্যিক, চিত্ৰকৰ আৰু অসমীয়া জাতিৰ পথ প্ৰদৰ্শক। তেওঁৰ আদৰ্শক সৰোগত কৰি অসমৰ জন সাধাৰণক নৱ বৈষ্ণৱ ভক্তি আন্দোলনৰ ধাৰাৰে এক ভক্তি আন্দোলনৰ নেতৃত্ব দি আহিছে সংঘই।

সেয়েহে জাতীয় সংকটৰ মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্থিতি আৰু ইয়াৰ বিষয় ববীয়াৰ আচৰণ সকলোৰে বাবে লক্ষণীয় হৈ পৰে। প্ৰতি বছৰে সংঘই অনুষ্ঠিত কৰা অধিৱেশনখন দেশ-বিদেশৰ লগতে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে এক আদৰৰ অনুষ্ঠান হৈ আহিছে।

পূৰ্বৰ বছৰবোৰৰ দৰে ২০২০ বৰ্ষতো প্ৰায় ২.৮ কোটি টকা বাজেটেৰে বোকাখাতত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ আয়োজন কৰা হৈছে। ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগা সংঘৰ এই অধিৱেশনত সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিৱেশনস্থলীলৈ ৰাজনৈতিক দলৰ নেতাক তথা জাতীয় জীৱনৰ প্ৰতি অৱহেলা কৰা লোকক নিমন্ত্ৰণ নকৰিবলৈ বা তেওঁলোকৰ সৈতে দূৰত্ব বজাই ৰাখিবলৈ কেইবাটাও দল-সংগঠনে অনুৰোধ কৰিছিল।

ইয়াৰ পূৰ্বে মৰিগাঁৱত অনুষ্ঠিত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিমন্ত্ৰণ কৰা হৈছিল যদিও তেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা আন্দোলনমুখী পৰিৱেশৰ বাবে সংঘৰ মৰিগাঁৱৰ অধিৱেশনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যোৱাৰ পৰিৱেশ ৰচনা হোৱা নাছিল।

পূৰ্বতকৈ এইবাৰ 'কা' বিৰোধী আন্দোলন অধিক তীব্ৰতৰ হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীলৈ কিছু লোকক নিমন্ত্ৰণ কৰা আৰু 'কা'ৰ পোষকতা কৰা ব্যক্তি বিশেষক নিমন্ত্ৰণ নজনাবলৈ জনোৱা আহ্বান সংঘৰ কৰ্মকৰ্তা সকলে কিধৰণে বিচাৰ কৰে সেয়া তাৎপৰ্যপূৰ্ণ হ'ব বুলি বহুতে ভাৱিছিল।

অধিৱেশন আৰম্ভ হোৱাৰ কেইদিনমানৰ পূৰ্বে অধিৱেশনস্থলীতে অনুষ্ঠিত হোৱা সংঘৰ মূল কাৰ্যকৰ্তা সকলৰ সভাত সেই সকলো অনুৰোধ প্ৰত্যাখ্যান কৰি সংঘৰ পৰম্পৰা অনুসৰি এই অধিৱেশনস্থলীলৈ সকলোকে নিমন্ত্ৰণ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সংঘই গ্ৰহণ কৰিলে। এয়া আছিল সংঘৰ নিজস্ব সিদ্ধান্ত।

কিন্তু এনে অভিযোগ উত্থাপন হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰ চৰাতে সংঘৰ কৰ্মকৰ্তা সকলৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিৰোধ সৃষ্টি হৈছে। আনকি এনে খবৰো প্ৰচাৰ হৈছিল যে শংকৰ সংঘৰ এজন কৰ্মকৰ্তাই 'কা' বিৰোধী আন্দোলনত জড়িত নহ'বলৈ এক প্ৰকাৰৰ ফটোৱা জাৰি কৰিছিল।

১৯৩০ চনত এক শৰণ নাম ধৰ্মক নেতৃত্ব দি আগুৱাই লৈ যোৱাৰ উদ্দেশ্যৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বে-চৰকাৰী সামাজিক তথা ধৰ্মীয় অনুষ্ঠানটোৰ স্থাপন কৰা হৈছিল। প্ৰতি বছৰে অসমৰ একো স্থানত অনুষ্ঠিত কৰে এই সংঘৰ বাৰ্ষিক অধিৱেশন। ৪০ লাখৰো অধিক ভক্ত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰভাৱ অসমৰ সমাজ জীৱনৰ সৰ্বত্ৰে পৰে।

কেৱল ধৰ্মীয় বা সংস্কৃতিৰ ক্ষেত্ৰখনকে নেতৃত্ব দিয়া নহয়, শংকৰদেৱ সংঘই জাতীয় জীৱনকো প্ৰতিনিধিত্ব কৰি আহিছে। অসম সাহিত্য সভাৰ দৰে সংঘৰ কিছু নেতৃত্বৰ কাম কাজৰ বাবে বিতৰ্কত সোমাই পৰা এই সামাজিক অনুষ্ঠানটোৰ ভূমিকাক লৈ চৰ্চা হোৱাৰ খবৰ ৰাজ্যবাসীৰ বাবে সুখকৰ নহয়।

১৯৩০ চনত স্থাপন হোৱা এই অনুষ্ঠানটোৰ প্ৰথম নাম আছিল শংকৰ সংঘ। নগাঁৱৰ পলাশনিত প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল শংকৰ সংঘৰ। পদাধিকাৰ আছিল হলধৰ ভূঞা। পৰৱৰ্তী সময়ত ককা নীলমণি ফুকন, ডম্বৰুধৰ বৰুৱা, পিতাম্বৰ দেৱ গোস্বামী, গহন চন্দ্ৰ গোস্বামী, ডিম্বেশ্বৰ নেওগ, সোণাৰাম চুতিয়া, শশীচন্দ্ৰ বৰুৱা, কৰুণাকান্ত কলিতা আদিয়ে সংঘৰ পদাধিকাৰৰ আসন শুৱনি কৰিছিল।

কোনো দিনেই শংকৰ সংঘক লৈ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বা তাৰ আগে পিছে এনেধৰণৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ নজিৰ নাই। শংকৰদেৱ সংঘৰ একাংশ ক্ষমতালোভী বিষয় ববীয়াৰ শেহতীয়া স্থিতিয়ে সংঘক এই বিতৰ্কৰ মাজলৈ ঠেলি দিছে বুলি ক'ব খোজে সংঘৰ সৈতে জড়িত এক ঘনিষ্ঠ মহলে।

শংকৰদেৱ সংঘৰ বৰ্তমানৰ এজন বিষয় ববীয়াৰ ভূমিকাক লৈ বিশেষভাৱে চৰ্চা হৈছে। অভিযোগ অনুসৰি, সংঘৰ নামত থকা এখন গাড়ী কাৰ্য নিৰ্বাহকৰ অনুমোদনৰ অবিহনে এই বিষয় ববীয়া গৰাকীয়ে নিজ পত্নীৰ নামত পঞ্জীয়ন কৰিছিল। পৰৱৰ্তী সময়ত আন বিষয় ববীয়া সকলে কাৰ্য নিৰ্বাহকত বিষয়টো উত্থাপন কৰি এয়া কেনেকৈ হ'বলৈ পালে বুলি প্ৰতিবাদ কৰাত অতি কম দামত ক্ৰয় কৰা দেখুৱাই নিজৰ পত্নীৰ নামত পঞ্জীয়ন কৰি লোৱা গাড়ীখন পুনৰ শংকৰদেৱ সংঘৰ নামত পঞ্জীয়ন কৰিবলৈ বাধ্য হৈছিল এইগৰাকী বিষয় ববীয়া।

শংকৰদেৱ সংঘৰে এক সূত্ৰই জানিবলৈ দিয়া মতে, সেই বিষয়ববীয়া গৰাকীয়ে নিজক এনে অনীতিগত কামৰ পৰা ৰক্ষা কৰিবলৈ গাড়ীখন বিক্ৰীৰ বাবে গাড়ীৰ ডিলাৰৰ পৰা পুৰণি গাড়ীখনৰ মূল্য নিৰ্ধাৰণৰ নথি পত্ৰও আনিব লগা হৈছিল।

এই বিষয় ববীয়া গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ এতিয়া সংবাদ মাধ্যমত বহুলভাৱে চৰ্চা হৈছে। এনে পৰ্যন্ত চৰ্চা হৈছে যে নাগৰিকত্ব সংশোধনী আইনক লৈ একাংশ বিষয় ববীয়াই লোৱা স্থিতিৰ বাবে শংকৰদেৱ সংঘ সমান্তৰালভাৱে দ্বিখণ্ডিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

অসমৰ জাতীয় জীৱনৰ বাবে এয়া নিশ্চয় অতি দুঃখবৰ। এনেবোৰ ক্ষমতাকেন্দ্ৰিক আৰু আৰ্থিক খেলিমেলি তথা সৰ্ব সাধাৰণৰ আবেগ অনুভূতিক অৱজ্ঞা কৰাৰ বাবেই অসম সাহিত্য সভাৰ মান মৰ্যাদা পূৰ্বৰ তুলনাত বহুখিনি হ্ৰাস পাইছিল। তেনে বাটেৰে শংকৰদেৱ সংঘই বাট বুলিলে এই আশংকা বাস্তৱত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্যতঃ নীতি নিয়মৰ মাজেৰে পৰিচালিত এক অনুষ্ঠান। সংঘৰ প্ৰাথমিকৰ সদস্যই কুকুৰাৰ ফাৰ্ম খোলাৰ বাবে, কন্যাৰ বিয়াৰ অনুষ্ঠানত আমিষ ভোজনৰ ব্যবস্থা কৰি সংঘৰ সংবিধানৰ ২৮ অনুশাসন ভংগ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ উদাহৰণ আছে।

সেই একেই সংঘতে মৰিগাঁও অধিৱেশনত হিচাপ এবছৰে দাখিল নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো তেনে এজন বিষয় ববীয়াই কিদৰে সংঘৰ মজিয়াত গণতান্ত্ৰিক আৰু সম তথা ভেদাভেৱহীন সমাজৰ পোষকতা কৰি দপদপাই আছে, সেই প্ৰশ্নৰ উত্তৰ সংঘৰ কৰ্মকৰ্তাসকলে কিন্তু আজিও দিব পৰা নাই।

যদি সঁচাই সংবাদ মাধ্যমত চৰ্চা হোৱাৰ দৰে সংঘৰ বাৰ্ষিক অধিৱেশনত আয়-ব্যয়ৰ হিচাপ দাখিল কৰাত কৰ্মকৰ্তাসকল ব্যৰ্থ হৈছে, তেন্তে সেয়া অতি দুৰ্ভাগ্যজনক। সৌ সেইদিনা এটা মন্দিৰৰ প্ৰাংগনত অনুষ্ঠিত হোৱা ভাওনাত অংশ গ্ৰহণ কৰাৰ অপৰাধত এখন প্ৰাথমিকৰ সভাপতিগৰাকীক ৫ বছৰলৈ পদচ্যুত কৰা হোৱা নাছিল নে?

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঢ়মপুৰৰ এক শাখাই এই নিৰ্দেশ (এক প্ৰকাৰৰ ফতোৱা) জাৰি কৰা বুলি সেই সময়ত খবৰ প্ৰচাৰ হৈছিল। বিষয় ববীয়াসকলৰ স্বেচ্ছাচাৰিতা আৰু সংঘৰ মজিয়াক ৰাজনৈতিক মঞ্চলৈ সলনি কৰাৰ অভিপ্ৰায়ৰ যি অভিযোগ উঠিছে, সেয়া অতি গুৰুত্বপূৰ্ণ অভিযোগ।

মৰিগাঁও অধিৱেশনৰ আদৰণি সমিতিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰা সংঘৰ এই কৰ্মকৰ্তা গৰাকীক এতিয়া কোনে মনত পেলাই দিব যে সংবিধানৰ নিয়ম অনুসৰি হিচাপ নিদিয়া পৰ্যন্ত সংঘৰ দায়িত্ব ল'ব নোৱাৰি। সেই প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক বাবুল বৰাক সুধিবলৈ হয়তো কোনেও সাহস নকৰিলেও ভিতৰি কিন্তু এনেবোৰ কৰ্মকাণ্ডই গুৰুজনাৰ নামত মন-প্ৰাণ সঁপি দিয়া ভকত বৈষ্ণৱক ক্ষোভিত কৰি ৰাখিছে।

আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে। শংকৰদেৱ সংঘক হেয় প্ৰতিপন্ন কৰিবলৈ ৰাজহুৱা স্থানত গগৈয়ে উদাত্ত কণ্ঠেৰে ভাষণ দি বিতৰ্কিত মন্তব্য কৰা বুলিও আন এক প্ৰচাৰ চলিছে। সেই অভিযোগৰ প্ৰত্যুত্তৰ পুনৰ ৰাজহুৱা মঞ্চতে দিয়া লুৰিণ জ্যোতি গগৈক একাংশই উভতিও ধৰিছে।

এই বাকযুদ্ধৰ বিপৰীতে শংকৰদেৱ সংঘৰ ভিতৰ চৰাত সংঘটিত কিছু খামখেয়ালি আৰু কাৰ্যপন্থাক লৈ সংঘৰে একাংশ ভকত বৈষ্ণৱ অসন্তুষ্ট হোৱাৰ কথাটো কিন্তু সংঘৰ নেতৃত্বই নুই কৰিব নোৱাৰে। অসম সাহিত্য সভাৰ ধেমাজি অধিৱেশনৰ সময়তো এনে আৰ্থিক খেলিমেলিৰ কথা পোহৰলৈ আহিছিল।

'কা' বাতিলৰ দাবীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু ভকত বৈষ্ণৱ ৰাজপথলৈ ওলাই আহিছিল। অতি শেহতীয়াকৈ ২০ জানুৱাৰী, ২০২০ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল আধ্যাত্মিক প্ৰতিবাদী কাৰ্যসূচী। আই মাতৃসকলে উপস্থিত হৈ অবিৰত ভাগৱত পাঠেৰে 'কা' বাতিলৰ বাবে চৰকাৰৰ সুমতি বিচাৰি সাব্যস্ত কৰা এই আধ্যাত্মিক প্ৰতিবাদ অন্ত পৰিছিল ২২ জানুৱাৰীৰ বিয়লি।

শংকৰদেৱ সংঘৰ মৰ্যাদা সদায় অটুত থাকক। এই কামনা আৰু আশা সকলোৱে কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজমুখী বহু কাৰ্যসূচীৰ প্ৰতি সংঘৰ সৈতে জড়িত নোহোৱা লোকসকলৰো আছে পূৰ্ণ সমৰ্থন। শংকৰদেৱ বিশ্ববিদ্যালয় স্থাপনৰ বাবে মুক্ত হস্তে দান দি এই শৈক্ষিক আন্দোলনক আগুৱাই নিয়া এনে কিছু লোক আছে, যিসকল সংঘৰ সৈতে কোনো কাৰণতে জড়িত নহয়।

সংঘৰ ভিতৰচৰাত থকা গণতান্ত্ৰিক বোধৰ বাবেই সংঘৰ কামকাজৰ সৈতে প্ৰাথমিকৰ ভকত জনৰো এক সৰ্বাত্মক অংশগ্ৰহণ সম্ভৱ হৈছে। সামুহিক চেতনাৰে নিজক সমাপন কৰিব পৰা এই ধৰ্মীয় তথা সামাজিক আদৰ্শৰ মূল্যবোধৰ বাবেই এক স্বনিৰ্ভৰশীলতাৰ আৰু সামাজিক তথা আৰ্থিক সংস্কাৰৰ প্ৰগতিশীল ধ্যান ধাৰণাক কোনোবাই ভৰিৰে মোহাৰিব খুজিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভৱিষ্যত বিপন্ন হৈ পৰিব।

শ্ৰীমন্ত শংকৰদেৱ সংঘই কিছু স্বেচ্ছাছাৰী মনোভাৱ নিঃসন্দেহে ত্যাগ কৰা প্ৰয়োজন। কৃষ্টি-সংস্কৃতি, সাহিত্য সম্পৰ্কীয় তথা সমাজ জীৱনত প্ৰভাৱ পেলাব পৰা বিতৰ্কৰ পৰা সংঘই আতৰি থাকিব নোৱাৰে। ইলাৰাম দাসক বহিস্কাৰ কৰা ঘটনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে অতি দুৰ্ভাগ্যজনক ৰূপে আজিও বিবেচিত হৈ আহিছে। শ্ৰেণীহীন সমাজৰ পোষকতা কৰা সংঘই এই কাম কিয় কৰিলে সেয়া আজিও অবুজ সাঁথৰ হৈ ৰ'ল।

বৈজ্ঞানিক মনষ্কতা আৰু প্ৰগতিবাদী চিন্তা চৰ্চাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই নিজক আগুৱাই নিয়াৰ প্ৰয়োজন আছে। কাকোৱেই ঘৃণা নকৰিব বুলি কোৱা সংঘৰ সৈতে জড়িত লোকসকলে আন ধৰ্ম বা সম্প্ৰদায়ৰ সামাজিক অনুষ্ঠানত অংশ নোলোৱা বা তাত বিতৰণ কৰা প্ৰসাদ গ্ৰহণ নকৰাটো কিমান যুক্তিসংগত সেয়া আজিও এক বিতৰ্কৰ বিষয় হৈ আহিছে।

সংঘৰ এচাম বিষয় ববীয়াৰ আত্ম অহংকাৰ আৰু অসমৰ ঐতিহ্য তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গঢ়ি উঠা ঐতিহ্য পৰম্পৰাৰ পটভূমিক অস্বীকাৰ কৰাটো দুৰ্ভাগ্যজনক। সত্ৰৰ অধিকাৰসকলে লোকৰ হাতেৰে নাখায়। কিন্তু সেই বৈদিক আচাৰ মনা তথা ব্ৰাহ্মন্যবাদৰ বিৰুদ্ধে নৱ বৈষ্ণৱবাদৰ প্ৰচাৰ চলোৱা লোকসকলৰ কিছু সামাজিক অস্পৃশ্যতাক মানি ল'ব নোৱাৰি।

বিতৰ্কৰ মাজত সোমাই পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনে কৰ্মকৰ্তাসকলৰ বাবে সমাজ জীৱনৰ পৰা সংঘ দূৰ হৈ যোৱাৰ পৰিৱেশ ৰচনা হ'ব নেকি? সেই কথা আজি অৱজ্ঞা কৰিলেও সময়ে কিন্তু তেনে কৰ্ম কাণ্ডৰ এক বাস্তৱ পৰিৱেশ ৰচনা কৰাৰ উদাহৰণ আছে।

শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় শংকৰদেৱ সংঘ হৈয়েই থাকক। সামাজিক, ধৰ্মীয় আৰু জাতীয় মূল্যবোধক গুৰুজনাৰ আদৰ্শৰ ভিত্তিত তুলি ধৰি এই অনুষ্ঠানটো আগবাঢ়ি যাওক। অন্যথাই এনে বিতৰ্কই সংঘক ৰোগাক্ৰান্ত কৰাই নহয়, অসমীয়া সমাজ জীৱনক বিভাজনমুখী চিন্তা-চেতনাৰে বিপথে পৰিচালিত কৰিব। সেই সুযোগ সংঘৰ ক্ষমতালোভী কৰ্মকৰ্তা সকলক দিয়া উচিত নহয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি সকলোৰে আছে শ্ৰদ্ধা, ভক্তি আৰু আগ্ৰহ। সংঘৰ সদস্য বা ইয়াৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহ'লেও অসমৰ লোকে গুৰুজনাৰ স্বাৰ্থতে শ্ৰীমন্ত শংকৰদেৱ সংঘক নিজৰ অনুষ্ঠান বুলি ভাৱে। যেনেদৰে এদিন ভাৱিছিল অসম সাহিত্য সভাকো। সেই উপলব্ধি এতিয়া কৰাৰ সময় শ্ৰীমন্ত শংকৰদেৱ সংঘৰে জড়িত প্ৰতিজন লোকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in