নিশা ৯ বজাত লাইটৰ চুইচ অফ কৰাৰ আগতে শুনি লওঁক এই ঘোষণা, VIDEO

নিশা ৯ বজাত লাইটৰ চুইচ অফ কৰাৰ আগতে শুনি লওঁক এই ঘোষণা, VIDEO

মৃদুল কুমাৰ সন্দিকৈ

"শ্ৰদ্ধেয় ৰাইজ, আজি ৰাতি ৯ বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া দেৱৰ আহ্বান ক্ৰমে যিসকল ৰাইজে তেখেতৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব তেখেতসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে, আপোনালোকে ঘৰৰ মেইন চুইচ কাটি নল'ব। লগতে ঘৰৰ অন্যন্য সামগ্ৰী যেনে ফ্ৰীজ, ইনভাৰ্টাৰ, টিভি, এচি, ফেন ইত্যাদি সমূহ অন কৰি ৰাখিব। অন্যথা আমাৰ গ্ৰীড চিষ্টেমৰ ক্ষয় সাধন হ'ব পাৰে। যাৰ বাবে আমি সপ্তাহ পৰ্যন্ত বিদ্যুতৰ পৰা বঞ্চিত হ'ব লাগিব।"

এনে এক ঘোষণা অসমতো দিব লগা হ'ল বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশজুৰি ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে লাইট অফ কৰি ১৩০ কোটি জনতাক চাকি, মম, মোবাইলৰ ফ্লেচ লাইট, টৰ্চ আদি জ্বলাবলৈ আহ্বান দিয়াৰ পৰিণতি এইয়া। দেশজুৰি লকডাউন চলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে যেন শক্তি প্ৰদৰ্শন কৰাৰ নামত এক নতুন সমস্যাহে থিয় কৰালে যাৰ বাবে মাইকযোগে এনে ঘোষণাহে কৰিব লগা হ'ল।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে এই সন্দৰ্ভত এক বিস্তৃত লেখা প্ৰস্তুত কৰিছিল বিশেষজ্ঞৰ মন্তব্য লৈ। সেই সময়ত এই লেখাক বহুতে মিছা অপপ্ৰচাৰ আখ্যা দিছিল। কিন্তু সেই তথ্য ভিত্তিক লেখা যে বিজ্ঞানসন্মত সেয়া প্ৰমাণিত হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও পূৰ্বতেও কাহিঁ বাটি জ্বলাই চিকিৎসকক সমৰ্থন দিবলৈ আহ্বান জনাইছিল। ইয়াত এক অনুপ্ৰেৰণামূলক পদক্ষেপৰূপেই গণ্য কৰি দেশবাসীয়ে তেনে কৰিছিল।

কোৰোনা ভাইৰাছৰ বিৰুদ্ধে দেশবাসীক সজাগ কৰিবলৈ জন সচেতনতাৰ সৃষ্টি কৰাৰ বিপৰীতে পৰিস্থিতি জটিল কৰি তুলিব পৰা প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ পিছতে বিদ্যুৎ বিতৰণ কৰা পাৱাৰ গ্ৰীড কৰ্তৃপক্ষই এতিয়া সেই সমস্যা কিদৰে সমাধান কৰিব পাৰি পদক্ষেপ গ্ৰহণত ব্যস্ত হ'ব লগা হৈছে।

পাৱাৰ চিষ্টেম অপাৰেশ্যন কৰ্পৰেশ্যন লিমিটেডে প্ৰধানমন্ত্ৰীৰ আহ্বান মতে দেশত সৃষ্টি হ'ব পৰা বিদ্যুতৰ অভাৰলোড সমস্যা সমাধানৰ বাবে বহু পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে। হঠাৎ এনেদৰে ১৩০ কোটি লোকে লাইট বন্ধ কৰি দিলে দেশৰ পাৱাৰ গ্ৰীড সমূহৰ জেনেৰেটৰসমূহ নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে।

পাৱাৰ চিষ্টেম অপাৰেশ্যন কৰ্পৰেশ্যন লিমিটেডে সেয়েহে এই ব্যৱস্থাক নিৰাপদ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ ভিতৰত এষ্টিমেটেড ডিমাণ্ড ৰিডাকশ্যন, জেনেৰেল ছিডুলিং আৰু ফ্ৰীকুৱেন্সি কনট্ৰল, ভলটেজ নিয়ন্ত্ৰণ ব্যৱস্থা আৰু সাধাৰণ নিৰ্দেশাৱলী প্ৰস্তুত কৰিছে।

৯ মিনিটৰ বাবে বিদ্যুতৰ লাইট বন্ধ! আহিব পৰা জটিলতাৰ বাবে কিযে কৰিব লগা হৈছে এতিয়া।

এই পৰামৰ্শ আৰু বিদ্যুৎ সেৱা ব্যৱস্থাক সুৰক্ষিত কৰিবলৈ সাজু কৰা ব্যৱস্থাত উল্লেখ কৰা হৈছে যে, ২০২০ৰ ২৯ মাৰ্চ অৰ্থাৎ আগৰটো দেওবাৰত সমগ্ৰ দেশত সন্ধিয়া ৬ বজাত বিদ্যুতৰ ব্যৱহাৰ আছিল ১০১,২০৭ মেগাৱাট। সেয়া নিশা ৯ বজাত বৃদ্ধি হৈছিল ১১২,৫৫১ মেগাৱাটলৈ। অৰ্থাৎ এই সময়চোৱাত বৃদ্ধি পোৱা বিদ্যুতৰ পৰিমাণ আছিল ১১,৩৪৪ মেগাৱাট।

প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে যদি সকলোৱে লাইট অফ কৰে তেনেহলে নৰ্দান ৰিজনত ৩,৪৩৬ মেগাৱাট, ৱেষ্টান ৰিজনত ৩,৬৮৫ মেগাৱাট বিদ্যুৎ ব্যৱহাৰ হ্ৰাস পাব। তেনে এক হিচাপেৰে দেশজুৰি মুঠ ১২ৰ পৰা ১৩ গিগাৱাট বিদ্যুৎ ব্যৱহাৰ হঠাৎ হ্ৰাস পাব বুলি পিএছঅ'চিএলে অনুমান কৰিছে। সেয়েহে তেওঁলোকে ফ্ৰীকুৱেন্সি নট্ৰল আৰু জেনেৰেচন ছিডুলিঙৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম (আইএছটি) অনুসৰি সকলো জেনেৰেচন ষ্টেচনক ছিনক্ৰনাইজ কৰাৰ কথা কোৱা হৈছে।

পিক আৱাৰ্ছ অৰ্থাৎ ৬ বাজি ১০ ৰ পৰা ৮ বজালৈকে হাইড্ৰ'জেনেৰেচন হ্ৰাস আৰু ৯ বজাত ইয়াক ফ্লেকচিব্লিটিসহ কনজাৰ্ভ কৰাৰ কথা ভবা হৈছে। একেদৰে এই পিক আৱাৰ্ছত থাৰ্মেল ইন্টাৰষ্টেট জেনেৰেচন ষ্টেশ্যনসমূহত বিদ্যুৎ উৎপাদন লাহে লাহে কমাই আনি টেকনিকেল মিনিমাম লেভেলত ৰখাব লাগিব নিশা ৮.৫৫ মিনিটত।

হাইড্ৰ'জেনেৰেচন আৰু গেছ জেনেৰেচনবোৰত নিশা ৮.৫৭ মিনিটৰ পৰা ফ্ৰীকুৱেন্সি অনুসৰি সেইবোৰ পৰিমাণ উঠা নমা কৰিবলৈ সাজু কৰি ৰখা হৈছে। এই সময়চোৱাত বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহত ০ ৰ পৰা ১০ শতাংশ ৰেটিঙত বিদ্যুৎ উৎপাদন কৰিব যদিও গেছ ষ্টেশ্যনসমূহ একেবাৰে নূন্যতম অৱস্থালৈ লৈ যোৱা হ'ব।

কি কি কৰিব লাগিব এই সময়চোৱাত।

এইয়া এক লগাই লোৱা লেঠা। প্ৰধানমন্ত্ৰীৰ কথা যেন শিলৰ ৰেখা। কি পৰিস্থিতি হ'ব পাৰে এনে কৰিলে সেই কথা খোদ প্ৰধানমন্ত্ৰীজনে অনুধাৱন কৰিব নোৱাৰিলে। তেওঁৰ এই আহ্বানত হয়তো এক ভাল ইচ্ছাই লুকাই আছিল। কিন্তু এই কাম যে, যুক্তিগত আৰু কাৰিকৰী দিশৰ পৰা গ্ৰহণযোগ্য নহয় সেইয়া এইবোৰ তৎপৰতাই প্ৰমাণ কৰে।

এনে নিৰ্দেশো পি এছ কৌশিয়েলে দিছে যে, এই সময়চোৱাত জ্যেষ্ঠ বিষয়াসকল জেনেৰেচন ষ্টেশ্যন, ছাব ষ্টেশ্যন আৰু লোড ডেছপাছ চেন্টাৰসমূহত ৫ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা নিশা ১০ বজালৈ উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। হঠাৎ বিদ্যুতৰ ব্যৱহাৰ সমগ্ৰ দেশজুৰি বন্ধ হৈ যোৱাৰ বাবে ভল্টেজ কনট্ৰল মিজাৰ্ছো ব্যৱহাৰ কৰিব লগা হৈছে বিদ্যুৎ বিভাগে।

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ মতে, সমগ্ৰ দেশে নিশা ৯ বজাত লাইট অফ কৰিলে পাৱাৰ গ্ৰীডসমূহত সৃষ্টি হ'ব পৰা কাৰিকৰী বিজুতি প্ৰতিৰোধ কৰিবলৈ ড্ৰাফ্ট একশ্যন প্লেনো সাজু কৰি ৰখা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশত ৩০ মেগাৱাট, অসমত ৩০০ মেগাৱাট, মণিপুৰত ১৭ মেগাৱাট, মেঘালয়ত ১০০ মেগাৱাট, মিজোৰামত ৩০ মেগাৱাট , নগালেণ্ডত ২০ মেগাৱাট আৰু ত্ৰিপুৰাত ১০০ মেগাৱাট বিদ্যুতৰ ব্যৱহাৰ হঠাৎ হ্ৰাস পাব।

সেয়েহে উত্তৰ পূৰ্বাঞ্চলত থকা বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহত এই সময়চোৱাত কিমান বিদ্যুৎ উৎপাদন কৰিব লাগিব তাৰো নিৰ্দেশনা দিয়া হৈছে। গ্ৰেজুৱেলি যাতে বিদ্যুতৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায় তাৰ বাবে এজিবিপিপি- গেছত সন্ধিয়া ৮.৪৫ৰ পৰা ৯ বজালৈকে ১৫৫ মেগাৱাট, এজিটিচিচিপিপি গেছ- ৭১ মেগাৱাট, বিজিটিপিপি ৩৭৫ মেগাৱাট, দৈয়াং ৩৩ মেগাৱাট, আদিকে ধৰি মুঠ ১৭৫৮ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব। নিশা ৯ বজাৰ পৰা ৯.১৫ বজালৈকে ইয়াৰ পৰিমাণ হ্ৰাস কৰা হ'ব ১৩০৭ মেগাৱাটলৈ। পুনৰ ৯.১৫ৰ পৰা ৯.৩০ বজালৈ বিদ্যুতৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰা হ'ব ১৭৫৮ মেগাৱাটলৈ।

ড্ৰাফ্ট একশ্যন প্লেন।

কিবা কাৰণত পাৱাৰ গ্ৰীডত কাৰিকৰী বিজুতি হ'লে এসপ্তাহ পৰ্যন্ত বিদ্যুৎ সেৱাৰ পৰা সংশ্লিষ্ট বিদ্যুৎ যোগান ধৰা অঞ্চল বঞ্চিত হ'ব লাগিব। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে দেশবাসী একত্ৰিত হোৱাত কাৰোৱে আপত্তি থাকিব নোৱাৰে। কিন্তু জানি-বুজি চপাই লোৱা এই সমস্যাই লকডাউনৰ সময়চোৱাত বহুতকে বিপদৰ মাজলৈ ঠেলি দিব পাৰে।

প্ৰধানমন্ত্ৰীৰ আহ্বান আপোনালোকে মানক। কিন্তু বিদ্যুৎ বিভাগৰ এই গুৰুত্বপূৰ্ণ কথাখিনিও আপোনালোকে মন দিব। ধেমালিতে তেওঁলোকে মাইকযোগে জনসাধাৰণক সজাগ কৰিবলৈ এই ঘোষণা কৰি থকা নাই। যিসকলে কেৱল প্ৰধানমন্ত্ৰীৰ আহ্বান বুলি ঘৰৰ সকলো লাইট, কাৰেন্টৰ চুইচ নুমুৱাই দিম বুলি ভাৱিছে তেওঁলোকে মনত ৰাখিব। কেৱল লাইটৰ চুইচহে অফ কৰিব।

ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে লাইট অফ কৰি চাকি জ্বলাবলৈ দিয়া এই আহ্বানক লৈ সমালোচনাও হৈছে। কিয় সমালোচনা হৈছে এই ব্যাখ্যা বিদ্যু বিভাগৰ বা পাৱাৰ গ্ৰীডৰ অভিযন্তা, বিশেষজ্ঞই দিছে। কোৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ ৯ মিনিট লাইট অফ কৰা এই আহ্বানৰ ভিত্তি কৰি সেয়া আমি নাজানো। কিন্তু জনা উচিত কেতিয়াবা শক্তি প্ৰদৰ্শন কৰাৰ নামত এনে কিছু কাম কৰা উচিত নহয়, যিবোৰে আন জটিলতা বঢ়াই তুলিব পাৰে।

এনে চৰ্চাও হৈছে, এই আহ্বানৰ সৈতে কেৱল কোৰোনাই নহয়, আন ৰাজনৈতিক চিন্তা-চেতনাও জড়িত হৈ আছে। সেই আলোচনা বা যুক্তি-তৰ্কৰ ভিত্তি হ'ল ৬ এপ্ৰিলৰ বিজেপিৰ প্ৰতিষ্ঠা দিৱস। ছ'চিয়েল মিডিয়াত এনে কিছু বাৰ্তাও বিয়পিছে যিবোৰ সঁচা-মিছাৰ মাজত।

প্ৰধানমন্ত্ৰীৰ আহ্বান ক্ৰমে ৫ এপ্ৰিলৰ নিশা ৯ বজাত লাইট অফ কৰক ৯ মিনিটৰ বাবে। শক্তি প্ৰদৰ্শন কৰক সকলোৱে। এই কাম প্ৰধানমন্ত্ৰীৰ প্ৰতি সন্মান জনাইয়ে কৰক। কিন্তু ইয়াৰ অন্তৰালৰ ব্যাখ্যা আৰু ইয়াৰ ফলত হ'ব পৰা সমস্যা আওকান নকৰিব। পাৱাৰ গ্ৰীডসমূহৰ সমস্যাই দেখা দিলে পুনৰ বিদ্যুৎ যোগান স্বাভাৱিক হ'বলৈ কেবাদিনো লাগিব। গতিকে বিদ্যুৎ বিভাগৰ এই আহ্বান মন দি শুনক। ঘৰৰ লাইটৰ চুইচত ৯ বজাত হাত দিয়ক। চাব যাতে ৯ মিনিটৰ বাবে অন্ধকাৰ কৰি চাকি, মম জ্বলোৱাৰ পাছত যাতে একেবাৰে বিদ্যুৎ বিচ্ছিন্ন হৈ নাযায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in