বিদায়… শীলা দীক্ষিত

বিদায়… শীলা দীক্ষিত

পংকজ শৰ্মা

দিল্লীৰ এগৰাকী প্ৰভাৱশালী আৰু দক্ষ নেত্ৰী আছিল তেওঁ। যিকোনো পৰিস্থিতিৰ সৈতে মোকামিলা কৰিবলৈ সদায় সাজু আছিল। জীৱনৰ বহু ঘাত প্ৰতিঘাত, সমালোচনাই বিচলিত কৰিব পৰা নাছিল তেওঁক। যি সময়ত দলৰ নাজল নাথল অৱস্থা, সেই সময়তো তেওঁ সদম্ভে থিয় হৈ দলৰ নেতৃত্বৰ জৰী হাতত লৈছিল। ১৮ জুলাইলৈকে তেওঁ সক্ৰিয় হৈ আছিল তেওঁৰ কামৰ সৈতে। কিন্তু গোপনে তেওঁ ভূগি অহা তেওঁৰ বুকুৰ বিষটোৱেই অৱশেষত তেওঁৰ জীৱন কাঢ়িলে। যৱনিকা পৰিল দিল্লীৰ ৰাজনীতিৰ এক অনবদ্য অধ্যায়ৰ।

দিল্লী কংগ্ৰেছৰ প্ৰভাৱশালী নেত্ৰী শীলা দীক্ষিত। কেন্দ্ৰীয় শাসিত ৰাজ্যখনত ১৫ বছৰ ধৰি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত আছিল তেওঁ। কংগ্ৰেছৰ প্ৰতিটো বিপদ শংকুল পথত তেওঁ আছিল সহযাত্ৰী। তাহানিৰ দিনৰ পৰাই কংগ্ৰেছৰ উত্থান পতনৰ সাক্ষী হৈ অহা শীলা দীক্ষিত আৰু এতিয়া নাই। ৮১ বছৰ বয়সত তেওঁ বিদায় ল'লে এই জগতৰ পৰা। ৰাজনীতি, সমাজ জীৱন আৰু দিল্লীবাসীৰ মনত সাঁচ ৰাখি ২০ জুলাই, ২০১৯ৰ আবেলি ৩.৫৬ বজাত ইহলীলা সম্বৰণ কৰে শীলা দীক্ষিতে।

শীলা দীক্ষিতৰ জন্মৰ নাম শীলা কাপুৰ। ১৯৩৮ চনৰ ৩১ মাৰ্চত পঞ্জাৱৰ কাপুৰথল্লাৰ এটা সাধাৰণ পৰিয়ালত জন্ম শীলা দীক্ষিতৰ। কলেজীয়া দিনৰ পৰাই ৰাজনীতি তেওঁৰ বৰ প্ৰিয় বিষয় আছিল। দিল্লীৰ কনভেন্ট অৱ যেচাছ এণ্ড মেৰী স্কুলত স্কুলীয় শিক্ষা আৰম্ভ কৰা শীলা দীক্ষিতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মিৰাণ্ডা হাউচৰ পৰা ইতিহাস বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল তথা স্বাধীনতা সেনানী উমা শংকৰ দীক্ষিতৰ পুত্ৰ তথা আইএএছ বিষয়া বিনোদ দীক্ষিতৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছতে সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে শীলা দীক্ষিত। শীলা দীক্ষিতৰ আছে দুটি সন্তান। তেওঁৰ স্বামীৰ এটা পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল। স্বামী গৃহ উত্তৰ প্ৰদেশত হোৱাৰ সূত্ৰে শীলা দীক্ষিতে ১৯৮৪ চনত উত্তৰ প্ৰদেশৰ কন্নৌজ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰূপে প্ৰতিনিধিত্ব কৰে।

১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত বিশাল ভোটত জয় লাভ কৰে শীলা দীক্ষিতে। ১৯৮৯ চনতো তেওঁ একেটা সমষ্টিৰ পৰাই জয়লাভ কৰে। তেওঁৰ কৰ্মদক্ষতা আৰু ৰাজনৈতিক পাৰদৰ্শিতাৰ বাবে ১৯৮৬-১৯৮৯ চনলৈ তেওঁক কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বও প্ৰদান কৰা হয়। প্ৰথমে তেওঁ সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে যদিও পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰা হয় শীলা দীক্ষিতক।

কংগ্ৰেছৰ এগৰাকী শক্তিশালী ৰাজনীতিবিদ হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছিল শীলা দীক্ষিত। দীক্ষিতে ভাৰতৰ ৪০ সংখ্যক স্বাধীনতা দিৱস আৰু জৱাহৰলাল নেহৰু সোঁৱৰণী উপলক্ষ্যে গঠন কৰা সমিতিৰো অধ্যক্ষা হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। বিভিন্ন নাৰী সংগঠন আৰু মহিলা সৱলীকৰণক লৈও গঠিত অনুষ্ঠানৰ দায়িত্বও পালন কৰিছিল শীলা দীক্ষিতে।

১৯৭০ চনতে সক্ৰিয় ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বেই শীলা দীক্ষিতে যুৱ মহিলা এছ'চিয়েশ্যনৰ অধ্যক্ষ হৈ থকা সময়ত দিল্লীত বিভিন্ন স্থানৰ পৰা আহি কাম কৰি থকা মহিলা সকলৰ বাবে দুটা আৱাস গৃহ নিৰ্মাণত আগভাগ লৈছিল। ইন্দিৰা গান্ধী মেম'ৰিয়েল ট্ৰাষ্টৰো সভানেত্ৰীৰ দায়িত্ব লৈছিল শীলাই দিক্ষীতে।

১৯৯৮ চনত তেওঁ কংগ্ৰেছৰ হৈ পূৱ দিল্লী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল শীলা দীক্ষিতে। নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী লাল বিহাৰী তিৱাৰীক পৰাজিত কৰি পৰৱৰ্তী সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় তেওঁ।

১৯৯৮ চনৰ পৰা ২০১৩ চনলৈ তিনিটাকৈ কাৰ্যকাল দিল্লীৰ নেতৃত্ব বহন কৰে শীলা দীক্ষিতে। দিল্লী চৰকাৰৰ কেইবাটাও উন্নয়নমূলক কাম সম্ভৱ হৈছিল শীলা দীক্ষিতৰ কাৰ্যকালত। এগৰাকী সবল মহিলা নেত্ৰী হিচাপে নিজকে প্ৰমাণিত কৰিবলৈ সক্ষম হৈছিল তেওঁ। কিন্তু ২০১৩ৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে দিল্লীত পৰাজিত কৰে কংগ্ৰেছক। আম আদমী পাৰ্টীৰ হৈ দিল্লীৰ শাসনৰ বাঘজৰী হাতত লয় অৰবিন্দ কেজৰিৱালে।

২০১৪ চনত কেৰালাৰ ৰাজ্যপাল হিচাপে শীলা দীক্ষিতক নিযুক্তি দিয়া হয় যদিও নিযুক্তি প্ৰদানৰ কিছু মাহৰ পিছতে তেওঁ পদত্যাগ কৰে। সেই সময়ত তেওঁ ৰাজ্যপাল হোৱাতকৈ দলৰ বাবে একাণপতীয়াকৈ কাম কৰি যোৱাটোত অধিক আগ্ৰহ প্ৰকাশ কৰিছিল।

২০১৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰূপে মনোনীত কৰা হয় শীলা দীক্ষিতৰ নাম। কিন্তু সেইবাৰো তেওঁ মুখ্যমন্ত্ৰী প্ৰাৰ্থী ৰূপে থিয় হ'বলৈ অস্বীকাৰ কৰে আৰু প্ৰাৰ্থী তালিকাৰ পৰা নিজৰ নাম উভতাই লয়।

২০১৪ চনত শোচনীয় পৰাজয় বৰণ কৰিছিল কংগ্ৰেছে। দেশজুৰি বোৱা মোডী ঢৌত ডুবিছিল কংগ্ৰছৰ নাও। কিন্তু ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে আশা কৰিছিল উন্নত প্ৰদৰ্শনৰ। প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে কংগ্ৰেছক শক্তিশালী ৰূপত নেতৃত্ব দিবলৈ ২০১৯ৰ ১০ জানুৱাৰীত শীলা দীক্ষিতক দিল্লী কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে কংগ্ৰেছ নেতৃত্বই।

কংগ্ৰেছৰ আটাইতকৈ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ নেতৃত্বত দিল্লীত কংগ্ৰেছে আশানুৰূপ ফলাফল লাভ কৰাৰ সম্ভাৱনা আছিল। আত্ম বিশ্বাসী আছিল শীলা দীক্ষিতো। সেই বাবেই হয়তো লোকসভা নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টীৰ সৈতে মিত্ৰজোঁট স্থাপন কৰিবলৈ আগ্ৰহ কৰা নাছিল তেওঁ। কংগ্ৰেছ নেতৃত্বই দুবাৰকৈ আম আদমী পাৰ্টীলৈ আগবঢ়াইছিল মিত্ৰতাৰ প্ৰস্তাৱ। আপ নেতা তথা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও আগ্ৰহ দেখুৱাইছিল মিত্ৰজোঁটৰ প্ৰতি। কিন্তু অৱশেষত শীলা দীক্ষিতৰ অনিচ্ছা বাবে মিত্ৰতা সম্ভৱ ন'হল।

২০১৯ৰ লোকসভা নিৰ্বাচনতো বিজয় সম্ভৱ নহ'ল কংগ্ৰেছৰ। শীলা দীক্ষিতৰ নেতৃত্বত দিল্লীত কংগ্ৰেছে বাৰুকৈয়ে মুখ থেকেচা খালে। নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল কংগ্ৰেছে।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে শীলা দীক্ষিতৰ নেতৃত্বক লৈ উত্থাপন হ'ল বিভিন্ন প্ৰশ্নৰ। শীলা দীক্ষিতেও মোডী বাহিনীয়ে ইভিএম টেম্পাৰিঙ কৰাৰ অভিযোগ তুলিলে। দিল্লী কংগ্ৰেছত দেখা গ'ল দল এৰাৰ ৰাজনীতি। কেইবাজনো কংগ্ৰেছ নেতা-বিধায়কে দল এৰি যোগ দিলে বিজেপিত। কংগ্ৰেছৰ ভিতৰ চৰাতে বলা ধুমুহাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে দলৰ নেতৃত্বৰ মাজত। কিন্তু তাৰ মাজতো দলৰ হৈ থিয় হৈ থাকিল শীলা দীক্ষিত। ক'লে- 'সকলো প্ৰত্যাহ্বান মই গ্ৰহণ কৰিবলৈ সাজু…।'

শীলা দীক্ষিত আৰু বিতৰ্কঃ

নাৰী শক্তি সৱলীকৰণৰ হকে অহৰহ যুঁজ দি আহিছিল শীলা দীক্ষিতে। নাৰী উৎপীড়ন, বলাৎকাৰ আদি ঘটনাৰ সময়ত সততে সৰৱ হৈ পৰিছিল তেওঁ। ১৯৯০ চনতো তেওঁ উত্তৰ প্ৰদেশত সংঘটিত হোৱা কেইবাটাও নাৰী নিৰ্যাতন ঘটনাৰ বিৰুদ্ধে মাত মাতিছিল। যাৰ বাবে তেওঁক আৰু তেওঁৰ সহকৰ্মীসকলক তেতিয়া কাৰাগাৰলৈ নিক্ষেপ কৰিছিল উত্তৰ প্ৰদেশ চৰকাৰে।

২০০৯ চনত দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত শীলা দীক্ষিতৰ বিৰুদ্ধে উত্থাপন হৈছিল জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় গ্ৰাম্য পুনঃনিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৱন্টন কৰা ৩.৫ কোটি ধনৰ অপব্যৱহাৰৰ অভিযোগ। সেই সময়ৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল সুনীত ভৰদ্বাজ নামৰ এগৰাকী বিজেপি কৰ্মীয়ে।

২০০৯ চনৰে নৱেম্বৰত জেছিকা লাল হত্যাকাণ্ডৰ মূল অভিযুক্ত মনু শৰ্মাক পেৰল প্ৰদান কৰাৰ বাবে বিতৰ্কৰ আওতাত সোমাই পৰিছিল শীলা দীক্ষিত। হত্যাৰ অভিযোগত যাৱজ্জীৱন কাৰাবাসৰ শাস্তি লাভ কৰা মনু শৰ্মাৰ জামিন পত্ৰত হস্তাক্ষৰ কৰিছিল শীলা দীক্ষিতে। পিছত ইয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীদীক্ষিতৰ বিৰুদ্ধে ২০১০ৰ কমনৱেল্থ গেমছত অনিয়ম সংঘটিত কৰাৰ অভিযোগো উত্থাপন হৈছিল।কেগে শীলা দিক্ষীতক খেল অনুষ্ঠিত হৈ থকা সময়ত চহৰখনত ষ্ট্ৰীট লাইটত সংযুক্ত উপকৰণসমূহত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে।

২০১৩চনত লোকপাল আদালতে ২০০৮চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজ্ঞাপনৰ বাবে চৰকাৰে অযথা ধন অপব্যৱহাৰ কৰাৰ অভিযোগ তুলিছিল। এই অভিযোগৰ প্ৰথমতেই আছিল মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ নাম।

মাজে মাজে হৃদযন্ত্ৰৰ অস্বাভাৱিক স্পন্দনে ক্ৰিয়া কৰিছিল তেওঁক। বুকুৰ বিষ অনুভৱ কৰিছিল। অস্বাভাৱিক হৃদস্পন্দন আৰু বুকুৰ বিষৰ বাবেই কিছুদিন পূৰ্বে  ফৰ্টিছ এছক'ৰ্ট হাৰ্ট ইনষ্টিটিউটত ভৰ্তি কৰা হৈছিল শীলা দীক্ষিতক। কিন্তু চিকিৎসালয়ৰ পৰা তেওঁ আৰু উভতি আহিবলৈ নাপালে। শনিবাৰে তাতেই ৮১ বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

শীলা দীক্ষিতৰ মৃত্যু কেৱল কংগ্ৰেছৰ বাবেই নহয়, দেশৰ ৰাজনীতিৰ বাবেই এক অপূৰণীয় ক্ষতি। নাৰী হৈও সবল নেতৃত্ব দিব জানিছিল তেওঁ। মুখত অনবৰতে এটা হাঁহি কঢ়িয়াই লৈ ফুৰা শীলা দীক্ষিতে সুদীৰ্ঘ ৩০ বছৰীয়া ৰাজনৈতিক জীৱনৰ অন্ত পেলাই বিদায় ল'লে। এই বিদায় চিৰবিদায়। তেওঁ আৰু উভতি নাহে। তেওঁৰ মৃত্যুৰ পিছত দিল্লী কংগ্ৰেছত সৃষ্টি হৈছে শূন্যতাৰ। এই শূন্যতাই সদায় মনত পেলাই দিব শীলা দীক্ষিতৰ কথা। এগৰাকী সবল নেত্ৰীৰ কথা…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in