কুশলে আছে ৰেৱতী ফুকন…

কুশলে আছে ৰেৱতী ফুকন…

● মৃদুল কুমাৰ সন্দিকৈ

ক'ত আছে ৰেৱতী ফুকন? কুশলে আছেনে তেওঁ? আলফা-চৰকাৰৰ মাজত শান্তি আলোচনাৰ বাবে উদ্যোগ ল'বলৈ গঠন কৰা পিচিজিৰ সদস্যগৰাকী সন্ধানহীন হৈ আছে ২০১৮ চনৰ ২২ জুলাইৰ পৰা। ৰেৱতী ফুকনৰ সন্দৰ্ভত বিভিন্ন খবৰ ইতিমধ্যে প্ৰকাশ হৈছে। সেই খবৰবোৰ আছিল বিভ্ৰান্তিকৰ।

অতি শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে ৰেৱতী ফুকনৰ নাম। 'আউট লুক'ত প্ৰকাশিত এক খবৰৰ পাছত ৰেৱতী ফুকনৰ পৰিয়াল আশাবাদী হৈ পৰিছে। কেৱল তেওঁৰ পৰিয়ালেই নহয়, ৰেৱতী ফুকনৰ শুভাকাংক্ষী সকলেও অপেক্ষা কৰিছে এক শুভ সংবাদলৈ।

ৰেৱতী ফুকনৰ সন্দৰ্ভত এনে খবৰ প্ৰকাশ হৈছে যে চোৰাংচোৱাই তেওঁক অপহৰণ কৰি নিছে আৰু পৰেশ বৰুৱাৰ অত্যন্ত ঘণিষ্ঠৰূপে পৰিচিত ফুকনক হত্যা কৰা হৈছে। এই খবৰবোৰে পৰিয়ালটোক উদ্বিগ্ন কৰি ৰাখিছিল। অসম আৰক্ষী আৰু চোৰাংচোৱা সংস্থা তথা এজেন্সিৰ সৈতে ৰেৱতী ফুকনৰ পৰিয়ালে যোগাযোগ কৰি তেওঁ সন্দৰ্ভত কোনো সন্ধান পোৱা নাছিল।

সময় অতিবাহিত হোৱাৰ লগে লগে ৰেৱতী ফুকনক লৈ আন কিছু খবৰ সংবাদ মাধ্যমত চৰ্চা হৈছিল। কিছু কিছুৱে এনে অভিযোগ্ কৰিছিল যে চোৰাংচোৱাৰ সংস্পৰ্শত থকা একালৰ আলফা স্বাধীনৰ সদস্যই তেওঁক হত্যা কৰিছিল। আন একাংশৰ মতে, ৰেৱতী ফুকনে গোপনে গৈ আলফা স্বাধীনত যোগদান কৰিছিল।

এই সন্দৰ্ভত আনকি পৰেশ বৰুৱাই সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি আলফাত যোগদান কৰা খবৰ মিছা বুলি স্থিতি স্পষ্ট কৰিছিল। ২০১৮ৰ ১৯ ডিচেম্বৰত সংযুক্ত মুক্তি বাহিনী, অসম, স্বাধীনে প্ৰেৰণ কৰা বিবৃতিত স্পষ্ট কৰি দিছিল যে আলফা স্বাধীনৰ সাধাৰণ সম্পাদকৰ পদত কাকো নিযুক্তি দিয়া হোৱা নাই। এই বিবৃতিত উল্লেখ কৰিছিল যে- 'হালধীয়া সাংবাদিকতাৰ আত্মপ্ৰতিষ্ঠাৰ শলিয়া দৌৰত বৰ্তি অসমৰ একাংশ তথাকথিত সাংবাদিকে ভাৰতীয় চোৰাংচোৱাৰ হৈ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ বিষয়ে কিছু ভুৱা বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰকাশ/সম্প্ৰচাৰ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত আমি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)এ সংগঠনৰ তৰফৰ পৰা অসমৰ সমূহ স্বাধীনতাকামী থলগিৰি ৰাইজক স্পষ্ট কৰি দিব বিচাৰো যে আমাৰ সংগঠনৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব ও পদবী সাধাৰণ সম্পাদক পদত কাকো নিযুক্তি প্ৰদান কৰা হোৱা নাই।'

ৰেৱতী ফুকনে আলফা (স্বাধীন)ত যোগদান কৰা নাই বুলি স্পষ্ট কৰি দিয়া আলফা (স্বাধীন)ৰ প্ৰেছ বিজ্ঞপ্তিটো…

এই বিবৃতিটোতে ভাৰতীয় চোৰাংচোৱা সংস্থাই স্থানীয় এজেন্টৰ সহযোগত ৰেৱতী ফুকনৰ অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ৰেৱতী ফুকনে আলফা (স্বাধীন)লৈ গৈ সাধাৰণ সম্পাদকৰ পদ লোৱা বুলি চলোৱা প্ৰচাৰ চোৰাংচোৱাৰ পৃষ্ঠপোষকতাতে চলাত অপপ্ৰচাৰ আখ্যা দিয়া হৈছিল।

তাৰ পাছত সময় বাগৰি গ'ল। পৰেশ বৰুৱাই টেলিফোন যোগে সংবাদ মাধ্যমক ৰেৱতী ফুকন তথা তেওঁৰ একালৰ বাল্যবন্ধুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ৰেৱতী ফুকনৰ হত্যাৰ সন্দৰ্ভত প্ৰচাৰিত খবৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পৰেশ বৰুৱাই কৈছিল- 'আমি আচৰিত হৈছো, এয়া ভয়ংকৰ ঘটনা। যদি সঁচা হয়।' তেওঁ আনকি অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰাৰ কথা ৰাজহুৱা কৰিছিল আৰু আৰক্ষী বিষয়াজনে তেওঁৰ আগত নিৰূপায় তথা বিষয়টোত হাত দিব নোৱাৰো বুলি কোৱা বুলি কৈছিল।

ৰেৱতী ফুকন সন্ধানহীন হোৱাৰ সন্দৰ্ভত চৰ্চালৈ আহিছিল ভাস্কৰ বৰা নামৰ এজন আলফা (স্বাধীন)ৰ প্ৰাক্তন সদস্যৰ নাম। ৰ' আৰু আই বিৰে সম্পৰ্ক থকা এই সদস্য জনে ৰেৱতী ফুকনক হত্যা কৰা বুলিও আন একাংশই খবৰ প্ৰচাৰ কৰিছিল। অসম আৰক্ষীৰ তেতিয়াৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই বিষয়টো সন্দৰ্ভত বিশেষ মন্তব্য কৰা নাছিল।

কুলধৰ শইকীয়াই অসম আৰক্ষীৰ বিশেষ শাখাই এই বিষয়টো চোৱাচিতা কৰা বুলি কৈ ৰেৱতী ফুকন সন্দৰ্ভত নিশ্চিত কোনো খবৰ নাই বুলি বিষয়টো সামৰি থৈছিল। আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই ৰেৱতী ফুকনৰ সন্ধানহীনৰ আঁৰত ৰাষ্ট্ৰযন্ত্ৰৰ হাত থকা বুলি উল্লেখ কৰি পৰেশ বৰুৱাক শান্তি আলোচনালৈ আনিবৰ বাবে চেষ্টা চলোৱা ফুকনক আলফা-চৰকাৰৰ শান্তি আলোচনা নিবিচৰা এক শক্তিয়ে হত্যা কৰা বুলিও মত ব্যক্ত কৰিছিল।

এই সকলোবোৰ চৰ্চা আৰু বিভ্ৰান্তিকৰ খবৰৰ মাজতে 'আউট লুক'ত প্ৰকাশিত এক খবৰে ৰেৱতী ফুকনৰ সন্ধানহীনৰ সন্দৰ্ভত নতুন দিশ উন্মোচন কৰিলে। ৰাষ্ট্ৰীয় আলোচনীখনে প্ৰকাশ কৰা 'ULFA Peace Accord Likely In April; Paresh Barua Set For Homecoming After 40 Years' শীৰ্ষক খবৰত লিখিলে যে বড়ো চুক্তিৰ পাছত আলফা-চৰকাৰৰ শান্তি আলোচনালৈ আহিব পৰেশ বৰুৱা। সেই ইংগিত দি কাকতখনে পৰেশ বৰুৱা আৰু চৰকাৰৰ মাজৰ এই বহু প্ৰত্যাশিত আলোচনাৰ পৰিৱেশ ৰচনা কৰাৰ বাবে পৰেশ বৰুৱাৰ বাল্যবন্ধু ৰেৱতী ফুকনে চেষ্টা অব্যাহত ৰখোৱাৰ কথা উল্লেখ কৰিলে।

'আউট লুক'ত প্ৰকাশিত খবৰটোৰ কিয়দাংশ

এই খবৰ প্ৰকাশ হোৱাৰ পাছতে এটা কথাও নিশ্চিত হৈছে যে পৰেশ বৰুৱাক শান্তি আলোচনাৰ মেজলৈ আনিবৰ বাবে মধ্যস্থতাকাৰীৰ ৰূপত ৰেৱতী ফুকন কোনো গোপন স্থানত আছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে আন এক ইংগিত দিছে যে ব'হাগ বিহুৰ আগে আগে আসমৰ ৰাইজে বিহুৰ উপহাৰ লাভ কৰিব।আলফা (স্বাধীন) তথা আন আলফা গোট সমূহৰ সৈতে চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে পৰেশ বৰুৱাও সেই আলোচনাত থাকিব বুলি মুকলিকৈ নক'লেও তেনে এক ধাৰণা দিছে।

পিচিজিৰ সদস্য সকলৰ সৈতে ৰেৱতী ফুকন

পৰেশ বৰুৱাই এই সন্দৰ্ভত পোনপোটীয়াকৈ একো নক'লেও বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে অভিনন্দন জনোৱাটো তাৎপৰ্যপূৰ্ণ। ৰেৱতী ফুকনৰ সন্দৰ্ভত সময় অতিবাহিত হোৱাৰ লগে লগে সকলো পক্ষই ৰহস্যজনক নিমাত স্থিতি গ্ৰহণ কৰিছিল।

'আউট লুক'ৰ এই খবৰৰ আধাৰত ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনৰ সৈতে যোগাযোগ কৰাত কৌশিক ফুকনে ক'লে- 'তেনে এক অনুমান আমি কৰিছিলো। কিন্তু দেউতাই এই সন্দৰ্ভত কেতিয়াও আমাৰ সৈতে যোগাযোগ ৰক্ষা কৰা নাই।'

পুত্ৰ কৌশিক ফুকনে পিতৃৰ ৰহস্যজনক সন্ধানহীন হোৱা ঘটনাৰ তদন্ত চিবিআইৰ জৰিয়তে কৰিবলৈ ২০১৮ৰ ২৯ মে'ত এক আবেদন দাখিল কৰে। সৰ্বোচ্ছ ন্যায়ালয়ত হেবিয়াছ ক'ৰ্পাছ আবেদন কৰিছিল পুত্ৰই। ২২ এপ্ৰিল, ২০১৮ত সন্ধানহীন হোৱা ৰেৱতী ফুকনৰ সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহাই ২৫ এপ্ৰিল, ২০১৮ ত এক সংবাদমেল সম্বোধন কৰিছিল। সেই সংবাদমেলত ৰেৱতী ফুকনৰ সন্ধানহীনৰ সন্দৰ্ভত চিচি টিভি কেমেৰা ফুটেজ সংগ্ৰহ কৰি খবৰ কৰাৰ কথা জনাইছিল।

পুত্ৰই দাখিল কৰা আবেদনৰ ভিত্তিত ১০ জুলাই, ২০১৮ত ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ বিচাৰপীঠে ৰেৱতী ফুকনৰ সন্দৰ্ভত শপতনামা যোগে তথ্য দাখিলৰ নিৰ্দেশ দিয়ে। তাৰ মাজতে আন কিছু খবৰো আহিছিল। সেই সময়তে ৰেৱতী ফুকনৰ সন্দৰ্ভত হোৱাটছএপৰ মেছেজ যোগে হোৱা এক বাৰ্তালাপে সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰিছিল। য'ত ৰেৱতী ফুকনক শ্বিলঙত ৰখা বুলি সন্দেহ কৰা হৈছিল।

ৰেৱতী ফুকন

সন্ধীনহীন হোৱাৰ সময়ত ৰেৱতী ফুকনৰ বয়স আছিল ৬৫ বছৰ। মহানগৰীৰ অম্বিকাগিৰি নগৰত থকা ভাড়াঘৰৰ পৰা সন্ধানহীন হৈছিল ৰেৱতী ফুকন। সেই ভাড়াঘৰটো ইতিমধ্যে তেওঁলোকে এৰি দিছে। পুত্ৰ কৌশিক ফুকন থাকে এতিয়া তিনিচুকীয়াত। একমাত্ৰ কন্যা স্বাগতা ফুকনৰ সৈতে পত্নী ৰেণু ফুকন থাকে পুনেত।

ৰেৱতী ফুকনৰ পত্নী ৰেণু ফুকনে আগ্ৰহেৰে চাই আছে খবৰবোৰ। পুনেৰ পৰাই টেলিফোনিক বাৰ্তালাপত তেওঁ ক'লে- 'খবৰটো শুনি ভাল লাগিছে। দিনবোৰ নাযায় নুপুৱায় লাগিছিল। কিমান দূৰ সঁচা হয় এতিয়া, তাৰ বাবে অপেক্ষা কৰিছো…।'

ৰেৱতী ফুকন সন্ধানহীন হোৱা দিনটোৰ কথা সুঁৱৰি তেওঁ কয়, '২১ এপ্ৰিল, ২০১৮ত তেওঁ পুনেৰ পৰা গৈছিল অসমলৈ। অসুস্থতাৰ বাবে তেওঁ মুম্বাইতে আছিল। গুৱাহাটীলৈ গৈ তেওঁ দিনটোত ১০-১৫ বাৰকৈ ফোন কৰে। কি কৰিছে, ক'ত গৈছে সকলো জনায়। আগতে মৰ্ণিং ৱাক কৰিবলৈ যাওতেও মোবাইলটো লৈ গৈছিল। কিন্তু চকুৰ অলপ প্ৰব্লেম হোৱাত তেওঁ সেইটো নিনিয়া হ'ল। সেইদিনা আমি কেইবাবাৰো ফোন কৰি নাপালো। ভাড়াঘৰত কাম কৰিবলৈ অহা মহিলাগৰাকীক ২৩ এপ্ৰিলৰ দিনা ফোন কৰি ছাৰ ক'ত আছে বুলি সোধোতোহে আমাক ক'লে যে ২২ তাৰিখৰ পৰাই তেওঁ ঘৰত নাই। তাৰ পিছতে দৌৰা দৌৰি লাগিছিল।'

যোৱা দিনবোৰত কোনো লোকে তেওঁৰ সন্দৰ্ভত কিবা তথ্য জনাইছিল নেকি বুলি সোধাত তেনে কোনো যোগাযোগ হোৱা নাই বুলি পত্নী ৰেণু ফুকনে জনালে। বাতৰিৰ পৰাহে তেওঁ গম পাইছে এইবোৰ কথা। ইফালে পুত্ৰ কৌশিক ফুকনে ক'লে- 'দেউতা সন্ধানহীন হোৱাৰ পাছত বহু যোগাযোগ কৰা হৈছিল। বিভিন্ন এজেন্সীৰ কাষলৈ গৈ আমি দেউতাৰ সন্ধানত নামি পৰিছিলো।'

ৰেৱতী ফুকন পূৰ্বৰ পৰাই আলফা-চৰকাৰৰ মাজৰ শান্তি আলোচনাৰ অন্যতম মধ্যস্থতাকাৰী ৰূপে জড়িত হৈ আহিছিল। ৰেৱতী ফুকনৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে এখন বিশেষ পত্ৰ। সেই সময়ৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক খগেন শৰ্মাই তেওঁক দিছিল বিশেষ ক্ষমতা। যি কথা সেই পত্ৰখনত উল্লেখ আছিল।

ইফালে ৰেৱতী ফুকনৰ মধ্যস্থতাকাৰী ৰূপে নিযুক্তি দিবলৈ আহ্বান জনাই হৰেণ বৰগোহাঁইয়ে লিখা এখন পত্ৰও উদ্ধাৰ হৈছিল। পুত্ৰ কৌশিক ফুকনক সোধা হৈছিল তেওঁ সন্ধানহীন হৈ থকাৰ সময়ছোৱাত পৰেশ বৰুৱাৰ সৈতে কথা হৈছিলনে? পৰেশ বৰুৱাই ৰেৱতী ফুকনৰ পুত্ৰ কৌশিকলৈ ফোন কৰিছিল আৰু কৈছিল ধৈৰ্য্য ধৰিবলৈ।

পুত্ৰ কৌশিকৰ সৈতে হোৱা কথা বতৰাত এই কথা বুজা গ'ল যে ৰেৱতী ফুকন যে জীয়াই আছে আৰু এনে এক কামত তেওঁ জড়িত হৈ আছে, তাৰ ইংগিত তেওঁলোকে পাইছিল। আনুষ্ঠানিকভাৱে কৌশিক ফুকনে একো নক'লেও এটা কথা ক'লে যে উচ্চতম ন্যায়ালয়ত দেউতাকৰ সন্ধানহীনৰ সন্দৰ্ভত যি আবেদন দাখিল কৰিছিল, আবেদন দাখিল কৰাৰ কেইদিনমানৰ পিছতে তেওঁলোকে উঠাই লৈছিল সেই আবেদন।

এনেবোৰ দিশ চালিজাৰি চালে দেখা পোৱা যায়, আলফা-চৰকাৰৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ সৈতে ৰেৱতী ফুকন জড়িত হৈ আছে। বিভিন্ন খবৰবোৰৰ মাজত ইয়ো এক সুখবৰ। অৱশ্যে ক'ত আছে ৰেৱতী ফুকন, সেই সন্দৰ্ভত সকলো নিমাত। অসম আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য নাই বুলি জনাইছে। সম্ভৱ চোৰাংচোৱা সংস্থা বা দেশৰ আন এজেন্সীৰ সহযোগত মধ্যস্থতাকাৰীৰ ৰূপত আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবৰ বাবে যোৱা দুটা বছৰ অতি গোপনে অজ্ঞাত স্থানত থাকি ৰেৱতী ফুকনে কাম কৰি গৈছে।

সেই অনুমানে হয়তো সঁচা হ'ব। পুত্ৰ কৌশিক ফুকনে জানিবলৈ দিয়া মতে, ম্যানমাৰ, বাংলাদেশ, চীন আদি ঠাইলৈ ৰেৱতী ফুকন গৈছিল। তেওঁৰ পাৰপত্ৰ চাই পৰিয়ালে সেই কথা গম পাইছে। পৰেশ বৰুৱা শান্তি আলোচনাত ভাগ লয় নে নলয় সেই সন্দৰ্ভত সকলোৱে দৃষ্টি ৰাখিছে। কি চৰ্তত পৰেশ বৰুৱাই আলোচনাৰ মেজলৈ আহিব তাক লৈও চৰ্চা চলিছে। কিন্তু এতিয়ালৈকে পৰেশ বৰুৱাই কোনো কথা কোৱা নাই। ৰেৱতী ফুকনৰ সন্দৰ্ভতো পৰেশ বৰুৱাই দিয়া প্ৰতিক্ৰিয়াত অতি কৌশলপূৰ্ণভাৱে 'যদি তেনে হৈছে' জাতীয় শব্দ আৰু পুত্ৰ কৌশিকক ধৈৰ্য্য ধৰিবলৈ জনোৱা আহ্বানে ৰেৱতী ফুকন যে আলফা-চৰকাৰৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়াত মধ্যস্থতাকাৰীৰূপে জড়িত আছে, তেনে অনুমানেই দৃঢ় হয়। পৰিয়ালৰ আশা, এক সফল বতৰা লৈ পিতৃ ঘুৰি আহিব। যথেষ্ট উদ্বিগ্নতাৰে পত্নীয়ে পাৰ কৰিছে সময়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in