তিলক হাজৰিকাঃ চিৰস্মৰণীয়, চিৰনমস্য…

তিলক হাজৰিকাঃ চিৰস্মৰণীয়, চিৰনমস্য…

মৃদুল কুমাৰ সন্দিকৈ

"চাৰিওফালে দুৰ্গন্ধই বিয়পি পৰিছে। সমাজ, ৰাষ্ট্ৰ ব্যৱস্থা গেলি-পচি উঁৱলি গৈছে।জীৱন বুলিব পৰা এটা প্ৰক্ৰিয়া বিচাৰি নোপোৱা হৈছে। মানুহৰ সুন্দৰতাৰ চিন-চাব আৰু তাৰ উৎকৰ্ষ স্থলীত হেৰাই গৈছে। মাত্ৰ অৱশেষখিনিকে এতিয়াও ধৰি ৰাখিবৰ বাবে আমাক এটা পৰিৱৰ্তন লাগে।

মানুহ বুলিলে আমি যি লোকায়ত সৰ্বজনক বুজো, সেই মানুহ ক্ষত-বিক্ষত হৈছে, হৈছে সৰ্বশ্ৰান্ত। তেওঁলোকৰ পৰা চকুপানী আৰু তেজৰ বৰঙণি কাঢ়ি নি থকা হৈছে। কিয় সেই কথা তেওঁলোকে নাজানে, বুজি নাপায়।কোন বন্ধু আৰু কোন শত্ৰু-কোন মিত্ৰ আৰু কোন ডকাইত তাৰো পৰিচয় নাজানে। ইয়াৰ যেন এটা শেষ নাই সকলোকে ইয়াৰ এটা পৰিৱৰ্তন লাগে এটা বিকল্প লাগে।

কিন্তু কি হ'ব পাৰে সেই পৰিৱৰ্তন? কোন হ'ব পাৰে সেই বিকল্প? কোনো আনি দিব পাৰে সেই পৰিৱৰ্তনৰ বিকল্প? সেই কথাৰো সহজ উত্তৰ কাৰো ওচৰত নাই। যিহেতু সৰ্বসাধাৰণ আৰু লোকায়ত মানুহ পৰনিৰ্ভৰ এটা ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হৈ আহিছে আৰু যাৰ মহিমাময় স্বৰূপ আমি চিৰদিনলৈ নিৰাপদ বুলি বিধিবদ্ধৰূপে চিহ্নিত কৰি লৈছো, সেই সংসদী গণতন্ত্ৰৰ মন্দিৰৰ দুৱাৰদলীতেই মূৰ খুণ্দিয়াইছো গৈ।"

এয়াই আছিল তেওঁৰ ভাষা। সহজ, সৰল শব্দ অথচ ব্ৰহ্মৰ দৰে শক্তিশালী। উপলব্ধিত আছিল বিশাল অভিজ্ঞতা আৰু চিন্তা, চেতনাত প্ৰগতিশীল সমাজবাদৰ মাজেৰে জাতীয় জীৱনক তুলি ধৰাৰ তীব্ৰ অনুশীলন। ঋষিৰ দৰেই তেওঁৰ সততা আৰু নিষ্ঠা।

১৯৯৫ চনৰ ২০ ফেব্ৰুৱাৰীত অসমীয়া প্ৰতিদিনৰ প্ৰথমটো প্ৰস্তাৱনা সংখ্যাত তেওঁ লিখিছিল এটা প্ৰবন্ধ। সেই প্ৰবন্ধৰ শিৰোনাম আছিল 'কেনেকুৱা বিকল্প'। শিতানৰ নাম আছিল তিলক হাজৰিকাৰ কলম। সাংবাদিকতাৰ মাজেৰে সমাজখনক তুলি ধৰা এইগৰাকী বিশিষ্ট সাংবাদিকৰ জন্ম হৈছিল ১৯২১ চনৰ ৩ অক্টোবৰত।

দশম শ্ৰেণীত পঢ়ি থাকোতেই ঘটিছিল এটা ঘটনা। সেই সময়ত দ্বিতীয় বিশ্ব যুদ্ধ চলি আছিল। কলিয়াবৰত তেওঁ অধ্যয়নৰত বিদ্যালয় খনৰ পৰিদৰ্শনৰ বাবে গৈছিল সেই সময়ৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী। বিদ্যালয়খন আজিও ব্যতিক্ৰম। দশম শ্ৰেণীত তেতিয়া এটা বিশেষ ক্লাছ হয়।

সেই ক্লছাটোত দিনটোৰ খবৰবোৰ ছাত্ৰ সকলে নিজৰ মতে উপস্থান কৰে। শিক্ষামন্ত্ৰীয়ে সেই শ্ৰেণী কোঠাত সোমাই সুধিলে কি পঢ়ি আছা তোমালেকে? শ্ৰেণী শিক্ষকগৰাকীয়ে উত্তৰ দিলে এই ক্লাছটো আচলতে দিনটোৰ চৰ্চিত খবৰকলৈ।

তিলক হাজৰিকাই প্ৰতিদিনেই খবৰ কাগজ পঢ়িছিল। তেতিয়া আজিৰ দৰে দিনৰ খবৰ দিনেই পোৱাৰ ব্যৱস্থা নাছিল। আগদিনাৰ খবৰ কাগজত প্ৰকাশ পাইছিল যুদ্ধৰ পৰিসমাপ্তিৰ উদ্দেশ্য দুয়ো পক্ষই আলোচনাত বহাৰ খবৰ।

মন্ত্ৰী গৰাকীয়ে তেওঁক সুধিলে আজিৰ গৰম খবৰ কি আছে। তিলক হাজৰিকাই দ্বিতীয় বিশ্ব যুদ্ধৰ সেই পৰিসমাপ্তিৰ উদ্দেশ্যে দুয়ো পক্ষই আলোচনাত বহাৰ খবৰটো মন্ত্ৰী গৰাকীক জনাইছিল। মন্ত্ৰীগৰাকী আচৰিত হৈ পৰিছিল। ইমান ঘুকুট ঠাইত থাকিও বিশ্বৰ খবৰ ৰাখিছে এই ল'ৰাটোৱে।

মন্ত্ৰী গৰাকীয়ে তেতিয়াই কৈ গৈছিল বোপা তুমি আগলৈ বৰ ডাঙৰ সাংবাদিক হ'বা। সেইয়াই হৈছিল পৰৱৰ্তী সময়ত। নগাওঁ কলিয়াবৰৰ সোণাৰী গাঁৱত জন্মগ্ৰহণ কৰা তিলক হাজৰিকাৰ পিতৃৰ নাম আছিল ঈশধৰ হাজৰিকা। কলিয়াবৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯৪১ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

স্নাতক ডিগ্ৰী গ্ৰহণ কৰিয়েই প্ৰথমে শিক্ষকতাক বৃত্তি হিচাপে বাচি লৈছিল। ১৯৪৯ চনত তেওঁ যোগ দিয়েহি নতুন অসমীয়া কাকতৰ উপ সম্পাদক হিচাপে। তাৰ পাছত সাংবাদিকতাৰ ক্ষেত্ৰখনতেই মৃত্যু পৰ্যন্ত সক্ৰিয়ভাৱে জড়িত হৈ আছিল।

৬ টা দশকৰো অধিক কাল সাহিত্য আৰু সংবাদ ক্ষেত্ৰৰ উৎকৰ্ষ সাধনৰ বাবে নিৰলস ভাৱে কাম কৰি যোৱা তিলক হাজৰিকাৰ মৃত্যু হৈছিল ২০১৬ চনৰ ২২ অক্টোবৰত। তেওঁৰ মৃত্যু কেৱল এজন ব্যক্তিৰে নহয় এটা অধ্যায়ৰ সমাপ্তি আছিল।

অসমৰ সংবাদ জগতক তিলক হাজৰিকাই যি মাত্ৰা প্ৰদান কৰিছিল তাৰ মূল্যায়ন কৰিলে দেখা যায় যে, তেওঁৰ প্ৰতিটো শব্দই সঠিক দিশৰ নিৰ্দেশনাৰে সমাজক বাট দেখুৱাইছিল। ১৯৫৭ চনত তেখেতে যোগদান কৰিছিল অসম বাণীৰ সহকাৰী সম্পাদক হিচাপে। ১৯৮০ চনত অসম বাণীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি ১৯৮৭ চনত অৱসৰ গ্ৰহণ কৰিছিল।

১৯৮৯ চনত সাদিনৰ মুখ্য সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰি মৃত্যু পৰ্যন্ত এই কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্ব লোৱাৰ উপৰি অসমীয়া প্ৰতিদিন কাকতৰ আত্মাস্বৰূপে থাকি ইয়াৰ সম্পাদনা উপদেষ্টাৰ দায়িত্ব লৈছিল। কেৱল সাংবাদিকেই নাছিল, তেওঁ আছিল এজন সমাজ বিজ্ঞানী, সাহিত্যিক।

তেখেতৰ কলমবোৰ আছিল ক্ষুৰৰ দৰে, নিৰপেক্ষভাৱে তেওঁ বিচাৰ কৰিছিল। ইফালে ৰামধেনু যুগৰ পৰাই নিজৰ সৃষ্টিৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল। ৰম্য ৰচনাৰ ক্ষেত্ৰত অসমীয়া সাহিত্যত নতুন ধাৰাৰ সৃষ্টি কৰাৰ লগতে অনুবাদ সাহিত্যতো তেওঁ হাত দিছিল।

ফণীশ্বৰ, নাথ ৰেণুৰ শ্ৰেষ্ঠ কাহিনী, অনুবাদৰ বাবে ১৯৯৬ চনত তেখেত লাভ কৰিছিল সাহিত্য অকাডেমীৰ অনুবাদ বঁটা। ২০০১ চনত অসম সাহিত্য সভাই তেওঁক লক্ষ্ণীনাথ ফুকন সাংবাদিকতাৰ বঁটাৰে সন্মানিত কৰিছিল।

তেওঁৰ সৃষ্টি ৰাজিৰ ভিতৰত আড্ডা, কত কথা, আৱেলিৰ ছাঁ আছিল অন্যতম।আৱেলি ছাঁখন আছিল তেখেতৰ আত্মজীৱনী। য'ত তেওঁ উভতি গৈছিল ৮৫ টা বছৰ আগলৈ। পুৱাই গাঁৱৰ পৰা পোনতে শিলঘাটৰ মাইনৰ স্কুললৈ আৰু তাতেই কিতাপ, বহী থৈ লুইতৰ বুকুৰ দুই মুনি শিল দুটাৰ ওপৰত উঠিবলৈ তড়ানড়া চিঙি দৌৰ দিছিল।

ল'ৰালিত দেখা সামাজিক বৈচিত্ৰই তেওঁক উৎসৰ্গিত সাংবাদিকতাৰ জীৱনত দায়িত্বশীল হবলৈ শিকাইছিল। সেই সততাক তেওঁ কেতিয়াও বিসৰ্জন দিয়া নাছিল। সাংবাদিকতাৰ দৰে ব্যস্ততা পূৰণ কামৰ মাজতো অনুবাদ কৰিছিল মহাশ্বতা দেৱীৰ স্ব-নিৰ্বিচিত গল্প। যিখন প্ৰকাশ কৰিছিল নেচনেল বুক ট্ৰাষ্টে।

৯৬ বছৰ বয়সলৈকে সক্ৰিয় হৈ থকা তিলক হাজৰিকাৰ আদৰ্শ সদায় নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব। অতি সংকটপূৰ্ণ ৰাজনৈতিক আৰু সামাজিক তথা জাতীয় জীৱনৰ সন্ধিক্ষণত তিলক হাজৰিকাই অভিভাৱক ভূমিকা পালন কৰিছিল।

সম্পাদক হিচাপেও তেখেত আছিল সফল আৰু অসমীয়া সংবাদ জগতৰ চিৰস্মৰণীয় হৈ ৰোৱা এজন সাংবাদিক। কোনো দিনেই সাংবাদিকতাৰ এই দীৰ্ঘ সময়ছোৱাত তেওঁ এটা ক'লা দাগ লাগিব দিয়া নাছিল। নিৰ্ভয়ে আৰু অতি কঠোৰ ভাৱে ভদ্ৰ ভাষাত ৰুচীপূৰ্ণ ভাৱে কেনকৈ তেওঁ কলম চলাইছিল সেইয়া সেই সময়ৰ তেখেতৰ স্তম্ভ বোৰ পঢ়িলেই গম পোৱা যায়।

ভাষাত আছিল এক গতি। পতিয়ন যাব পৰাকৈ যুক্তি আৰু আত্মবিশ্লেষণৰ তীব্ৰতা। কোনো পক্ষক তেওঁ সুখী কৰিবলৈ কলম চলোৱা নাছিল। নিৰন্তৰ সেই কলম চলিছিল সমাজৰ আৰু সৰ্বসাধাৰণৰ স্বাৰ্থত। কথা আৰু কামৰ মাজত আছিল মিল। চিন্তা-চেতনাৰ সৈতে ভাৱ আৰু আদৰ্শৰ সেই সমন্বয়ত দায়িত্বশীল সাংবাদিক, সম্পাদক ৰূপে তেওঁ আছিল সমালোচনাৰ উৰ্ধত।

পিতামহ স্বৰূপ তিলক হাজৰিকা নামেই এতিয়া এক আদৰ্শৰ পৰিচায়ক। তেওঁৰ লিখনি স্থায়ীত্ব সদায় আছিল আৰু থাকিব। 'কোনেকুৱা বিকল্প' শীৰ্ষক সেই লেখাতেই আজিৰ পৰা ২৬ বছৰ পূৰ্বেই তেওঁ কৈ যোৱা কথাখিনি আজিৰ প্ৰেক্ষাপটত প্ৰাসংগিক হৈ আছে।৩ অক্টোবৰত তেখেতৰ জন্মদিন। জন্মদিনৰ প্ৰাকক্ষণত এইগৰাকী মহীৰূহ, বিশিষ্ট সম্পাদক, সাংবাদিকক শ্ৰদ্ধাৰে সোঁৱৰিছো।তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত সকলৰ লগতে সমাজৰ বাবে সদায় আশা আৰু প্ৰেৰণাৰ প্ৰতীক হৈ থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in