নিজৰ স্বাৰ্থত নেতাই আৰু কিমান ব্যৱহাৰ কৰিব আৰক্ষীক

নিজৰ স্বাৰ্থত নেতাই আৰু কিমান ব্যৱহাৰ কৰিব আৰক্ষীক

তুষাৰ প্ৰতিম

দেশত এতিয়া প্ৰকৃততে কি চলিছে? আইন, আদালতত কি চলিছে? শাসনত যিয়েই আছে তেওঁৱেই নিজ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে নেকি আৰক্ষী, প্ৰশাসনক? এই প্ৰশ্ন এতিয়া সাধাৰণ লোকৰ মুখে মুখে। সাধাৰণ লোকে দেখি থকা, শুনি থকা চৰকাৰ আৰু আৰক্ষীৰ কিছু কৰ্মকাণ্ডই এই প্ৰশ্নৰ অৱতাৰণা কৰিছে।

কিয়নো ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক যাৰেই যি ইচ্ছা তাকেই কৰাৰ এক পৰিৱেশ সূচনা হৈছে। যিয়েই চৰকাৰৰ বিৰুদ্ধে মুখ খুলিছে তেওঁৰেই মুখ বন্ধ কৰাৰ বাবে চৰকাৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনৰ লগতে বিভিন্ন তদন্তকাৰী সংস্থাক। শাসনত যিয়েই আছে তেওঁৰেই আজ্ঞাবাহী আইন ৰক্ষাকাৰীসকল।

শাসনত থকা সকলৰ ইচ্ছা মতেই আৰক্ষী তথা তদন্তকাৰী সংস্থা পৰিচালিত হোৱা কথাটো এতিয়া আৰু নতুন কথা হৈ থকা নাই। কেন্দ্ৰত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক বিজেপিয়ে নিজৰ স্বাৰ্থত আৰু সমালোচক তথা বিৰোধীৰ মুখ বন্ধ কৰিবলৈ ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

সৌ সিদিনাখন গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে কোকৰাঝাৰত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতেই অসম আৰক্ষীক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছিল। যিটো গোচৰত অসম আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰিছিল সেই গোচৰত জামিন লাভৰ লগে লগেই আন এক গোচৰ ৰুজু কৰি মেৱানীক পুনৰ গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে।

এই গোচৰক কেন্দ্ৰ কৰি দেশজুৰি বিতৰ্কৰ সূচনা হৈছিল। ন্যায়ালয়ে অসম আৰক্ষীক কঠোৰ সমালোচনাও কৰিছিল। জিগনেশ মেৱানীৰ সেই গোচৰক কেন্দ্ৰ কৰি অসম আৰক্ষী কাঠগড়াত উঠিবলগীয়া হোৱাৰ সময়তে পুনৰ পঞ্জাৱ আৰু দিল্লী আৰক্ষী সমুখ সমৰত লিপ্ত হৈছে।

এইবাৰো আৰক্ষীৰ এই সমুখ সমৰৰ কাৰণ এগৰাকী বিধায়ক। গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীয় প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে টুইটাৰত বিতৰ্কিত মন্তব্য কৰাৰ বাবে কোকৰাঝাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। একেদৰে পঞ্জাৱ আৰক্ষী আৰু দিল্লী আৰক্ষীয়েও বিতৰ্কিত মন্তব্য কৰা এগৰাকী বিধায়কৰ বাবেই সমুখ সমৰত লিপ্ত হৈছে।

এগৰাকী বিজেপি বিধায়কৰ বিৰুদ্ধে আম আদমী পাৰ্টি চমুকৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ লগতে হত্যাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগৰ ভিত্তিতেই পঞ্জাৱ আৰক্ষীয়ে দিল্লীৰ পৰা বিজেপি বিধায়ক তজিন্দৰ সিং বাগ্গাক গ্ৰেপ্তাৰ কৰিছে। এই গ্ৰেপ্তাৰৰ লগে লগে সমগ্ৰ বিষয়টো ৰাজনীতি কৰণ হৈ পৰিছে।

এই গ্ৰেপ্তাৰৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ অধীনস্থ দিল্লী আৰক্ষীয়ে পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰিছে। এই ঘটনাৰ পিছতে এতিয়া দেশজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ অসম আৰক্ষী, পঞ্জাৱ আৰক্ষী আৰু দিল্লী আৰক্ষীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিতৰ্কই পূৰ্বৰে পৰা উত্থাপিত হৈ অহা বহু প্ৰশ্নক পুনৰ প্ৰাসংগিক কৰি তুলিছে।

অসম আৰু গুজৰাটত বিজেপিৰ শাসন চলি আছে। পঞ্জাৱ আৰু দিল্লীত চলি আছে আপৰ চৰকাৰ। এই চাৰিওখন ৰাজ্যৰ ভিতৰত কেৱল দিল্লীৰ আৰক্ষীহে ৰাজ্য চৰকাৰ অধীনস্থ নহৈ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ অধীনস্থ। আৰু কেন্দ্ৰত যিহেতু বিজেপি চৰকাৰ আছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ দায়িত্বত আছে গৃহমন্ত্ৰী অমিত শ্বাহ গতিকে স্বাভাৱিকতে এই দুই ঘটনাক কেন্দ্ৰ কৰি বিতৰ্ক অধিক হৈছে।

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে টুইটাৰত বিতৰ্কিত মন্তব্য কৰাৰ বাবে অসম আৰক্ষীয়ে তেওঁক গুজৰাটৰ পৰা আটক কৰিছিল। এই সন্দৰ্ভত কোকৰাঝাৰত ২০ এপ্ৰিলত ৰুজু হোৱা এক গোচৰৰ ভত্তিত অসম আৰক্ষীয়ে সেই দিনাই গুজৰাটৰ পৰা মেৱানীক গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত তেওঁ ২৬ এপ্ৰিলত জামিন লাভ কৰিছিল যদিও পুনৰ অসম আৰক্ষীৰ এগৰাকী মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰিছিল।

বৰপেটা আৰক্ষীয়ে দ্বিতীয়বাৰৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ পিছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল বিতৰ্ক। বহুতেই কৈছিল অসম চৰকাৰে আক্ৰোশমূলক ভাৱে মেৱানীক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আদালতৰ ন্যায়াধীশেও মেৱানীক জামিন প্ৰদান কৰি অসম আৰক্ষীক সমালোচনা কৰিছিল।

কিদৰে আৰক্ষীৰ বেষ্টনিৰ মাজত থকা স্বত্বেও তেওঁ মহিলা আৰক্ষী বিষয়াগৰাকীক দুৰ্ব্যৱহাৰ কৰিলে তাক লৈও প্ৰশ্ন উত্থাপিত কৰাৰ লগতে আৰক্ষীক অভিযানৰ সময়ত পোচাকত চিচি কেমেৰা আৰু বাহনত চিচি কেমেৰা লগাবলৈও পৰামৰ্শ দিছিল। এখন নিম্ন আদালতে এইদৰে অসম আৰক্ষীক সমালোচনা কৰা বিষয়টোও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

দেশজুৰি চৰ্চা হৈছে মেৱানীক মুখ বন্ধ কৰিবলৈকে দুয়োখন ৰাজ্যৰ বিজেপি চৰকাৰে পৰিকল্পিতভাৱে তেওঁক এই হাৰাশাস্তি কৰিলে। আজিও এই বিতৰ্ক অন্ত পৰা নাই। এই বিতৰ্কৰ পাছতে পুনৰ পঞ্জাৱ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ বিতৰ্ক আৰম্ভ হ'ল। দিল্লী আৰু পঞ্জাৱত আছে আপৰ চৰকাৰ। 'কাশ্মীৰ ফাইলছ' নামৰ ছবিখনক কেন্দ্ৰ কৰি অৰবিন্দ কেজৰিৱালে কৰা এক মন্তব্যৰ পিছতে দিল্লীৰ বিজেপি বিধায়ক তজিন্দৰ সিং বাগ্গা কেজৰিৱালক লৈ আক্ৰমণাত্মক হৈ উঠাৰ লগতে তেওঁৰ বিৰুদ্ধে বহু কেইটা বিতৰ্কিত মন্তব্যও কৰাৰ অভিযোগ উঠিছে। সেয়ে পঞ্জাৱৰ আপ চৰকাৰে আক্ৰোশমূলক ভাৱে বিজেপি বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি কাৰ্যকৰ্তাসকলে।

ইফালে দিল্লী আৰক্ষী কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ হোৱাৰ বাবেই গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ মতেই পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰাৰ অভিযোগ উত্থাপিত হৈছে। দিল্লীৰ পৰা পঞ্জাৱলৈ বিধায়ক তজিন্দৰ সিং বাগ্গাক পঞ্জাৱ আৰক্ষীয়ে লৈ যোৱাৰ মাজতে হাৰিয়ানাত পঞ্জাৱ আৰক্ষীক বাধা দিয়া হৈছে। যিকেইজন আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰা হৈছে।

কিন্তু বিতৰ্কিত মন্তব্যৰ বাবেই জিগনেশ মেৱানীক অসম আৰক্ষীয়ে আটক কৰাৰ সময়ত গুজৰাট আৰক্ষীয়ে কোনো বাধা দিয়া নাছিল। অসম আৰক্ষীক সহযোগিতাহে কৰিছিল। দুয়োখন ৰাজ্যত বিজেপি চৰকাৰ থকাৰ বাবেই নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীক গুজৰাটৰ পৰা বিনা বাধাই আটক কৰিবলৈ সক্ষম হৈছিল।

জিগনেশা মেৱানী আৰু তজিন্দৰ সিং বাগ্গাক আৰক্ষীয়ে আটক কৰা এই দুই ঘটনাই এতিয়া দেশজুৰি বহু প্ৰশ্নৰ উত্থাপন কৰিছে। ইফালে অসম আৰক্ষীৰ পৰা ৰক্ষা পোৱা মেৱানী গুজৰাট আৰক্ষীৰ পৰা ৰক্ষা নাপালে। মোডীৰ বিৰুদ্ধে শক্তিশালী কণ্ঠ হিচাপে থিয় দিয়া মেৱানীক ২০১৭ চনৰ এক গোচৰৰ ভিত্তিত ৩ মাহৰ জেললৈ প্ৰেৰণ কৰিছে।

দেশজুৰি কা আন্দোলনৰ সময়ছোৱাত এই খন অসমতে অখিল গগৈৰ লগতে বহু ছাত্ৰ সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। বহু ভুৱা গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেললৈ নিক্ষেপ কৰিছিল। অখিল গগৈৰ উপৰিও আন বহু কেইজনৰ বিৰুদ্ধে দেশদ্ৰোহী আইন জাপি দিয়া হৈছিল। সেইবোৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

একেদৰেই উত্তৰ প্ৰদেশ, হাৰিয়না, পঞ্জাৱ, দিল্লীকে ধৰি বহু কেইখন ৰাজ্যৰ বিৰোধী নেতা তথা সমালোচকৰ বিৰুদ্ধে দেশদ্ৰোহী আইন জাপি দি তেওঁলোকক জেললৈ নিক্ষেপ কৰা হৈছে। নিয়া, চিবিআই আদি চৰকাৰে নিজ ইচ্ছা মতে ব্যৱহাৰ কৰাৰ অভিযোগ আছে। চৰকাৰৰ বিৰুদ্ধে যিয়েই মাত মাতিছে তেওঁৰ বিৰুদ্ধেই বিভিন্ন ভুৱা গোচৰ জাপি দিয়া হৈছে।

এইদৰে এতিয়া দেশত যাৰেই ইচ্ছা সিয়েই আইন, আৰক্ষীক নিজৰ মতে ব্যৱহাৰ কৰিছে। বিজেপিয়ে প্ৰথমৰে পৰা বিৰোধী তথা সমালোচকৰ মুখ বন্ধ কৰিবলৈ যি কৌশল অৱলম্বন কৰিছিলে সেই কৌশল এতিয়া আপে বিজেপিৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে বুলি মানুহে মুকলিকৈ ক'বলৈ আৰম্ভ কৰিছে। সামাজিক মাধ্যমত এই বিষয়ে চৰ্চা হৈছে। মানুহে কৈছে  'বালিলৈ যিপাত, সুগ্ৰীৱলৈও সেইপাত'।

এই প্ৰক্ৰিয়া কিন্তু ৰাজ্য তথা দেশৰ বাবে একেবাৰেই শুভ লক্ষণ নহয়। এই প্ৰক্ৰিয়া শীঘ্ৰেই বন্ধ নহ'লে দেশৰ আৰক্ষী তথা বিভিন্ন তদন্তকাৰী সংস্থাসমূহৰ ওপৰত যে মানুহৰ আস্থা সম্পূৰ্ণৰূপে নোহোৱা হ'ব সেই কথা ৰাজনৈতিক নেতাবোৰে বুজি পোৱা উচিত। আজি তেওঁলোকে যি পন্থা অৱলম্বন কৰিছে সেই একেই পন্থাই যে পৰৱৰ্তী সময়ত তেওঁলোকৰ বিৰুদ্ধে আন কোনোবাই ব্যৱহাৰ নকৰিব তাৰ কোনো নিশ্চয়তা নাই। সময় থাকোতেই সকলো ঠিক কৰাটো অত্যন্ত জৰুৰী।

বিজেপি নেতা তজিন্দৰ সিং বগ্গাক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল পঞ্জাব আৰক্ষীয়ে। কিন্তু তাৰ পাছতে দিল্লী আৰক্ষীয়ে বাধাৰ সৃষ্টি কৰে। ঘটনাটোক ৰাজনৈতিক ৰূপ দি দিল্লী আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ সন্মুখত ভেটা বান্ধিছে। হাৰিয়ানাৰ কুৰুক্ষেত্ৰত তজিন্দৰ বগ্গাক লৈ নিয়া পঞ্জাব আৰক্ষীৰ এখন বাহনক বাধা দিয়া হয়। উল্লেখ্য যে, বাগ্গাৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

পঞ্জাব আৰক্ষীয়ে বিজেপি নেতা তাজিন্দৰ পাল বাগ্গাক গ্ৰেপ্তাৰ কৰাটোৱে এক ৰাজনৈতিক সংঘাতৰ ৰূপ লোৱাটো উদ্বেগৰ বিষয় হৈ পৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে অপহৰণৰ এটা গোচৰ ৰুজু কৰাটোও সকলোকে চমকিত কৰা ঘটনাত পৰিণত হৈছে। গ্ৰেপ্তাৰ কৰা আৰক্ষীসকলৰ বিৰুদ্ধে গোচৰটো পঞ্জীয়ন কৰা হৈছে। 

উল্লেখ্য যে, ১ এপ্ৰিলত বিজেপি নেতা বগ্গাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। তেওঁক উচতনিমূলক মন্তব্য দিয়া, শত্ৰুতা বৃদ্ধি কৰা আৰু অপৰাধমূলক ভাবুকি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। দৰাচলতে, 'কাশ্মীৰ ফাইলছ' নামৰ চলচ্চিত্ৰখন সন্দৰ্ভত দিয়া বক্তব্যক লৈ বগ্গাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in