ৰহস্যত ৬ জুলাই! উমৰাংছুত জটিল অংকৰে সহজ লক্ষ্য হ’ল ৫ ট্ৰাক চালক…

ৰহস্যত ৬ জুলাই! উমৰাংছুত জটিল অংকৰে সহজ লক্ষ্য হ’ল ৫ ট্ৰাক চালক…

মৃদুল কুমাৰ সন্দিকৈ

"নিশা আমি লংকালৈ গৈ আছিলো। ৮ টা বাজি গৈছিল তেতিয়া। ৮ঃ৩০ মান হৈছিল নেকি! চাৰিওফালে হাবি। দৈয়াং বনাঞ্চলৰ মাজত হঠাত কেইবাজনো বন্দুক লোৱা ল'ৰাই আমাক ঘেৰি ধৰিছিল। গাড়ী ৰখাবলৈ নিৰ্দেশ দিছিল। আমি গাড়ী ৰখোৱাৰ লগে লগেই কোনো কথা নোকোৱাকৈ যেনি-তেনি গুলী মাৰিছিল। মোৰ ভৰিত গুলী লাগিল। তথাপিও মই দৌৰিলো। তাৰ পাছত মই চিঞঁৰ শুনিছিলো আৰু জুই দেখিছিলো।"

– এই স্বীকাৰোক্তি লালবজাৰত আক্ৰমণৰ সন্মুখীন হোৱা ফাৰুক হুছেইনৰ। কোনোমতে প্ৰাণ বচাই বৰ্তমান নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ফাৰুকে এইদৰে ঘটনাৰ বিৱৰণী দিছিল। নিজেই বিশ্বাস কৰিব পৰা নাছিল যে তেওঁ বাচিব।

আকৌ অশান্ত হৈ পৰিছে ডিমা হাছাও। নেতা আৰু উগ্ৰপন্থীৰ মধুচন্দ্ৰিকাই অঞ্চলটোলৈ বাৰে বাৰে কঢ়িয়াই আনে অশান্তিকৰ পৰবেশ। ৯০ দশকৰ পৰাই অশান্ত হৈ পৰা ডিমা হাছাওত ডি এইছ ডিকে ধৰি সৰু ডাঙৰ উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত ভৱা হৈছিল তালৈ এক সুস্থ পৰিবেশ ঘূৰি আহিব।

সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা ডিমা হাছাওত পুনৰ জ্বলিল অশান্তিৰ জুই। ডিয়ুংমুখ থানাৰ অন্তৰ্গত লালবজাৰত বৃহস্পতিবাৰৰ নিশা ৮ঃ৩০ বজাকত সংঘটিত হ'ল আন এক কূটাঘাট। উমৰাংছুত থকা ডালমিয়া চিমেণ্টৰ মুখ্য উৎপাদন গোটৰ পৰা লংকালৈ কয়লা আৰু ক্লিংকাৰ কঢ়িয়াই নিয়াৰ পথত সন্দেহযুক্ত উগ্ৰপন্থীয়ে আক্ৰমণ চলাইছিল।

এই আক্ৰমণত ট্ৰাক কেইখনৰ ৫ চালক, হেণ্ডিমেনৰ মৃত্যু হয়। মৃত্যু হোৱা চালক, হেণ্ডিমেনসকল ক্ৰমে গৌৰ মজুমদাৰ, আজগৰ আলী, ছিকন্দৰ আলী, দিলোৱাৰ হুছেইন আৰু ধৰ্মেন্দ্ৰ কুমাৰ প্ৰসাদ। ইয়াৰ পূৰ্বেও উক্ত স্থানতেই অনুৰূপ ঘটনা সংঘটিত হৈছিল। সেয়া আছিল ২০০৮ চনৰ অক্টোবৰ মাহৰ কথা।

বিনয় চিমেণ্টৰ সামগ্ৰী পৰিবাহী ট্ৰাকৰ ওপৰত চলিছিল। আজিৰ ডালিমিয়া চিমেণ্টৰ তেতিয়াৰ নাম আছিল বিনয় চিমেণ্ট। সেই সময়ত সক্ৰিয় হৈ থকা ডি এই ডি (জে)নামৰ উগ্ৰপন্থী সংগঠনে আক্ৰমণ চলাইছিল। এই আক্ৰমণত ১১ জনকৈ লোকৰ মৃত্যু হোৱাৰ উপৰিও বহু কেইজনক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

সেই সময়ত বৰ্তমান ডিমা হাছাও স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী পদত থকা ডেনিয়েল ডিমাছা ওৰফে দেবুলাল গাৰ্লোছা এই আক্ৰমণৰ আঁৰত থকা বুলি চৰ্চা হৈছিল।কিয়নো তেতিয়া তেওঁক ডি এইছ ডি (জে)ৰ উপ- অধিনায়ক আছিল।

পৰৱৰ্তী সময়ত ২০০৯ চনৰ ২ অক্টোবৰত এই উগ্ৰপন্থী সংগঠনে অস্ত্ৰ বিৰতি ঘোষণা কৰে। তাৰ পাছত ২০১২ চনত নিৰঞ্জন হোজাইৰ নেতৃত্বাধীন ডি এই ডিৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল চৰকাৰে। পৰৱৰ্তী সময়ত এইসকল উগ্ৰপন্থী নেতাই ডিমা হাছাওৰ শাসন লাভ কৰে।

বৰ্তমান ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ পদত থকা দেবুলাল গাৰ্লোছাই যোৱা ৬ জুলাইত উপস্থিত হৈছিলগৈ উমৰাংছুত থকা ডালমিয়া চিমেণ্টৰ মুখ্য কাৰ্যালয়ত। প্ৰাপ্ত তথ্য মতে ডালমিয়া চিমেণ্ট কৰ্তৃপক্ষৰ সৈতে দেবুলাল গাৰ্লোছাৰ দীৰ্ঘসময় ধৰি আলোচনা চলিছিল। ব্যক্তিগত খণ্ডৰ এই চিমেণ্ট কোম্পানীটোত বৃহস্পতিবাৰৰ আক্ৰমণৰ পূৰ্বে গাৰ্লোছাই গৈ কি আলোচনা কৰিছিল সেয়াও এক সন্দেহৰ বিষয় হৈ পৰিছে।

ডি এন এলে চিমেণ্ট কোম্পানীটোক ধন দাবী কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পোৱাৰ পাছত ইয়াক লৈ ডিমা হাছাওৰ মুখ্যম কাৰ্যবাহী বিষয়াগৰাকীয়ে সেই আলোচনাত দৰ-দাম চলাইছিল নেকি বুলিও প্ৰশ্ন উঠিছে। এনে খবৰো এতিয়া আহিছে যে সেই আলোচনা বৰ সৌহাদ্য পূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা নাছিল। কিহৰ বাবে আলোচনা সৌহাদ্য পূ্ৰ্ণ হোৱা নাছিল সেয়াও এতিয়া বৃহস্পতিবাৰৰ আক্ৰমণৰ পাছত তদন্তৰ আন এক বিষয় হৈ পৰিছে।

ডিমা হাছাওৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ সৈতে সদায় উগ্ৰপন্থী সংগঠনৰ সম্পৰ্ক সৰ্বজনবিদিত। তেনে সম্পৰ্কৰ পৰিনতিতেই ৰহস্যজনক পৰিস্থিতিত পুৰ্নেন্দু লাংথাছা আৰু নিন্দু লাংথাছাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। শাসনত থকা ডিমা হাছাওৰ ৰাজনৈতিক নেতাসকলৰ উগ্ৰপন্থী সংগঠনৰ সৈতে থকা সম্পৰ্ক নতুন কথা নহয়। যি দলৰে শাসন নাথাকক কিয় অঞ্চলটোত নেতা আৰু উগ্ৰপন্থী সংগঠনৰ মাজৰ সনাপিটিকা এক স্বাভাৱিক ঘটনা।

এসময়ত উগ্ৰপন্থী সংগঠনক নেতৃত্ব দিয়া কেইবাজনো বিদ্ৰোহী নেতাই পৰৱৰ্তীসময়ত স্বায়ত্বশাসিত পৰিষদৰ ক্ষমতাও দখল কৰিছে। ডি এইছ ডিৰ সৈতে হোৱা চুক্তিৰ পাছত নিৰঞ্জন হোজাইয়ে ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হৈছিল। কিন্তু তেওঁ এই পদবীত ডেৰ বাছৰ মানহে থাকিবলৈ পালে। তাৰ পাছত দেৱজিত থাওছেনে এই পদবী দখল কৰে। কিন্তু তেওঁ বেছিদিন এই পদত নাথাকিল। তাৰ পাছতেই দেবুলাল গাৰ্লোছাৰ জৰিয়তে বিজিপিয়ে ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ দখল কৰিছিল।

কেইদিনমান ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহীৰ দায়িত্বত থকা দেবুলাল গাৰ্লোছাই গেৰুৱা বসন পিন্ধি ২০১৯ ৰ ২১ জানুৱাৰীত ভোটগণনা হোৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰি ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী হয়। ২০১৯ৰ ৩১ জানুৱাৰীত শপত গ্ৰহণ লৈছিল গাৰ্লোছাই। তাৰ পাছৰে পৰা উক্ত পদবীত কাৰ্যনিৰ্বাহ কৰি থকা গাৰ্লোছাৰ বিৰুদ্ধে ২০০৬ চনত সংঘটিত পুৰ্নেন্দু লাংথাছা আৰু অন্যান্য সকলক হত্যাৰ অভিযোগনামাত তেওঁৰ নাম থকাৰ পাছতো বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সমৰ্থনত একালৰ উগ্ৰপন্থী নেতাজনে এই দায়িত্ব গ্ৰহণ কৰিয়েই আছে।

কেইবাটাও হত্যাৰ গোচৰত অভিযুক্ত গাৰ্লোছাৰ বিৰুদ্ধে আদালতত গোচৰ চলি থকাৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো লক্ষ্যণীয়। ডিমা হাছাওত শান্তি প্ৰক্ৰিয়া স্থাপনৰ বাবে প্ৰায়বোৰ বিদ্ৰোহী সংগঠনৰ সৈতে চৰকাৰে শান্তি চুক্তি কৰা বুলি ঘোষণা কৰিলেও এনে চুক্তি স্বাক্ষৰ কৰাৰ পাছতে আন এক নতুন সংগঠনে আত্মপ্ৰকাশ কৰে। বৰ্তমান এই সংগঠনটোৱে ডিমা হাছাওত সক্ৰিয় হৈ থকাৰ লগতে এনে কুটাঘাটমূলক কাৰ্য সংঘটিত কৰি গৈছে।

উল্লেখযোগ্য যে ২০১৯ চনৰ ১৫ এপ্ৰিলত ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডি এন এল এয়ে আত্মপ্ৰকাশ কৰিছিল। ১৯৯১ চনত ডিমা হাছাওত গঠন হৈছিল ডিমাছা নেচনেল চিকিউৰিটি ফৰ্চ। পৰৱৰ্তী সময়ত ডি এইছ ডি, ব্লেক উইডো আদি বিভিন্ন উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ আৰু ৰাজনৈতিক নেতাৰ এই সংগঠন সমূহৰ সৈতে সম্পৰ্ক লক্ষণীয় আছিল।

চলিত বৰ্ষৰে মে'ত ডি এন এল এৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলোৱা অভিযানত ডি এন এলৰ ৬ জনকৈ সদস্যৰ মৃত্যু হৈছে। বৰ্তমান প্ৰাকৃতি সম্পৰ্কৰে ভৰপূৰ এই অঞ্চলটোত উগ্ৰপন্থী সংগঠনসমূহে ব্যাপকহাৰত ধন সংগ্ৰহৰো অভিযোগ আছে। বিশেষকৈ চিমেণ্ট কোম্পানীসমূহলৈ চলাচল কৰা ট্ৰাকৰ পৰা ট্ৰাকে প্ৰতি ৩ হাজাৰ, ৫ হাজাৰ, ৭ হাজাৰ টকাকৈ সংগ্ৰহ কৰে বুলি এক সূত্ৰত প্ৰকাশ।

৬ জুলাইত দেবুলাল গাৰ্লোছাৰ সৈতে ডালমিয়া চিমেণ্টৰ কৰ্তৃপক্ষৰ আলোচনা আৰু ২৬ জুলাইৰ নিশা লালবজাৰত এই কোম্পানীটোৰ সামগ্ৰী পৰিবহন কৰা ট্ৰাকৰ ওপৰত চলোৱা আক্ৰমণৰ মাজত কি সম্পৰ্ক আছে সেই ৰহস্যভেদ অসম আৰক্ষীয়ে কৰাটো সম্ভৱ নহ'ব। ইয়াৰ তদন্ত নিয়া বা চি বি আইয়ে ল'লে এই আক্ৰমণৰ আঁৰত কোন সেয়া ফাদিল হ'ব।

৬ জুলাইত ডালমিয়াৰ সৈতে কিহৰ আলোচনা চলিছিল দেবুলাল গাৰ্লোচাৰ…

ডিমা হাছাওত এতিয়া কি চলিছে, তাক লৈ কোনো সচেতন নহয়। সাধাৰণ ৰাইজৰ অভাৱ, অভিযোগতকৈ ক্ষমতাকেন্দ্ৰিক যুঁজ বাগৰৰ এনে ৰহস্যজনক অংকৰ পৰিণতিত সদায় সংঘাট আৰু বধ্যভূমিলৈ পৰিণত হৈছে।

আঁৰৰ মানুহবোৰ সদায় আঁৰত ৰৈ যায়। অভিযোগৰ আঙুলি উঠাৰ পাছত সেই অভিযোগৰ সত্যতা নিৰূপণৰ বাবেই এতিয়া উচিত তদন্তৰ প্ৰয়োজন হৈ পৰিছে। আৰক্ষীয়ে কেৱল ইয়াৰ আঁৰত সন্দেহজনক ডি এন এল এৰ উগ্ৰপন্থীৰ হাত আছে বুলি ক'লেই নহ'ব। ইয়াৰ শিপা কলৈকে আছে তাকো বিচাৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in